ৰাজ্যত HMPVৰ প্ৰথমটো ঘটনা, ১০ মহীয়া শিশুক AMCHত ভৰ্তি!
বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত HMPVৰ সংক্ৰমণ ধৰা পৰিছে । শিশুৰ পৰা আৰম্ভ কৰি জ্য়েষ্ঠ লোকো আক্ৰান্ত হৈছে এই ভাইৰাছত। অসমতো ধৰা পৰিছে HMPVৰ উপস্থিত। HMPVত আক্ৰান্ত অসমৰ প্ৰথমজন ৰোগী চিনাক্ত কৰা হৈছে।
কৰ’না ভাইৰাছৰ পিছত এইবাৰ বিশ্বত HMPVৰ আতংক। চীনৰ পৰা সমগ্ৰ ভাৰততে বিয়পিবলৈ আৰম্ভ কৰিছে হিউমেন মেটাপ্নিউমোভাইৰাছ (HMPV) । ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত HMPVৰ সংক্ৰমণ ধৰা পৰিছে । এই পৰ্যন্ত ভাৰতত প্ৰায় ১৩গৰাকী লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি। ইয়াৰ ভিতৰত বেংগালুৰুত দুজন, গুজৰাটত এজন, চেন্নাইত দুজন, কলকাতা দুজনৰ দেহত ধৰা পৰিছে এই ভাইৰছৰ উপস্থিতি। শিশুৰ পৰা আৰম্ভ কৰি জ্য়েষ্ঠ লোকো আক্ৰান্ত হৈছে এই ভাইৰাছত। অসমতো ধৰা পৰিছে HMPVৰ উপস্থিত। HMPVত আক্ৰান্ত অসমৰ প্ৰথমজন ৰোগী চিনাক্ত কৰা হৈছে। যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে সকলো।
অসমত ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPVৰ অৱস্থিতি। ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্রত ধৰা পৰিছে HMPV। নিয়মীয়া পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰে HMPV। শিশুটিক AMCHত আছুতীয়াকৈ ৰাখি কৰা হৈছে উন্নত চিকিৎসা। আক্ৰান্ত শিশুটি লখিমপুৰৰ বুলি জানিব পৰা গৈছে।
শিশুৰ ওপৰত HMPVৰ প্ৰভাৱ
HMPV সংক্ৰমিত ৰোগীজনৰ চৰ্দি আৰু জ্বৰ, হাত আৰু ভৰিৰ বিষ আদি লক্ষণে দেখা দিয়ে । ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ সৰু ল’ৰা-ছোৱালীৰ ওপৰত দেখা গৈছে। তেওঁলোকৰ ভিতৰত, ২ বছৰৰ তলৰ শিশু আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। এই ক্ষেত্ৰত কেন্দ্ৰই ৰাজ্যসমূহক ‘ইনফ্লুৱেঞ্জা সদৃশ ৰোগ’ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ নিৰীক্ষণ বৃদ্ধি কৰিবলৈ আৰু HMPV সম্পৰ্কে সজাগতা বিয়পাবলৈ পৰামৰ্শ প্ৰদান কৰিছে।
HMPVৰ সংক্ৰমণৰ পৰা কেনেদৰে সুৰক্ষিত থাকিব?
- হাত ধুই খাদ্য খাব
- সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ নাহিব
- কাহ আৰু চৰ্দি আৰু জ্বৰৰ বাবে লক্ষণ দেখা দিলে পৰীক্ষা কৰাব
- শিশুৰ বিশেষ যত্ন ল’ব
কোনো নতুন ভাইৰাছ নহয়: এইমছ আৰু স্বাস্থ্য মন্ত্ৰালয়
দিল্লী এইমছৰ গৱেষণাই দেখুৱাইছে যে HMPV নতুন ভাইৰাছ নহয়। এই ভাইৰাছ ঘটনাবোৰ ভাৰতত আগতেও পোৱা গৈছে। বিগত বছৰ দিল্লী এইমছত এটা গৱেষণা কৰা হৈছিল। য’ৰ পৰা এইটো জনা গৈছিল যে শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ (শ্বাসতন্ত্ৰৰ ৰোগ) মুঠ ঘটনাৰ ৫ শতাংশ HMPV ভাইৰাছৰ ফলত হৈছিল। অৰ্থাৎ, এই ভাইৰাছটো বিগত বছৰো ভাৰতত উপস্থিত আছিল। এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে এইটো এটা নতুন ভাইৰাছ নহয়, ই বহু বছৰ ধৰি উপস্থিত আছে।