5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমীয়া এতিয়া সংকটত, ইয়াৰ আঁৰত আছে ডাঙৰ ষড়যন্ত্ৰঃ হিমন্ত বিশ্ব

এয়া এক মাত্ৰ ধৰ্ষণৰ ঘটনা নহয়। অসমীয়া মানুহখিনিত ভীতিগ্ৰস্ত কৰি ৰখাৰ কৌশল। যাতে অসমীয়া মানুহখিনি ওলাই আহে। ধিং এটা সময়ত অসমীয়াৰ পীঠভূমি আছিল কিন্তু এতিয়া ধিঙত ১০,০০০ অসমীয়া মানুহো নাই।

অসমীয়া এতিয়া সংকটত, ইয়াৰ আঁৰত আছে ডাঙৰ ষড়যন্ত্ৰঃ হিমন্ত বিশ্ব
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
barasha-sarma
Barasha Sarma | Published: 25 Aug 2024 15:15 PM

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হত্যা, ধৰ্ষণ আদিকে ধৰি অপৰাধমূলক ঘটনা। শেহতীয়াকৈ ধিং কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ধিঙৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। এই সম্পৰ্ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, লোকসভা নিৰ্বাচনৰ পাছত আমাৰ ৰাজ্যত কিছু লোকে অপৰাধজনিত কৰ্মত লিপ্ত হ’বলৈ তৎপৰ হৈ উঠিছে৷ নাৰী নিৰ্যাতন, বলাৎকাৰৰ ঘটনা তাৰেই আধাৰ৷ আমি অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছোঁ৷ কিন্তু ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই ঘটনাবিলাক কমি যাব৷ আচৰিত কথা, সমাজৰ ব্যাধিস্বৰূপ এই ঘটনাসমূহ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ দ্বাৰাই সংঘটিত হৈছে৷ সামাজিক মাধ্যমতো অপৰাধীক সাহস যোগাই সমৰ্থন কৰা দেখা গৈছে৷ সেইসমূহকো আমি চিনাক্ত কৰিব লাগিব৷

 

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই ঘটনাৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই কঠোৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। সমান্তৰালকৈ সমাজে একত্ৰিতভাৱে এই কঠোৰ ব্যৱস্থাক সমৰ্থন কৰিলে আমি এনে অপৰাধমূলক কাম- কাজ ৰোধ কৰিব পাৰি।

অসমীয়াৰ সংকটৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে, অসমীয়া জাতি এতিয়া সংকটত।  বিভিন্ন প্ৰান্তত বিশেষ সম্প্ৰদায়ৰলোক প্ৰথমে এজন সোমাই লয় আৰু পাছত তাতে বিশেষ ধৰণৰ বন্যপ্ৰাণী খোৱা আৰম্ভ হয়। ইয়াৰ লগে লগে ওচৰৰ মানুহবোৰ আঁতৰিবলৈ আৰম্ভ কৰে। এয়া এটা পেটাৰ্ণ হয়। প্ৰথমে এজন, দুজন সোমাই আৰু পাছত তাতে গো ভক্ষণ আৰম্ভ হয়। সেয়ে আমাৰ মানুহবোৰ তাৰপৰা গুচি আহিবলৈ আৰম্ভ কৰে। য’ত ভাদ মাহৰ নাম আৰম্ভ হৈছিল, তাত আজান আৰম্ভ হয়। যাৰ বাবে সকলো অসমীয়া মানুহে বৰপেটা, নলবাৰী আদিৰ পৰা আহিবলৈ আৰম্ভ কৰে। আগতে কোনো মুখ্যমন্ত্ৰী এই কথা কোৱা নাছিল। মই সাহসেৰে কৈছো যাৰ বাবে গালি খাইছো, ভাবুকিৰো সন্মুখীন হৈছো।  এয়া মোৰ দায়িত্ব।এয়া ভোটৰ কথা নাই। ভোট খুজিলে মই ভোট পাই যাম। অসম এতিয়া সংকটত আছে।

ইয়াৰ লগতে তেওঁ কয়,  অসমীয়া জাতীয় একতা হৈ থিয় দি থাকিব তেতিয়ালৈকে একো অসুবিধা নহয়। এক হৈ নাথাকিলে দুৰ্বল হৈ যাম। এয়া এক মাত্ৰ ধৰ্ষণৰ ঘটনা নহয়। অসমীয়া মানুহখিনিত ভীতিগ্ৰস্ত কৰি ৰখাৰ কৌশল। যাতে অসমীয়া মানুহখিনি ওলাই আহে। ধিং এটা সময়ত অসমীয়াৰ পীঠভূমি আছিল কিন্তু এতিয়া ধিঙত ১০,০০০ অসমীয়া মানুহো নাই। ইয়াৰ পাছফালে ডাঙৰ ষড়যন্ত্ৰ আছে বুলি উল্লেখ কৰে শৰ্মাই।

Latest News