যোৱা ৩ বছৰত বেদখলমুক্ত হ’ল অসমৰ ১৬,৭৭৬ হেক্টৰ ভূমি ! এই তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে
Himanta Biswa Sarma: বনাঞ্চল আৰু ৰাজহ উভয় ভূমিৰ পৰা বেদখলকাৰীক আঁতৰোৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ সফলতাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ তথ্য দাঙি ধৰি কয়, যোৱা তিনি বছৰত ১৬,৭৭৬ হেক্টৰ মাটি বেদখলমুক্ত কৰা হৈছে । ইয়াৰ ভিতৰত ৯,৬৪৬ হেক্টৰ বনাঞ্চল আৰু ৭,১৩০ হেক্টৰ ৰাজহ ভূমি আছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই ।
অসম চৰকাৰৰ ভূমি সংশোধন আৰু বেদখল বিৰোধী প্ৰচেষ্টাৰ খতিয়ান দাঙি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যম এক্সৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, গৰাখহনীয়াৰ বিৰুদ্ধে যুঁজ দিয়া আৰু অবৈধ বসতিপ্ৰধান লোকক আঁতৰোৱাৰ ক্ষেত্ৰত অসম চৰকাৰে যথেষ্ট সফলতা লাভ কৰিছে ।
মুখ্যমন্ত্ৰী গৰাকীয়ে এক্স হেণ্ডেলত উল্লেখ কৰা তথ্য অনুসৰি, জলসম্পদ বিভাগ আৰু মিছিং স্বায়ত্তশাসিত পৰিষদে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পৰা প্ৰায় ১০,৮৪৩ হেক্টৰ ভূমি ৰক্ষা কৰিছে । বিগত তিনি বছৰত বগীবিল দলঙৰ তলৰ ফালে ৰূপায়ণ কৰা খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ জৰিয়তে এই সফলতা লাভ কৰা কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
What have we done for Assam? Over the years, we only lost land due to erosion. In the last 3 years, the Water Resources Department and Mising Autonomous Council implemented anti-erosion and pro-siltation measures downstream of Bogibeel Bridge, reclaiming 10,843 hectares from the…
— Himanta Biswa Sarma (@himantabiswa) July 20, 2024
এই তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘আমি অসমৰ বাবে কি কৰিছো ? বছৰ বছৰ ধৰি আমি কেৱল খহনীয়াৰ বাবেহে মাটি হেৰুৱালোঁ। যোৱা ৩ বছৰত জলসম্পদ বিভাগ আৰু মিছিং স্বায়ত্তশাসিত পৰিষদে বগীবিল দলঙৰ তলৰ ফালে খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি ব্ৰহ্মপুত্ৰৰ পৰা ১০,৮৪৩ হেক্টৰ মাটি পুনৰ উদ্ধাৰ কৰে।’
ইফালে বনাঞ্চল আৰু ৰাজহ উভয় ভূমিৰ পৰা বেদখলকাৰীক আঁতৰোৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ সফলতাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ তথ্য দাঙি ধৰি কয়, যোৱা তিনি বছৰত ১৬,৭৭৬ হেক্টৰ মাটি বেদখলমুক্ত কৰা হৈছে । ইয়াৰ ভিতৰত ৯,৬৪৬ হেক্টৰ বনাঞ্চল আৰু ৭,১৩০ হেক্টৰ ৰাজহ ভূমি আছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই ।
Many people ask what we’ve done to secure Assam’s future. Here’s a simple example: In the last 3 years, the government has evicted encroachers and cleared 16,776 hectares of land, including 9,646 hectares of forest land and 7,130 hectares of revenue land. Who were the…
— Himanta Biswa Sarma (@himantabiswa) July 20, 2024
শৰ্মাই এক্স হেণ্ডেলত পোষ্ট শ্বেয়াৰ কৰি কয়,’বহুতে প্ৰশ্ন কৰে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমি কি কৰিলোঁ। ইয়াৰ এটা সহজ উদাহৰণ দিয়া হ’ল: যোৱা ৩ বছৰত চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰি ১৬,৭৭৬ হেক্টৰ ভূমি মুক্ত কৰিছে । য’ত ৯,৬৪৬ হেক্টৰ বনাঞ্চল আৰু ৭,১৩০ হেক্টৰ ৰাজহ ভূমিও আছে। বেদখলকাৰী কোন আছিল? উত্তৰ দিয়াৰ প্ৰয়োজন নাই।’