5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

‘ভাৰতৰ প্ৰগতিৰ বাবে বাজেটে তৈয়াৰ কৰিছে কঠিন ৰোডমেপ’, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

এনডিএৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰাৰ পাছতে এই মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিৰ মাধ্যম এক্সত মুখ্যমন্ত্ৰী শৰ্মাই কয়,২০২৪ চনৰ কেন্দ্ৰীয় বাজেটখনে নিয়োগ সৃষ্টি আৰু ক্ষুদ্ৰ ব্যৱসায়িক শক্তি প্ৰদানৰ দিশত অধিক সম্ভাৱনা কঢ়িয়াই আনিছে ।

‘ভাৰতৰ প্ৰগতিৰ বাবে বাজেটে তৈয়াৰ কৰিছে কঠিন ৰোডমেপ’, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Follow Us
manas-borah
Manas Borah | Updated On: 23 Jul 2024 19:10 PM

‘এইবাৰৰ বাজেটত ভাৰতৰ প্ৰগতিৰ গতি অব্যাহত ৰাখৰ বাবে এক কঠিন ৰোডমেপ প্ৰস্তুত কৰা হৈছে ।’ এনডিএৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰাৰ পাছতে এই মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিৰ মাধ্যম এক্সত মুখ্যমন্ত্ৰী শৰ্মাই কয়,২০২৪ চনৰ কেন্দ্ৰীয় বাজেটখনে নিয়োগ সৃষ্টি আৰু ক্ষুদ্ৰ ব্যৱসায়িক শক্তি প্ৰদানৰ দিশত অধিক সম্ভাৱনা কঢ়িয়াই আনিছে ।

২০২৪ কেন্দ্ৰীয় বাজেটক লৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “ভাৰতৰ প্ৰগতিৰ গতি বজাই ৰাখিবলৈ আৰু ভাৰতৰ অৰ্থনীতিক বিশ্ব তৃতীয় বৃহত্তম স্তৰলৈ আগুৱাই নিবলৈ বিচৰা বাজেট দাখিল কৰাৰ বাবে মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু তেওঁ দলটোক শ্ৰদ্ধা জনাইছো।” ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে বাজেটৰ অধীনত অসমৰ বানৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত বিশেষ সাহায্য লাভ কৰাৰ কথাও উল্লেখ কৰে ।

তেওঁ কয়, “এই বাজেটৰ অধীনত অসমে বানৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে বিশেষ সাহায্য লাভ কৰিব । ইয়াৰ বাবে আমি কৰ্তৃজ্ঞতা প্ৰকাশ কৰিছো ।” উল্লেখ্য যে, মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে,২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ অংশ হিচাপে অসমৰ বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে যথেষ্ট সহায় আগবঢ়াব।

হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু ছিকিমৰ সমান্তৰালকৈ অসমে শেহতীয়া প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবৰ বাবে সাহায্য লাভ কৰিব বুলি আজি ঘোষণা কৰে নিৰ্মলা সীতাৰমণে ।

লগতে পঢ়কঃ Union Budget 2024 : নতুন পেঞ্চন আঁচনিৰ বাবে অচিৰেই সমাধানৰ প্ৰতিশ্ৰুতি বিত্তমন্ত্ৰীৰ

Latest News