Assam Holi: অসমত কেতিয়া, কোনে আৰম্ভ কৰিছিল দৌল উৎসৱৰ পৰম্পৰা? জানক ক’ত কেনেদৰে উদযাপন কৰা হৈছে …
দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত যেনে বৰপেটা, বটদ্ৰৱা আৰু মাজুলী ইত্যাদিত আৰম্ভ হৈছে দৌল যাত্ৰাৰ উলাহ। মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান আৰু সত্ৰনগৰী মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰ সমূহটো পৰম্পৰাগত ৰীতি-নীতিক সাৰোগত কৰি গোৱা হয় হোলী গীত। গুৰু জনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত শ্ৰীশ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ ফাকুৱা উপলক্ষে উদুলি-মুদুলি পৰিৱেশ।

প্রতি বছৰে ফাল্গু পূৰ্ণিমা তিথিত দৌল উৎসৱ বা ফাকুৱা পালন কৰা হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলে ফাগুন মাহৰ পূৰ্ণিমাত অৰ্থাৎ চলিত মাহৰ ১৪ মাৰ্চত ফাকুৱা উদযাপন কৰিব। ইতিমধ্যে ৰঙীন ফাকুৱা, ফিচকাৰীৰে ভৰিছে ৰাজ্যৰ বজাৰ। এই উৎসৱক হিন্দু ধৰ্মালম্বী লোকসকলৰ উৎসৱ বুলি কোৱা হয় যদিও জাতি-ধৰ্ম নিৰ্বিশেষে সকলোয়ে মিলি ফাকুৱাত আনন্দ-ফূৰ্তি কৰে। ফাকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ।
ভাৰতৰ বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে। কিছু কিছু ঠাইত হোলিকা দাহনৰ পৰম্পৰাও আছে। উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে। ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰং কৰায়, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাঁকুগুৰি আৰু ফুলেৰে সজাই তোলে অতি প্ৰাচীন কালৰে পৰা ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰি অহা হৈছে। বিভিন্ন পুৰাণ যেনে নাৰদপুৰাণ, ভৱিষ্যৎপুৰাণ আদিৰ লগতে বেদতো হোলীৰ প্ৰসংগ উল্লেখ কৰা আছে। বিভিন্ন শিলালিপি, হৰ্ষবৰ্দ্ধনৰ ৰত্নাৱলী, পৰিব্ৰাজক আলবেৰণীৰ লিখনিৰ মাজতো হোলী উৎসৱ সম্পৰ্কে বিশেষ বর্ণনা দেখিবলৈ পোৱা যায়।
অসমত ফাকুৱাৰ ইতিহাস
দৌল উৎসৱৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মহত্ব আৰু আধ্যাত্মিক সংস্কৃতি মূর্তমান হৈ উঠে। ফাকুৱাৰ লগত জড়িত অসমৰ উৎসৱক “ফল্গুৎসৱ” বা “দৌল উৎসৱ” বোলা হয়। বৰদোৱাত এই ৰঙৰ উৎসৱৰ সূচনা কৰি অসমীয়া সাংস্কৃতিক চেতনাত এক নৱ দিশৰ সূচনা কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত। সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে। স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ হ’ল বৰপেটাৰ দৌল উৎসৱ।