অসমৰ এগৰাকী সাংসদে ১৫ দিন ধৰি পাকিস্তানত আছিল, তাতেই নামাজ পঢ়িব শিকি আহিছিলঃ হিমন্ত বিশ্ব শৰ্মা

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এগৰাকী সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। শৰ্মাই কয় যে, অসমৰ এগৰাকী সাংসদৰ পৰিয়ালৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে।

অসমৰ এগৰাকী সাংসদে ১৫ দিন ধৰি পাকিস্তানত আছিল, তাতেই নামাজ পঢ়িব শিকি আহিছিলঃ হিমন্ত বিশ্ব শৰ্মা

গৌৰৱ গগৈ-হিমন্ত বিশ্ব শৰ্মা

Published: 

24 Apr 2025 12:44 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ দেশত উত্তপ্ত পৰিস্থিতি চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ এগৰাকী সাংসদৰ বিৰুদ্ধে বিস্ফোৰণ ঘটায়। শৰ্মাই দাবী কৰে যে অসমৰ এগৰাকী সাংসদৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে। সম্ভৱতঃ তেওঁ পাকিস্তানে নামাজ পঢ়িবলৈ শিকি আহিছে। গতিকে ঘৰৰ ভিতৰত থকা শত্ৰু চিনি উলিওৱা কঠিন বুলি মন্তব্য কৰে শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “অসমৰ এজন সাংসদে ভাৰত চৰকাৰত অৱগত নকৰাকৈ ১৫ দিন ধৰি পাকিস্তানৰ ইছলামাবাদত থাকি আহিছিল। ইয়াৰ তথ্য অসম চৰকাৰৰ হাতত আছে। এজন গৌৰৱী পিতৃৰ সন্তান কেনেকৈ দেশৰ বিৰুদ্ধে যাব পাৰে সেয়া ইয়াৰে প্ৰমাণ। এই সাংসদজনৰ পাকিস্তানী দূতবাসৰ লগত সম্পৰ্ক আছে। পাকিস্তান আমাৰ দেশৰ ডাঙৰ শত্ৰু। গতিকে যিসকলে আমাৰ দেশত থাকি পাকিস্তানৰ গুণ-গান গাই তেওঁলোক আৰু ডাঙৰ শত্ৰু”।

শৰ্মাই লগতে কয় যে, “অহা ছেপ্টেম্বৰৰ ভিতৰত আমি সাংসদগৰাকীৰ সকলো তথ্য ৰাজহুৱা কৰিম। বিভিন্নজনৰ সহায়ত আমি বহু তথ্য লাভ কৰিছো। মই ভাবো সাংসদজনে পাকিস্তানতে নামাজ কেনেকৈ পঢ়িব লাগে শিকি আহিছিল। বাহিৰৰ মানুহ দেখিলে আমি ক’ব পাৰে যে তেওঁ শত্ৰু। কিন্তু ঘৰৰ ভিতৰত শত্ৰু থাকিলে চিনি উলিওৱা কঠিন।  পাকিস্তানৰ লগত পৰিয়ালৰ ভাল সম্পৰ্ক আছে। সাংসদগৰাকীৰ বিৰুদ্ধে সকলো তথ্য ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৰাজহুৱা কৰিম”।

উল্লেখ্য যে, পহলগাম আক্ৰমণৰ পাছতে বুধবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে শৰ্মাই।  এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীগৰাকীয়ে সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে  সম্পৰ্ক থকাৰ দাবী কৰিছিল। শৰ্মাই কৈছিল যে ইমান বছৰ ভাৰতত থকাৰ পাছতো সাংসদগৰাকীৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰা নাই। ইয়াৰোপৰ ভাৰতৰ চৰকাৰক অৱগত নকৰাকৈ কেনেকৈ সাংসদগৰাকীয়ে পাকিস্তানলৈ গৈছিল বা বৈঠক অনুষ্ঠিত কৰিছিল সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছিল। এইবাৰ যদিও শৰ্মাই গৌৰৱ গগৈৰ নাম লোৱা নাই, হ’লেও তেওঁৰ কথায়ে যে উল্লেখ কৰিছে তাত কোনো সন্দেহ নাই। অৱশ্যে ছেপ্টেম্বৰ মাহত চৰকাৰে কি তথ্য ৰাজহুৱা কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

পহলগাম আক্ৰমণৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে শৰ্মাৰ এই মন্তব্যই বিশেষ গুৰুত্ব বহন কৰিছে।  উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীয়ে ধৰ্ম সুধি হত্যা কৰিছিল প্ৰায় ২৬ জন নিৰীহক। এই ঘটনাক লৈ এতিয়াও দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে।

 

 

অন্য খবৰ পঢ়কঃ চৈয়দ আদিল হুচেইন শ্বাহ…যিয়ে সন্ত্ৰাসবাদীৰ হাতৰ পৰা ৰাইফল কাঢ়ি পৰ্যটকক ৰক্ষাৰ চেষ্টা চলাইছিল, মৃত্যু…

বয়সৰ পৰা ওজন বৃদ্ধিলৈ...জানক স্তন কৰ্কট ৰোগৰ কাৰণসমূহ...
টুথব্ৰাছত লক্ষ্য কৰিছেনে এই প্ৰয়োজনীয় দিশ? সাৱধান, নাই কৰা যদি হ’ব পাৰে বিস্তৰ ক্ষতি..
মুখৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণসমূহ কি কি? সবিশেষ জানক
দাঁতৰ বিষ হয় নেকি? তেন্তে এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...