আলফাৰ আইনী বৈধতা নিৰ্ণয় কৰিবলৈ ন্যায়াধিকৰণ গঠন গৃহ মন্ত্ৰণালয়ৰ

আলফা(স্বা)ক নিষিদ্ধ সংগঠন বা বে-আইনী সংগঠন হিচাপে ঘোষণা কৰাৰ কাৰণ নিধাৰণ কৰিবৰ বাবে গঠন কৰা হৈছে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) ন্যায়াধিকৰণ । এই ন্যায়াধিকৰণ গঠন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ।

আলফাৰ আইনী বৈধতা নিৰ্ণয় কৰিবলৈ ন্যায়াধিকৰণ গঠন গৃহ মন্ত্ৰণালয়ৰ

আলফা কাৰ্যকলাপ মূল্যালয়ৰ বাবে ন্যায়াধিকৰণ গঠন

Updated On: 

24 Dec 2024 18:10 PM

সকলো গোট, শাখা আৰু অন্যান্য সংগঠকে ধৰি আলফা(স্বা)ক নিষিদ্ধ সংগঠন বা বে-আইনী সংগঠন হিচাপে ঘোষণা কৰাৰ কাৰণ নিধাৰণ কৰিবৰ বাবে গঠন কৰা হৈছে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) ন্যায়াধিকৰণ । এই ন্যায়াধিকৰণ গঠন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে । এই অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) ন্যায়াধিকৰণে সংগঠনটোক বে-আইনী সংগঠন হিচাপে ঘোষণা কৰাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেয়া মূল্যায়ন কৰিব ।

এই ন্যায়াধিকৰণৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথ্যাংহুমাক । মাইকেল জোথ্যাংহুমাই চোৱাচিতা কৰিব বিচাৰ প্ৰক্ৰিয়া । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্বেগ দূৰ কৰাৰ লগতে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত আলফা(স্বা)ৰ আইনী মৰ্যাদা নিৰ্ধাৰণৰ বাবে চৰকাৰে চলাই থকা প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ (৩৭)ৰ ধাৰা ৫-ৰ উপ-ধাৰা (১)ৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰিছে গৃহ বিভাগে ।

১৯৬৭ চনৰ অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন অনুসৰি আলফা(স্বা)ক সময়ে সময়ে বে-আইনী সংগঠন হিচাপে নিষিদ্ধ ঘোষণা কৰি অহা হৈছে । ২০১৯ চনৰ ২৭ নৱেম্বৰত জাৰি কৰা শেহতীয়া নিষেধাজ্ঞা চলিত বৰ্ষৰ নৱেম্বৰৰ শেষৰ ফালে পুনৰ নিষেধাজ্ঞাৰ সময়সীমা বৃদ্ধি কৰা হয় । গৃহ মন্ত্ৰণালয়ৰ অধিসূচনাত পুনৰ কোৱা হৈছে যে, ইয়াৰ সকলো গোট, শাখা আৰু সংগঠনকে ধৰি আলফা(স্বা) ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে ক্ষতিকাৰক কাৰ্যকলাপৰ সৈতে জড়িত।

উল্লেখ্য যে, আলফাক প্ৰথমবাৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছিল ১৯৯০ চনত । ইয়াৰ পাছৰে পৰা সংগঠনটোক লৈ জাৰি কৰা এই নিষেধাজ্ঞাৰ সময়সীমা সময়ে সময়ে বৃদ্ধি কৰি অহা হৈছে । গৃহ বিভাগে অধিসূচনাত উল্লেখ কৰিছে যে, যোৱা ৫ বছৰত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিযানত তিনিজন আলফা কেডাৰ নিহত হৈছে । ইয়াৰ উপৰিও সংগঠনটোৰ সদস্যসকলৰ বিৰুদ্ধে ১৫টা গোচৰ ৰুজু কৰা হয় । লগতে তিনিখন অভিযোগনামা দাখিল কৰাৰ লগতে তিনিজন কেডাৰৰ বিৰুদ্ধে গোচৰ চলোৱা হয় বুলি জানিবলৈ দিছে গৃহ মন্ত্ৰণালয়ে ।

খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?
খাদ্য গ্ৰহণৰ পাছত কৰক এই কাম, কেতিয়াও নাবাঢ়ে ওজন!
কাইলৈ পবিত্ৰ বৰদিন, জানক সমগ্ৰ বিশ্বতে উদযাপন কৰা বৰদিনৰ আঁৰৰ কাহিনী
সংগীৰ সৈতে প্ৰায়ে হয় নেকি কাজিয়া? তেন্তে কৰক এই উপায়, দূৰ হ'ব সমস্যা..