5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সুন্দৰী যুৱতী দেখিলেই ভোল নাযাব! গুৱাহাটীৰ এজন ব্যৱসায়ীয়ে হেৰুৱালে লাখ লাখ টকা

Honey trap: সুন্দৰী যুৱতীৰ পৰা সাৱধান! টীনা, পৰি, জিনা আদি বিভিন্ন নামেৰে জনা যায় যুৱতীগৰাকীক। গুৱাহাটীত মাহে মাহে ঘৰ সলোৱা যুৱতীগৰাকীক বিচাৰি এতিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

সুন্দৰী যুৱতী দেখিলেই ভোল নাযাব! গুৱাহাটীৰ এজন ব্যৱসায়ীয়ে হেৰুৱালে লাখ লাখ টকা
গুৱাহাটী হানি টেপিং
Follow Us
barasha-sarma
Barasha Sarma | Published: 23 Sep 2024 16:53 PM

সুন্দৰী যুৱতী দেখিলেই ভোল নাযাব! কিয়নো আপুনিও পৰিব পাৰে বিপদত। একাংশ সুন্দৰী যুৱতীয়ে প্ৰেমৰ চালনাৰে বা বিভিন্ন প্ৰলোভনেৰে বহুলোকক সৰ্বস্বান্ত কৰাৰ ঘটনা প্ৰায়েই পোহৰলৈ আহে। এনে এক ঘটনা পুনৰ সংঘটিত হৈছে অসমত। চিনেমাৰ দৰে লগা এই ঘটনাত প্ৰথমে এগৰাকী সুন্দৰী যুৱতীয়ে নিজৰ প্ৰেমৰ জালত পেলাই নামী- দামী ব্যৱসায়ীক আৰু পাছত কৰে ব্লেকমেইলিং। যুৱতীগৰাকীৰ নাম বহুতো। কেৱল এগৰাকী যুৱতীয়ে নহয় এই গেঙটোত আছে বহু যুৱতী।

নিজকে প্ৰতিষ্ঠিত মডেল বুলি চিনাকী দিয়া এইগৰাকী যুৱতীয়ে প্ৰথমে বন্ধুত্ব কৰে আৰু পাছত প্ৰেম কৰি ভুক্তভোগীৰ লগত অন্তৰংগ সময় পাৰ কৰে। এই অন্তৰংগ সময়ৰ ফটো বা ভিডিঅ’ যুৱতীগৰাকীয়ে মনে মনে কেমেৰাত আৱদ্ধ কৰি পৰৱৰ্তী সময়ত ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। এইবাৰ এগৰাকী ব্যৱসায়ী পৰিল এনে যুৱতীৰ জালত।

এইবাৰ হানি ট্ৰেপিঙৰ বলি হ’ল গুৱাহাটীৰ এগৰাকী ব্যৱসায়ী। ব্যৱসায়ীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে যুৱতীগৰাকীয়ে গোপন ফটো, ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি তেওঁৰ পৰা বহু টকা সৰকাইছে। অভিযোগ অনুসৰি ব্যৱসায়ীগৰাকীৰ পৰা যুৱতীগৰাকীয়ে প্ৰায় ১২ লাখ টকা ইতিমধ্যে লৈছে। ইমানতেই ক্ষান্ত নাথাকি যুৱতীগৰাকীয়ে আৰু অধিক টকা দাবী কৰিছে ব্যৱসায়ীগৰাকী।

ঘটনা সন্দৰ্ভত ব্যৱসায়ীগৰাকীৰ পত্নীয়ে ইতিমধ্যে হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । ঘটনা সন্দৰ্ভত  ব্যৱসায়ীগৰাকীয়ে জনাই যে, প্ৰথমে তেওঁ যুৱতীগৰাকীৰ চিনাকী হৈছিল  আৰু পৰৱৰ্তী সময়ত দুয়োৰে মাজত ভাল বন্ধুত্ব গঢ় লৈ উঠিছিল। এই বন্ধুত্ব লাহে লাহে প্ৰেমলৈ ৰূপান্তৰ হৈছিল আৰু দুয়ো অন্তৰংগ সময় পাৰ কৰিব লৈছিল। সময় বাগৰিল, কিন্তু ভাল দিন বেছি নচলিল ব্যৱসায়ীগৰাকীৰ।

কিয়নো সুন্দৰী যুৱতী তথা তেওঁৰ প্ৰেমিকাই লাহে লাহে আৰম্ভ কৰিলে ব্লেকমেইল কৰাৰ। প্ৰথমে সৰু- সুৰা উপহাৰ বিচৰা যুৱতীেয় পাছলৈ দামী দামী উপহাৰৰ দাবী কৰা হ’ল। আই ফোন পৰ্যন্ত দাবী কৰি উপহাৰ হিচাপে লৈছে যুৱতীগৰাকীয়ে। প্ৰায় ১ বছৰ ধৰি যুৱতীগৰাকীয়ে ব্যৱসায়ীজনক ব্লেকমেইল কৰি আহিছে। টকা নিদিলে যুৱতীগৰাকীয়ে গোপন ফটো, ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিয়ে, যাৰ বাবে উপায়হীন হৈ ব্যৱসায়ীগৰাকীয়ে যুৱতীগৰাকীক বিভিন্ন সময়ত টকা দি আহিছে।

এই ক্ষেত্ৰত উপায়ন্তৰ হৈ ব্যৱসায়ীগৰাকীৰ পত্নী কাষ চাপিছে আৰক্ষীৰ। তেওঁৰ স্বামীক যুৱতীগৰাকীয়ে বিভিন্ন সময়ত কৰি অহা ব্লেকমেইল আৰু স্বামীয়ে দিয়া টকাৰ প্ৰমাণো আৰক্ষীক দিছে। জানিব পৰা মতে টীনা, পৰি, জিনা আদি বিভিন্ন নামেৰে জনা যায় যুৱতীগৰাকীক। গুৱাহাটীত মাহে মাহে ঘৰ সলোৱা যুৱতীগৰাকীক বিচাৰি এতিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

Latest News