5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

USTM য়ে ‘ফ্লাড জেহাদ’ৰ বাপ কৰি আছে, তাত সোমালে মক্কাত সোমোৱা যেনহে লাগেঃ মুখ্যমন্ত্ৰী

STMত সোমালে USTMসোমাইছো নে মক্কাত সোমাইছো ধৰিবই নোৱাৰি। তাত এটা বিশেষ ধৰ্ম আছে, গতিকে এয়া জেহাদে। তাত সৰ্ব ধৰ্মৰ গেট থাকিব লাগে।

USTM য়ে ‘ফ্লাড জেহাদ’ৰ বাপ কৰি আছে, তাত সোমালে মক্কাত সোমোৱা যেনহে লাগেঃ মুখ্যমন্ত্ৰী
হিমন্ত
Follow Us
barasha-sarma
Barasha Sarma | Published: 12 Aug 2024 16:24 PM

বানপানী সন্দৰ্ভত পুনৰ ইউ এছ টি এমক জগৰীয়া কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইদিনমান পূৰ্বে গুৱাহাটীত হোৱা কৃত্ৰিম বানৰ বাবে বিশ্ববিদ্যালয়খনক জগৰীয়া কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছিল যে USTM ৰ মালিকে পাহাৰসমূহ কাটি ধ্বংস কৰিছে। যাৰ বাবে গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। USTM ৰ মালিকে “ফ্লাড জেহাদ” চলাই থকা বুলি অভিযোগ উত্থাপন কৰিছিল শৰ্মাই। তেওঁ কৈছিল যে অসমৰ ল’ৰা- ছোৱালী তালৈ পঢ়িব যাব নালাগে।

সোমবাৰে পুনৰ USTM ৰ বিৰুদ্ধে মত পোষণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়, “USTM ৰ মালিকজন হিন্দু হ’লে কংগ্ৰেছে কি কৰিলে হয়?  প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কৈ গৈছে গুৱাহাটীত বানপানী হোৱাৰ কাৰণ। সেই কথাটোকে মই পুনৰ এবাৰ কৈছো। তাৰ বাবে মোক গালি দিব। মই কি বেণ্ড পাৰ্টি নেকি? ঢোল নেকি যে যাৰ যি ইচ্ছা তেনেকৈ কোবাই থাকিব? USTMয়ে জেহাদৰ বাপ কৰি আছে। আমাৰ শিক্ষা ব্যৱস্থা ধ্বংস কৰি আছে। হিমন্ত বিশ্ব শৰ্মা থকালৈকে ইয়াৰ বিৰোধিতা কৰি যাব। নহ’লে সকলোৱে গৈ তাতে আত্মসমৰ্পন কৰিব”।

শৰ্মাই কয় যে, মই কংগ্ৰেছ দলত প্ৰশ্ন কৰিছো যদি USTMৰ মালিক হিন্দু হ’লে কি কৰিলেহেতেন? তৰুন গগৈ ডাঙৰীয়াই পূৰ্বতে কৈ গৈছিল যে গুৱাহাটীত বানপানী হোৱাৰ মূল কাৰণ যোৰাবাট। এতিয়া কংগ্ৰেছে, গৌৰৱ গগৈয়ে মোক গালি দিছে। বাপেকে কোৱা কথা পুতেকে ভুল বুলি কলে মই কি কৰিব পাৰো?  সকলোতে ৰাজনীতি কৰিলে নচলিব। মুছলিম হ’লেই সংৰক্ষণ দিব লাগিব বুলি থকা ভাৱ ধাৰণাৰ পৰা আঁতৰিব লাগিব। USTMৰ মালিক হিন্দু হ’লে ইমান চিঞৰ- বাখৰ নহ’লেহেতেন।শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথাৰ উল্লেখ কৰি কয় যে, তৰুণ গগৈয়ে গুৱাহাটী বানপানীৰ বাবে অখিল গগৈকো জগৰীয়া কৰি গৈছে।

ভূপেন বৰাক আমন্ত্ৰণ জনাই শৰ্মাই কয় যে, এইবাৰ বৰষুণ দিলে ভূপেন বৰা যোৰাবাটলৈ ওলাওক। তেতিয়া দেখিব পানী আহে নে নাই। যুৱৰাজে পানীত কষ্ট পাব বাবে তেওঁ আমন্ত্ৰণ নজনাই বুলি কয়। USTM সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এয়াও কয় যে, USTMত সোমালে USTMসোমাইছো নে মক্কাত সোমাইছো ধৰিবই নোৱাৰি। তাত এটা বিশেষ ধৰ্ম আছে, গতিকে এয়া জেহাদে। তাত সৰ্ব ধৰ্মৰ গেট থাকিব লাগে।

তেওঁ কয় যে, চল কৰি USTMৰ মালিকে পাহাৰসমূহ গুৱাহাটীৰ পিনেহে কাটি দিছে, মেঘালয়ৰ পিনে কাটি দিয়া নাই। সাংবাদিকসকলকো জাতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। এনে হ’লে এদিন দিগদাৰ হ’ব বুলি কয় শৰ্মাই। লগতে কয় যে, তেওঁ থকা দিনলৈকে এনে কামসমূহৰ বিৰোধিতা কৰি যাব।

Latest News