অবৈধ বাংলাদেশীক চাকৰি নিদিবঃ দেশৰ উদ্যোগপতিসকলক আহ্বান মুখ্যমন্ত্ৰীৰ…
দেশৰ সীমান্তত প্ৰতিদিনে আটক হয় অবৈধ বাংলাদেশী নাগৰিক। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰাৰ লগতে উদ্যোগপতিসকলক বাংলাদেশী নাগৰিকক চাকৰি নিদিবলৈ আহ্বান জনায়।
দেশৰ উদ্যোগপতিসকলক বাংলাদেশৰ শ্ৰমিক নিয়োগ বন্ধ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সোমবাৰে মুখ্যমন্ত্ৰী শৰ্মাই মুম্বাইত এক সংবাদমেল সম্বোধন কৰি বাংলাদেশী অনুপ্ৰৱেশৰ ওপৰত চিন্তা ব্যক্ত কৰাৰ লগতে দেশৰ উদ্যোগপতিসকলক বিশেষ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে, বছৰ বছৰ ধৰি আমি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুঁজ দি আছো। গতিকে দেশৰ উদ্যোগপতিসকলে বাংলাদেশী শ্ৰমিকক নিয়োগ কৰা বন্ধ কৰিব লাগে যাতে ভাৰতত অবৈধ বাংলাদেশী প্ৰৱেশ কৰাৰ কোনো কাৰণ নাপায়।
শৰ্মাই কয় যে, বছৰ বছৰ ধৰি আমি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুঁজ দি আছো। কিন্তু দেশৰ বহু উদ্যোগপতিয়ে মধ্যভোগীৰ জৰিয়তে বাংলাদেশৰ পৰা মানুহ আনি শ্ৰমিক হিচাপে নিয়োগ কৰে। আটক হোৱা বাংলাদেশীয়ে জনাই যে তেওঁলোকক কামৰ বাবে মাতি অনা হৈছে। গতিকে এনে উদ্যোগপতিসকলে বাংলাদেশী নাগৰিকক কাম দিয়া বন্ধ কৰিব লাগে। যদি কাম নাপাই তেন্তে তেওঁলোক কিয় ভাৰতলৈ আহিব? উদ্যোগপতি, ব্যৱসায়ীয়ে সিদ্ধান্ত ল’ব লাগে যে বাংলাদেশীলোকক চাকৰি দিয়া নহয়। এয়া আমাৰ এক ৰাষ্ট্ৰীয় দায়িত্ব বুলি কয় শৰ্মাই।
শৰ্মাই কয় যে, বাংলাদেশকত বস্ত্ৰ উদ্যোগ অৰ্থনীতিৰ পতন ঘটিছে, যাৰ বাবে বহু মানুহে চাকৰি হেৰুৱাইছে। তেনে স্থলত এই লোকসকলে চাকৰি বিচাৰি ভাৰতলৈ আহে আৰু একাংশ কাৰখানাৰ মালিকে তেওঁলোকক নিয়োগ কৰে। কেৱল মাত্ৰ কৰ্মসংস্থাপনৰ বাবে বহু সংখ্যক বাংলাদেশী শ্ৰমিক ভাৰতলৈ আহি আছে।
মুখ্যমন্ত্ৰীয়ে সংবাদমেলত অসমলৈ অবৈধ বাংলাদেশী প্ৰৱেশৰ কথা উল্লেখ কৰি কয় যে, অসমত এতিয়া অবৈধ বাংলাদেশীয়ে প্ৰৱেশ কৰাৰ সাহস নকৰে। তেওঁলোকক ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হয়। এয়া আমাৰ ৰাষ্ট্ৰৰ হিতৰ হকে দায়িত্ব। আমি বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিদিনে কঠোৰ যুঁজ দি আহিছো। প্ৰতিদিনে সীমান্তত বাংলাদেশী নাগৰিক আটক হৈ আছে যাক আটক কৰি পুনৰ নিজ দেশলৈ ঘূৰাই পঠিওৱা হয়। শৰ্মাই কয় যে, ১৯৭৯ চনৰ পৰা আমি বাংলাদেশীৰ বিৰুদ্ধে যুঁজি আছো আৰু আমাৰ এই অস্তিত্বৰ যুঁজ প্ৰতিদিনে চলি থাকে।
অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে উদ্বেগ প্ৰকাশ কৰি আহিছে। কিছুদিন পূৰ্বে শৰ্মাই কৈছিল যে যোৱা কেইটামান দিনত অসমত প্ৰতিদিনে প্ৰায় বাংলাদেশী আটক হৈছে আৰু ই এক চিন্তনীয় বিষয়। এই ক্ষেত্ৰত শৰ্মাই কেন্দ্ৰৰ লগত কথা পাতিব বুলিও উল্লেখ কৰিছিল।
উল্লেখ্য যে, বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই ভাৰতলৈ যথেষ্ঠ সংখ্যক অবৈধ বাংলাদেশীয়ে ঢাপলি মেলিছে। প্ৰায় প্ৰতিদিনে ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশী আটক হয় যাক পৰৱৰ্তী সময়ত দেশলৈ উভতাই পঠিওৱা হয়। শেহতীয়াকৈ পশ্চিম বংগত এক গেঙক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে যিসকলে অবৈধ বাংলাদেশীক দেশত প্ৰৱেশ কৰাত সহায় কৰিছিল। এই লোকসকলে মাত্ৰ কম টকাৰ বিনিময়তে বাংলাদেশী নাগৰিকক ভাৰতত প্ৰৱেশ কৰোৱাইছিল।