“একত্ৰিত হৈ থাকিব লাগি হিন্দুসকল”,পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকলৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী শৰ্মাৰ
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, কালি পহলগামত যি ঘটনা সংঘটিত হৈছিল সেয়া অতি নিন্দনীয়, দুখজনক। মই নিশ্চিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই ঘটনাৰ প্ৰতি দেশখনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গোলাঘাটত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে,”কালি পহলগামত যি ঘটনা সংঘটিত হৈছিল সেয়া অতি নিন্দনীয়, দুখজনক। মই নিশ্চিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই ঘটনাৰ প্ৰতি দেশখনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। আমি সকলোৱে মিলি পাকিস্তানক জবাবদিহি কৰিম আৰু এই ঘটনাৰ বাবে পাকিস্তানে উপযুক্ত শাস্তি পাব।”
একে সময়তে ভাৰতবাসীয়ে পাকিস্তানী জনসাধাৰণৰ ওপৰত নজৰ ৰাখিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে,মঙলবাৰে যেতিয়া পহলগামত এই সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিছিল, তেতিয়া সন্ত্ৰাসবাদীয়ে সুধিছিল যে, তেওঁলোক হিন্দু নেকি, তেওঁলোকে কাকো সোধা নাছিল যে তেওঁলোক এছ টি, এছ চি, অ’ বি চি নে সাধাৰণ জাতি। এনে ক্ষেত্ৰত হিন্দুসকল একত্ৰিত হৈ থাকিব লাগিব আৰু পাকিস্তানক জবাব দিব লাগিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্য়মন্ত্ৰী শৰ্মাই ।
#WATCH | Golaghat: On #PahalgamTerroristAttack, Assam CM Himanta Biswa Sarma says, “The incident that happened yesterday in Pahalgam is very condemnable, sad. I am confident that under the leadership of Prime Minister Narendra Modi, the country will respond to this incident.… pic.twitter.com/jU5GFfW85n
— ANI (@ANI) April 23, 2025
ইফালে, শৰ্মাই কয়,”পাকিস্তানৰ সেনাধ্যক্ষই কৈছে যে, হিন্দুৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই, হিন্দু আমাৰ শত্ৰু কিন্তু আমি এনে শব্দ ব্যৱহাৰ নকৰো, কিন্তু তেওঁলোকে ব্যৱহাৰ কৰা ভাষা আমি শুনিব লাগে আৰু ইয়াৰ পৰাও আমি শিক্ষা ল’ব লাগে।”
উল্লেখ্য় যে, মঙলবাৰে কাশ্মীৰৰ পহলগামত পৰ্যটক আৰু সাধাৰণ নাগৰিকক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে । এই আক্ৰমণত এতিয়ালৈকে ২৬ জন লোক নিহত হৈছে । ইয়াৰ লগতে আন কেইবাজনো লোক আহত হয় । ইতিমধ্যে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তানস্থিত লস্কৰ-ই-তৈবা (LeT) সন্ত্ৰাসবাদী সংগঠনৰ অংশ ৰেজিষ্টেন্স ফ্ৰণ্টে (TRF)য়ে ।