মই পদত্যাগ কৰিম যদিহে…হিমন্ত বিশ্ব শৰ্মা

আজি বিধানসভাত অসম বাজেট সন্দৰ্ভত এক সাধাৰণ আলোচনা হয়। এই আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মই পদত্যাগ কৰিম যদিহে...হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মা

Updated On: 

11 Mar 2025 15:53 PM

মই আজিয়ে পদত্যাগ কৰিম- বিধানসভাত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সোমবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বাজেট দাখিল কৰাৰ পাছত আজি বিধানসভাত বাজেটৰ ওপৰত এক সাধাৰণ আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ বিভিন্ন আঁচনি তথা বাজেটৰ ঘোষণাৰ কথা উল্লেখ কৰে।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুত মইনা আঁচনিৰ বিষয়ে উল্লেখ কৰি কয় যে, এই আঁচনি ৰূপায়ন হোৱাৰ পাছত এজনী ছাত্ৰীয়েও ড্ৰপ আউট কৰা নাই। শৰ্মাই কয়, একাংশই মুখ্যমন্ত্ৰীৰ নিযুত মইনাক লৈ সমালোচনা কৰিব বিচাৰে আৰু কয় যে চৰকাৰে এনে ধন বিতৰণ কৰি আছে। কিন্তু এই আঁচনিৰ বাবে ফাৰ্ষ্ট ইয়েৰত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়েও ড্ৰপ আউট কৰা নাই।

শৰ্মাই কয়, মাহে মাহে পোৱা এই ধনখিনিৰ বাবে ছাত্ৰীসকলৰ অহা-যোৱা খৰচ ওলায়। যাৰ বাবে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে হৈছে যে এইবছৰ এজনী ছাত্ৰীয়েও ড্ৰপ আউট কৰা নাই। ছোৱালীবোৰ সংবেদনশীল। যেতিয়া তেওঁলোকে দেখা পাই যে পঢ়া-শুনাৰ নামত পিতৃ-মাতৃৰ খৰচ হৈছে, কষ্ট হৈছে , তেতিয়া তেওঁলোকে সকলো ত্যাগ কৰিবলৈ সাজু হয়। সেয়ে নাৰী শক্তিক আমি মা বুলি কওঁ। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে ছোৱালীয়ে কলেজ এৰা নাই।

এই সময়চোৱাত বিধায়ক অখিল গগৈয়ে কয় যে, ৰেকৰ্ড অনুসৰি চলিত বৰ্ষতে অসমত সৰ্বাধিক ছাত্ৰীয়ে ড্ৰপ আউট কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “যদি কোনো ছাত্ৰীয়ে টকাৰ বাবে ড্ৰপ আউট কৰিছে সেই তথ্য মোক আনি দিয়ক, মই আজিয়ে পদত্যাগ কৰিম। বেমাৰৰ বাবে বা অন্য কাৰণত ড্ৰপ আউট কৰিব পাৰে, কিন্তু চলিত বৰ্ষত টকাৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ এজনী ছাত্ৰীয়েও ড্ৰপ আউট কৰা নাই”।

পৰৱৰ্তী সময়ত অখিল গগৈক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, “১২৬ জন বিধায়কৰ ভিতৰত অখিল গগৈয়ে এজন যাৰ সকলো ক্ষেত্ৰতে সমস্যা আছে। গগৈয়ে কেৱল অসমৰ বদনাম কৰে। মোৰ বদনাম কৰে কৰক, মোৰ ল’ৰা-ছোৱালী সকলোৰে বদনাম কৰক”। কিন্তু এই অসমক বদনাম নকৰিব বুলি গগৈক সকিয়াই দিয়ে শৰ্মাই।

উল্লেখ্য যে, কালিৰ বাজেটত নিযুত মইনা আঁচনিক লৈ বিত্তমন্ত্ৰীয়ে বিশেষ ঘোষণা কৰে। মন্ত্ৰী অজন্তা নেওগে কয় যে,এই বৰ্ষত এই আঁচনিৰ অধীনত ৪.৩ লাখ ছাত্ৰীলৈ নিযুত মইনা আঁচনি সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা চৰকাৰৰ। ইয়াৰোপৰি চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত নিজ ব্যয়ৰে পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকললৈ এই সুবিধা সম্প্ৰসাৰণৰ প্ৰস্তাৱ দিয়া হয়। ইয়াৰ বাবে ২০২৫-২৬ বৰ্ষত ৩৯১ কোটি টকা আৱন্টন দিয়ে বাজেটত।

 

অন্য খবৰ পঢ়কঃ কেতিয়া অনুষ্ঠিত হ’ব ২০২৬’ৰ বিধানসভা নিৰ্বাচন? বন্ধ হ’ব নেকি অৰুণোদয়… ক’লে মুখ্যমন্ত্ৰীয়ে…

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?