প্ৰতিবাদৰ প্ৰভাৱ! গিবনত নচলে বেদান্তৰ হাতোৰা, স্থগিত খননৰ প্ৰস্তাৱ | Hollongpara Gibbon Sanctuary oil and gas exploration Vedanta group proposal deferred Gaurav Gogoi Assam news - Assam Tv9

প্ৰতিবাদৰ প্ৰভাৱ! গিবনত নচলে বেদান্তৰ হাতোৰা, স্থগিত খননৰ প্ৰস্তাৱ

যোৰহাটস্থিত এই গিবন অভয়াৰণ্যত এতিয়া নহয় খনিজ সম্পদৰ খনন। নেচনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফে স্থগিত ৰাখিছে গিবনত খননৰ প্ৰস্তাৱ। বেদান্ত কেয়াৰ্ন অইল এণ্ড গেছে আগবঢ়াইছিল এই প্ৰস্তাৱ। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱৰ অধ্যক্ষতাত নেচনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফে এই খননৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ পূৰ্বে ক্ষেত্ৰ পৰিদৰ্শনৰ প্ৰয়োজনীতা আছে বুলি উল্লেখ কৰি এই প্ৰস্তাৱ সদহ্যতে নাকচ কৰে।

প্ৰতিবাদৰ প্ৰভাৱ! গিবনত নচলে বেদান্তৰ হাতোৰা, স্থগিত খননৰ প্ৰস্তাৱ

ৰক্ষা পৰিল হোলোঙ্গাপাৰ গিবন

Published: 

18 Oct 2024 18:12 PM

অৱশেষত ধ্বংসৰ গৰাহত পৰাৰ পৰা ৰক্ষা পৰিছে হোলোঙ্গাপাৰ গিবন। শেহতীয়া কিছুদিন ধৰি গিবনৰ সুৰক্ষাৰ বাবে কণ্ঠ নিগৰাই অহা প্ৰকৃতিপ্ৰেমী লোকসকলৰ প্ৰতিবাদ অৱশেষত হৈছে সফল। যোৰহাটস্থিত এই গিবন অভয়াৰণ্যত এতিয়া নহয় খনিজ সম্পদৰ খনন। নেচনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফে স্থগিত ৰাখিছে গিবনত খননৰ প্ৰস্তাৱ। বেদান্ত কেয়াৰ্ন অইল এণ্ড গেছে আগবঢ়াইছিল এই প্ৰস্তাৱ। আজি যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে এক টুইট যোগে নেচনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছে।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱৰ অধ্যক্ষতাত নেচনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফে এই খননৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ পূৰ্বে ক্ষেত্ৰ পৰিদৰ্শনৰ প্ৰয়োজনীতা আছে বুলি উল্লেখ কৰি এই প্ৰস্তাৱ সদহ্যতে নাকচ কৰে। ইফালে খননৰ প্ৰস্তাৱ নাকৱ কৰিলেও অভয়াৰণ্যখনৰ মাজেৰে পাৰ হৈ যোৱা ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈদুতিক ৰে’লপথৰ বাবে অনুমোদন জনাইছে ব’ৰ্ডে.

অৱশ্যে অভয়াৰণ্যৰ মাজেৰে পাৰ হৈ যোৱা এই ৰে’লপথত চলাচল কৰিবলগা ৰে’লৰ গতিবেগ সম্পৰ্কে ব’ৰ্ডে চৰ্ত বান্ধি দিছে। ব’ৰ্ডে অভয়াৰণ্যখন দুটা খণ্ডত খণ্ডিত কৰা ৰে’লপথটোৰ ১ ১.৬৫ কিলোমিটাৰ ৰেলপথ নিৰাপদে পাৰ হ’ব পৰাকৈ কৃত্ৰিম আৰু প্ৰাকৃতিক অভাৰব্ৰীজ নিৰ্মাণৰ পৰামৰ্শ আগবঢ়াইছে। তদুপৰি ব’ৰ্ডে বন্যপ্ৰাণীৰ পথ স্থাপন নোহোৱালৈকে বিদ্যুৎ তাঁৰ সক্ৰিয় নকৰিবলৈও পৰামৰ্শ আগবঢ়াইছে।

 

উল্লেখ্য যে গিবন অভয়াৰণ্যৰ গাতে লাগি থকা দিচৈ সংৰক্ষিত বনাঞ্চলত তেলৰ অন্বেষণ কৰাৰ প্ৰস্তাৱ আগবঢ়াই বেদান্ত কেয়াৰ্ণ অইল এণ্ড গেছে অসম চৰকাৰৰ ওচৰত আবেদন জনাইছিল। এই প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্য চৰকাৰে এই আবেদন ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছিল। এই খবৰ পোহৰলৈ অহাৰ পাছতেই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠন তথা প্ৰকৃতিপ্ৰেমী লোকসকল সৰৱ হৈ পৰিছিল।

এই বিষয়ত সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰখনত গৌৰৱ গগৈয়ে গিবন অভয়াৰণ্য বিলুপ্তপ্ৰায় হুলুক গিবনৰ বসতিস্থল বুলি আঙুলিয়াই দি অসম বন্যপ্ৰাণী বিভাগৰ পৰামৰ্শ অনুসৰি যদি এই সিদ্ধান্ত মঞ্জুৰি প্ৰদান কৰে তেন্তে বহু ক্ষতি হ’ব বুলি সকীয়াই দিছিল। এই সিদ্ধান্তই প্ৰাকৃতিক ঐতিহ্য আৰু বন্যপ্ৰাণীৰ বাবে বিপদ মাতি আনিব বুলিও গৌৰৱ গগৈয়ে উল্লেখ কৰে।

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাংসদগৰাকীয়ে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত এই সিদ্ধান্ত নাকচ কৰি বিকল্প সন্ধান কৰিবলৈ আবেদন জনায়। ইফালে নেচনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফে এতিয়া এই প্ৰস্তাৱ নাকচ কৰাৰ পিছতে এই পদক্ষেপক তেওঁ আদৰণি জনায়। অৱশ্যে স্থগিতাদেশ কেৱল এক অস্থায়ী সমাধান বুলি উল্লেখ কৰি তেওঁ সংশ্লিষ্ট চৰকাৰী সংস্থাসমূহে পৰিস্থিতিটোৰ এক বিস্তৃত মূল্যায়ন কৰিব লাগিব বুলি উল্লেখ কৰে।

সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!