দিচৈ সংৰক্ষিত বনাঞ্চলত তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ কৰিব বেদান্ত গ্ৰুপে!

অসমৰ আন এখন সংৰক্ষিত বনাঞ্চল ধ্বংস কৰাৰ যো-জা কৰিছে ৰাজ্য চৰকাৰে। দিচৈ সংৰক্ষিত বনাঞ্চলত প্ৰাকৃতিক গেছ আৰু তেলৰ অন্বেষন কৰিবলৈ বেদান্ত গ্ৰুপক অনুমতি দিয়াৰ দিশে আগবাঢ়িছে চৰকাৰ। এই অনুমোদন লাভ কৰিলে অসমৰ বন্যাপ্ৰাণী আৰু প্ৰাকৃতিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিব।

দিচৈ সংৰক্ষিত বনাঞ্চলত তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ কৰিব বেদান্ত গ্ৰুপে!

গিবন অভয়াৰণ্য

Published: 

29 Aug 2024 14:32 PM

অসমৰ আন এখন সংৰক্ষিত বনাঞ্চল ধ্বংস কৰাৰ যো-জা কৰিছে ৰাজ্য চৰকাৰে। এফালে অমৃত বৃক্ষ আন্দোলন আনফালে অসমৰ সেউজীয়াক ধ্বংস কৰাৰ বাবে উঠি পৰি লাগিছে অসম চৰকাৰ। হুলোক গিবনৰ বিচৰণভূমিক লৈ এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। খবৰ অনুসৰি দিচৈ সংৰক্ষিত বনাঞ্চলত তেলৰ অন্বেষণ কৰাৰ বাবে বেদান্ত কেয়াৰ্ণ অইল এণ্ড গেছক দায়িত্ব দিছে অসম চৰকাৰে। এই খবৰ পোহৰলৈ অহাৰ পাছতেই চৰকাৰৰ সিদ্ধান্তক লৈ সৰৱ হৈ পৰিছে বিৰোধী। ইতিমধ্যে সাংসদ গৌৰৱ গগৈয়ে এই ক্ষেত্ৰত কেন্দ্ৰীয় বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে গিবন অভয়াৰণ্যৰ গাতে লাগি আছে দিচৈ সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলতে প্ৰাকৃতিক গেছ আৰু তেলৰ অন্বেষন কৰিবলৈ বেদান্ত গ্ৰুপে অসম চৰকাৰক এক আবেদন জনাইছিল। এই আবেদন ইতিমধ্যে গ্ৰহণ কৰি এক প্ৰকাৰ  সন্মতি প্ৰদান কৰিছে চৰকাৰে। কিয়নো এই আবেদন বিভাগীয় কৰ্তৃপক্ষই প্ৰেৰণ কৰিছে ভাৰত চৰকাৰলৈ। তেল আৰু গেছ অন্বেষণৰ ক্ষেত্ৰত পৰৱৰ্তী সিদ্ধান্ত ল’ব কেন্দ্ৰ চৰকাৰেহে।

এই বিষয়ত কেন্দ্ৰীয় বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱলৈ পত্ৰ প্ৰেৰণ কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে, গিবন অভয়াৰণ্য হুলুক গিবনৰ বসতিস্থল। অসম বন্যপ্ৰাণী বিভাগৰ পৰামৰ্শ অনুসৰি যদি এই সিদ্ধান্ত মঞ্জুৰি প্ৰদান কৰে তেন্তে বহু ক্ষতি হ’ব। ইয়ে আমাৰ প্ৰাকৃতিক ঐতিহ্য আৰু বন্যপ্ৰাণীৰ বাবে বিপদ মাতি আনিব বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে। গতিকে এই সিদ্ধান্ত নাকচ কৰি বিকল্প সন্ধান কৰিবলৈ সাংসদগৰাকীয়ে আবেদন জনায়।

বৃহস্পতিবাৰে এই বিষয়টো বিধানসভাতো উত্থাপন হয়। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই বিষয়টো উত্থাপন কৰি কয় যে,  ৰাষ্ট্ৰীয় হিতৰ বাবে বেদান্ত গ্ৰুপক প্ৰাকৃতিক গেছ আৰু তেল অন্বেষণ কৰিবলৈ অনুমতি দিয়া হৈছে। ২০১০ চনত এই গ্ৰুপে উৰিষ্যাৰ নিয়মগিৰি অভয়াৰণ্যতো তেল অন্বেষণ কৰিবলৈ বিচাৰিছিল যদিও সমগ্ৰ দেশত ইয়াক লৈ  প্ৰতিবাদ হৈছিল। এতিয়া এই গ্ৰুপে গিবন অভয়াৰণ্যত এনে কৰিব বিচাৰিছে। প্ৰকৃতি ধ্বংস কৰি চৰকাৰে কেৱল ক্ষমায়ে খুজিব নে পৰিবেশ ধ্বংস ৰক্ষাৰ বাবে কিবা সিদ্ধান্ত ল’ব বুলি প্ৰশ্ন কৰে শইকীয়াই।

উত্তৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, গিবন অভয়াৰণ্যত তেল অন্বেষণৰ অনুমতি  দিয়া হোৱা নাই। গিবনৰ পৰা ১৩ কিলোমিটাৰ দূৰৰ ঠাইত তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ কৰাৰ অনুমতি দিয়াৰ ক্ষেত্ৰত চিন্তা চৰ্চা চলি আছে।  ষ্টেট ৱাইল্ড বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে যে বেদান্ত গ্ৰুপত তেলৰ অন্বেষণ কৰিবলৈ দিয়া হ’ব। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে একো কৰিব নোৱাৰে। ষ্টেট ৱাইল্ড বোৰ্ডে এই পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰ চৰকাৰলৈ আৰু পৰৱৰ্তী সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰেহে ল’ব পাৰিব।

উল্লেখ্য যে, গিবন অভয়াৰণ্য গিবন হলৌ বান্দৰৰ বাবে বিখ্যাত। ইয়াত উত্তৰ-পূৱৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰো পোৱা যায়। ইয়াৰোপৰি এই অঞ্চলখিনিক হাতীৰ বসতি স্থল বুলি কোৱা হয়। এই অঞ্চলটোত ১০০-১৫০জনীয়া হাতীৰ এটা জাক আছে আৰু ইয়াতেই হাতীৰ আহ- যহ চলে। যদি এই দিচৈ বনাঞ্চলত তেলৰ খান্দ খন্দা হয় তাৰ ফলত প্ৰকৃতিৰ লগতে বন্যপ্ৰাণীসমূহো যথেষ্ঠ ক্ষতিগ্ৰস্ত হ’ব। ইয়াৰ ফলত হাতী- মানুহৰ সংঘাত বৃদ্ধি হোৱাৰো সম্ভাৱণা আছে।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!