হোজাই জিলা সদৰৰ নতুন নাম ‘শ্ৰীমন্ত শংকৰদেৱ নগৰ’, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত…

মঙলবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এক ডাঙৰ সিদ্ধান্ত। কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ পাছতেই এইবাৰ হোজাই জিলাৰ সদৰৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

হোজাই জিলা সদৰৰ নতুন নাম শ্ৰীমন্ত শংকৰদেৱ নগৰ, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত...

হোজাই জিলা সদৰৰ নাম

Published: 

26 Nov 2024 16:06 PM

কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ পাছত এইবাৰ হোজাই জিলা সদৰৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। মঙলবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি হোজাই জিলা সদৰৰ নতুন নাম হ’ব ‘শ্ৰীমন্ত শংকৰদেৱ নগৰ’। ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সংবাদমেলযোগে এই ঘোষণা কৰে।

সংবাদ মেল সম্বোধন কৰি শিক্ষামন্ত্ৰীয়ে কয় যে, হোজাই জিলা সদৰৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। সেই অনুসৰি হোজাই জিলাৰ সদৰৰ নতুন নাম হ’ব ‘শ্ৰীমন্ত শংকৰদেৱ নগৰ’। পূৰ্বৰ শংকৰদেৱ নগৰৰ সলনি শ্ৰীমন্ত শংকৰদেৱ নগৰ হিচাপে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত লিখে যে- ৰাজ্য মন্ত্ৰীসভাই আজি হোজাই জিলাৰ জিলা সদৰ শংকৰদেৱ নগৰৰ নাম সলনি কৰি “শ্ৰীমন্ত শংকৰদেৱ নগৰ” ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

উল্লেখ্য যে, ইয়াৰ কিছুদিন পূৰ্বে ৰাজ্যিক কেবিনেটে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ সিদ্ধান্ত কৰিছিল। সেই অনুসৰি কৰিমগঞ্জ জিলাত ‘শ্ৰীভূমি’ নামেৰে নামাকৰণ কৰিছিল। তাৰ পাছতেই আজি হোজাই জিলা সদৰৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে।

ইপিনে ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় সেৱালৈ ১১৫ কোটি টকা আৱন্টন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। ৰাজ্যৰ কৃষি বিপণন কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰতো অনুমোদন জনাইছে কেবিনেটে। ইয়াৰ লগতে মাইক্ৰফাইনেন্সৰ হিতাধিকাৰীসকলৰ বাবে ২২৩.২৬ কোটি টকাত অনুমোদন জনাই আজিৰ কেবিনেটে। ইয়াৰ অধীনত ৭৮,০৪৬ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ধন। একেদৰে মিছন বসুন্ধৰাৰ অধীনত গুৱাহাটীৰ আবাসীসকলক সকাহ দিয়া হৈছে। ইয়াৰ অধীনত গুৱাহাটীত মাটিৰ আৱন্টন পোৱা লোকসকলে ১০ শতাংশ প্ৰিমিয়াম দি সাময়িক মীমাংসা লাভ কৰিছে। সেই মাটি বিক্ৰী কৰিলে বাকী থকা ৯০ শতাংশ প্ৰিমিয়াম আদায় দিব লাগিব।

ইয়াৰোপৰি আজিৰ কেবিনেটত ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰে। সেই অনুসৰি অহা বছৰত ৩৬ টা বন্ধ থাকিব আৰু অতিৰিক্ত ৭টা সংৰক্ষিত বন্ধ খাকিব। ইয়াৰোপৰি আলি আয়ে লৃগাঙৰ দিনটোত ১১ খন জিলাত চৰকাৰী বন্ধ থাকিব।

 

গাজৰ খাই ভাল পায় নে? গাজৰৰ আছে ৰোগ প্ৰতিৰোধ কৰিব পৰা বহু উপকাৰী গুণ
বৃদ্ধি পাব ছালৰ সৌন্দৰ্য! নিশা এনেদৰে ব্যৱহাৰ কৰক এলোভেৰা জেল...
ঘৰৰ মুখ্য দুৱাৰত ভুলতো নাৰাখিব এই সামগ্ৰী, হ'ব আৰ্থিক সমস্যা...
ঘৰত একেলগে ৰাখিছে নেকি নেমু-জলকীয়া? নকৰিব এনে ভুল, হ’ব দুৰ্গতি…