অৰুণোদয় আঁচনিৰ ধন লৈ বিপদত এইসকল চৰকাৰী কৰ্মচাৰী, হ’ব বিভাগীয় তদন্ত
সোমবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, অবৈধভাৱে অৰুণোদয় আঁচনিৰ ধন লোৱা মহিলাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। কেবিনেটত কোৱা হয় যে, এই আঁচনিয়ে নাৰী শক্তিৰ সৱলীকৰণত আত্মনিয়োগ কৰি আহিছে।
ৰাইজৰ হিতৰ হকে চৰকাৰে বিভিন্ন সময়ত বহু উন্নয়নমূলক আঁচনি গ্ৰহণ কৰে। তাৰ ভিতৰত মহিলাসকলৰ উন্নতি আৰু আত্মনিৰ্ভৰৰ বাবে গ্ৰহণ কৰা অৰুণোদয় আঁচনিও অন্যতম। কিন্তু এই অৰুণোদয় আঁচনিৰ ধনে বিপদ মাতি আনিছে একাংশ মহিলালৈ। সোমবাৰে ৰাজ্যিক কেবিনেটত এই কথা স্পষ্ট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অবৈধভাৱে অৰুণোদয় আঁচনিৰ ধন লোৱা মহিলাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। এই ক্ষেত্ৰত চৰকাৰে শীঘ্ৰেই জাৰি কৰিব কাৰণ দৰ্শোৱাৰ জাননী।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে, ৰাজ্যত ৬৮৩ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ সুবিধা লৈ আছে। অভ্যন্তৰীণ পৰ্যালোচনাত এই তথ্য পোহৰলৈ আহিছে। গতিকে অবৈধভাৱে অৰুণোদয় আঁচনিৰ সুবিধা গ্ৰহণ কৰা এই ৬৮৩ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ হ’ব। লগতে এই কৰ্মচাৰীসকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা সিদ্ধান্ততো অনুমোদন জনাইছে চৰকাৰে।
কেবিনেটত কোৱা হয় যে, অৰুণোদয় আঁচনিয়ে সমাজৰ আৰ্থিকভাৱে অনগ্ৰসৰ লোকৰ বাবে অন্ত্যোদয়ৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰি নাৰী শক্তিৰ সৱলীকৰণত আত্মনিয়োগ কৰি আহিছে। কিন্তু ইয়াৰ সুবিধা লৈছে একাংশ চৰকাৰী কৰ্মচাৰীয়ে। যাৰ বাবে এই আটাইকেইগৰাকী বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
২৩ ডিচেম্বৰত ডিব্ৰুগড়ত হৈ যোৱা কেবিনেটত ইয়াৰ উপৰিও চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত অনুসৰি ১ জানুৱাৰী ২০২৫ৰ পৰা প্ৰতিজন গাঁও প্রধানে প্রতি মাহে ৯ হাজাৰ টকাকৈ দৰমহা লাভ কৰিব। ইয়াৰোপৰি ২০২৫ বৰ্ষটি কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ ঘোষণা কৰে চৰকাৰে। কেবিনেটত কোৱা হয় যে, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
বিদেশত দক্ষ/অর্ধ-দক্ষ প্রার্থী নিযুক্তিৰ সুবিধাৰ বাবে এক আনুষ্ঠানিক প্রণালী প্রয়োগ কৰিবলৈ কেবিনেটে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্র স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ অধীনত চৰকাৰে অসমৰ প্ৰাৰ্থীক বিদেশত নিযুক্তিৰ বাবে এক নৈতিক আৰু সুসংগঠিত পথ সৃষ্টি কৰিব। ইয়ে অসমৰ পৰা দক্ষ আৰু অৰ্ধ দক্ষ প্ৰাৰ্থীৰ বিদেশত নৈতিক নিযুক্তিৰ সুবিধা প্ৰদান কৰিব। লগতে ইয়াৰ অধীনত বিদ্যমান আন্তঃগাঁথনি ব্যৱহাৰ কৰি জিলা পর্যায়ৰ তথা কেন্দ্র স্থাপন কৰা,বিশ্বব্যাপী শ্রমিকৰ চাহিদাৰ সন্দৰ্ভত গবেষণা কৰা আৰু সেই অনুসৰি প্রশিক্ষণ অনুকুলিত কৰা,বিদেশ গমনৰ পূর্বে দিকদর্শনৰ প্রশিক্ষণ প্রদান কৰা আৰু নিযুক্তিৰ পাছৰ অভিযোগ সমাধান কৰা আদি কামো কৰিব।