শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৌৰৱ গগৈৰ পাছপোৰ্টত পাকিস্তানৰ ষ্টাম্প! মুখ্যমন্ত্ৰীয়ে ক’লে, এয়া ৰাষ্ট্ৰ বিৰোধী…

কিয় পাকিস্তানলৈ গৈছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্তি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, পাকিস্তানলৈ যোৱা দেশ বিৰোধী। এতিয়ালৈকে তেওঁলোকে এই কথা স্বীকাৰ কৰিব পৰা নাই।

গৌৰৱ গগৈৰ পাছপোৰ্টত পাকিস্তানৰ ষ্টাম্প! মুখ্যমন্ত্ৰীয়ে ক’লে, এয়া ৰাষ্ট্ৰ বিৰোধী…
গৌৰৱ গগৈ-হিমন্ত বিশ্ব শৰ্মাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 31 Mar 2025 17:56 PM

গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সংযোগৰ বিষয়টোৰ ওপৰত চৰ্চা এতিয়ালৈকে মাৰ যোৱা নাই। এই সন্দৰ্ভত সোমবাৰে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, পাছপোৰ্টত কোনোৱে ৰাজনীতি কৰি ষ্টাম্প লগাব নোৱাৰে। যেতিয়া কোনোৱে পাকিস্তানত যায় তেতিয়াহে ষ্টাম্প মাৰে। ইয়াৰোপৰি হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰে যে, পাকিস্তানলৈ যোৱা নাই বুলি ক’বৰ বাবে গৌৰৱ গগৈয়ে কিয় সাহস পোৱা নাই?

সাংবাদিকৰ সৈতে হোৱা কথোপকথনক শৰ্মাই কয় যে, “কাৰোবাৰ পাছপোৰ্টৰ ষ্টাম্পটো মই ৰাজনীতি কৰি মাৰি দিব পাৰিম নেকি?  মই ইমান পাৱাৰফুল মানুহ নহয় যে এনেকৈ পাছপোৰ্টত ষ্টাম্প মাৰিব পাৰিম। আপুনি গ’লেহে আপোনাৰ পাছপোৰ্টত ষ্টাম্প থাকিব। আজিলৈকে তেওঁলোকে যোৱা নাই বুলি ক’বলৈ সাহস কৰা নাই”।

ইয়াৰোপৰি এয়া দেশ বিৰোধী কাণ্ড বুলি উল্লেখ কৰি শৰ্মাই কয় যে, “পাকিস্তানত যোৱা মানে দেশ বিৰোধী। আমাৰ ভাৰতীয় ক্ৰিকেট দল পাকিস্তানত নাযায়। কেতিয়াবা কোনোবা কামত যাব, ফটো উঠি যাব। মনে মনে কিয় যাব। যদি মই মনে মনে পাকিস্তানত যাওঁ মোক এৰি দিব নেকি। যদি মই ৭ দিন পাকিস্তানত থাকি আহো আৰু আপোনালোকে গম পাই মই  গৈছো, তেন্তে মোক কোনে এৰি দিব”।  ইয়াৰোপৰি এই সন্দৰ্ভত এলিজাবেথৰ সংযোগৰ ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি শৰ্মাই কয় যে এই সন্দৰ্ভত তদন্ত চলি আছে।

উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে বহু গুৰুত্বৰ অভিযোগ উত্থাপন হৈ আহিছে। এই সন্দৰ্ভত অভিযোগ উত্থাপন হৈছিল যে বিবাহৰ পূৰ্বে তেওঁ পাকিস্তানত বহু সময়ত কটাইছিল। ইমানেই নহয়, সেই সাংসদগৰাকীৰ পত্নীয়ে ১২ বছৰ পাছতো গ্ৰহণ কৰা নাই ভাৰতীয় নাগৰিকত্ব।

সামাজিক মাধ্যমত এদিন শৰ্মাই লিখিছিল যে-  “কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। আই এছ আইৰ সৈতে সম্পৰ্কৰ অভিযোগ, ব্রেইনৱাছ কৰি যুৱক-যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল’বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত উঠা প্রশ্নসমূহৰ উত্তৰ দিব লাগিব। তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধর্মান্তৰকৰণ জোঁটত অংশগ্ৰহণ আৰু জৰ্জ ছৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূর্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি। কিছু ক্ষেত্রত দায়বদ্ধতাৰ প্ৰয়োজন হয়। কেৱল দায়িত্বচ্যুত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানান্তৰ কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব। আজি দেশে লুকঢাক নোহোৱাকৈ প্ৰকৃত সত্যক জানিবলৈ বিচাৰে”।

এই সমগ্ৰ অভিযোগৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈয়ে দিছিল আৰু পৰৱৰ্তী সময়ত দুয়োৰে মাজত বাকযুদ্ধ চলিছিল। বৰ্তমান এই সমগ্ৰ বিষয় সন্দৰ্ভত এছ আই টিয়ে তদন্ত কৰি আছে।

 

 

অন্য খবৰ পঢ়কঃ সাংসদ পত্নীৰ ISI ৰ সৈতে সম্পৰ্ক, ১২ বছৰে লোৱা নাই ভাৰতীয় নাগৰিকত্বঃ হিমন্ত বিশ্বৰ ডাঙৰ অভিযোগ

অন্য খবৰ পঢ়কঃ এগৰাকী সাংসদে সাক্ষাৎ কৰিছিল পাকিস্তানী বিষয়াক, পত্নীৰ আছিল পাকিস্তানৰ সৈতে সু-সম্পৰ্কঃ হিমন্ত বিশ্ব