নিৰাপত্তাৰ খৰচক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ | Himanta Biswa Sarma slams Congress over security costs Assam news - Assam Tv9

‘নিৰাপত্তাৰ খৰচ বহন কৰাটো চৰকাৰৰ দায়িত্ব !’ নিৰাপত্তাৰ খৰচক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ

Himanta Biswa Sarma : মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ব্যয়ৰ সন্দৰ্ভত কংগ্ৰেছে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছৰ সদস্যসকলে তেওঁৰ নিৰাপত্তাৰ সৈতে জড়িত খৰচৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাত আচৰিত প্ৰকাশ কৰে । তেওঁ কয়, 'ৰাহুল গান্ধী বা মল্লিকাৰ্জুন খাৰ্গেৰ দৰে নেতাৰ বাবেও একেধৰণৰ খৰচ চৰকাৰেহে বহন কৰে ।'

নিৰাপত্তাৰ খৰচ বহন কৰাটো চৰকাৰৰ দায়িত্ব ! নিৰাপত্তাৰ খৰচক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

22 Jul 2024 21:23 PM

অসমৰ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ খৰচ কোনে বহন কৰে ! মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ব্যয়ৰ সন্দৰ্ভত কংগ্ৰেছে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছৰ সদস্যসকলে তেওঁৰ নিৰাপত্তাৰ সৈতে জড়িত খৰচৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাত আচৰিত প্ৰকাশ কৰে । তেওঁ কয়, ‘ৰাহুল গান্ধী বা মল্লিকাৰ্জুন খাৰ্গেৰ দৰে নেতাৰ বাবেও একেধৰণৰ খৰচ চৰকাৰেহে বহন কৰে ।’

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘মোৰ ঝাৰখণ্ড, বিহাৰ অথবা অন্যান্য ৰাজ্য ভ্ৰমণৰ খৰচ ভাৰতীয় জনতা পাৰ্টিয়ে বহন কৰে । কিন্তু নিৰাপত্তা প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব । তেওঁ মুখ্যমন্ত্ৰীয়ে হওক বা বিৰোধী ৰাজনৈতিক দলৰ নেতাই হওক । এই খৰচবোৰ কোনে কৰিব, ক’ৰ পৰা কৰিব এই কথাবোৰত মন্তব্য প্ৰকাশ কৰাৰ প্ৰয়োজন বুলি নাভাবো । কাৰণ মোৰ নিৰাপত্তাৰ প্ৰয়োজন নাই ।’

ইয়াৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই এই কথাও উল্লেখ কৰে যে, ‘চৰকাৰে যদি ভাৱে মোৰ নিৰাপত্তাৰ প্ৰয়োজন আছে, তেন্তে চৰকাৰে মোক নিৰাপত্তা প্ৰদান কৰিব । নিৰাপত্তা লৈ মই একো কৰিব নোৱাৰো । মোক কিয় নিৰাপত্তা লাগে । মই অকলেই থাকিব পাৰো ।’ লগতে মুখ্যমন্ত্ৰী আসনখন সদায় একেজন মানুহৰ লগত নাথাকে বুলিও মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ।

চৰকাৰে নিৰাপত্তা হিমন্ত বিশ্ব শৰ্মাক নিদিয়ে, চৰকাৰে নিৰাপত্তা অসমৰ মুখ্যমন্ত্ৰী জনক দিয়ে বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয়, মই অসমৰ মুখ্যমন্ত্ৰী । যোৱা কালি লৈকে ৰাহুল গান্ধীৰ দায়িত্ব কি আছিল ? ছোনিয়া গান্ধীৰ দায়িত্ব কি আছিল ? মল্লিকাৰ্জুন খাৰ্গেৰ দায়িত্ব কি আছিল ? প্ৰিয়ংকা গান্ধীৰ দায়িত্ব কি আছিল ? তেওঁলোক অসমলৈ আহিলে তেওঁলোকৰ নিৰাপত্তাৰ খৰচ অসম চৰকাৰে বহন নকৰে জানো বুলি প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাই ।

কংগ্ৰেছক চিন্তা কৰিবলৈ আনুৰোধ জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়, ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোড়ো যাত্ৰা চলাইছিলে, তেতিয়া তেওঁৰ নিৰাপত্তা খৰচ কোনে বহন কৰিছিল ? তেওঁতো অসমৰ মুখ্যমন্ত্ৰী নহয় । অসমৰ মুখ্যমন্ত্ৰী খৰচ অসম চৰকাৰে বহন কৰিব । কিন্তু ৰাহুল গান্ধীৰ নিৰাপত্তা খৰচ কোনে বহন কৰিব ? কিন্তু চৰকাৰে তেওঁৰো নিৰাপত্তা খৰচ বহন কৰিব লাগিব । চৰকাৰৰ এয়া দায়িত্ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

চৰকাৰে যদি মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ খৰচ বহন কৰিব নোৱাৰে , তেন্তে ৰাহুল গান্ধীৰো নিৰাপত্তাৰ খৰচ বহন কৰিব নোৱাৰে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই । শৰ্মাই লগতে কয়, এইবাৰ ৰাহুল গান্ধী অসমলৈ আহিলে নিৰাপত্তাত কিমান খৰচ হল তাৰ হিচাপ ৰাজীৱ ভৱনলৈ পথা দিম নেকি বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী শৰ্মাই । এনে ধৰণৰ নিম্ন পৰ্যায়ৰ ৰাজনীতি কৰিব নালাগে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...