গণৰাজ্য দিৱসৰ বাবে কেনে প্ৰস্তুতি ৰাজ্যিক প্ৰশাসনৰ ? নিৰাপত্তাৰ ব্যৱস্থাৰ পৰ্যালোচনা মুখ্য সচিবৰ

আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ নিৰাপত্তাৰ দিশকে ধৰি সামগ্ৰিক ব্যৱস্থাৰ পৰ্যালোচনা কৰে অসমৰ মুখ্য় সচিব গৰাকীয়ে। এক্স হেণ্ডেলৰ এক পোষ্টত অসমৰ মুখ্য সচিব গৰাকীয়ে কয় যে, ডিজিপি জিপি সিং, অন্যান্য উচ্চপদস্থ বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়া উপস্থিতিত ৰাজ্য়জুৰি গণৰাজ্য দিৱস উদযাপনৰ  ব্যৱস্থা, বিশেষকৈ গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয় কাৰ্যসূচী চোৱাচিতা কৰা সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হয় ।

গণৰাজ্য দিৱসৰ বাবে কেনে প্ৰস্তুতি ৰাজ্যিক প্ৰশাসনৰ ? নিৰাপত্তাৰ ব্যৱস্থাৰ পৰ্যালোচনা মুখ্য সচিবৰ

অসমৰ মুখ্য সচিবৰ পৰ্যালোচনা বৈঠক

Updated On: 

01 Jan 2025 13:51 PM

অসমৰ মুখ্য সচিব ৰবি কোটাই সমগ্ৰ অসমত অনুষ্ঠিত হ’বলগীয়া আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ নিৰাপত্তাৰ দিশকে ধৰি সামগ্ৰিক ব্যৱস্থাৰ পৰ্যালোচনা কৰে। এক্স হেণ্ডেলৰ এক পোষ্টত অসমৰ মুখ্য সচিব গৰাকীয়ে কয় যে, ডিজিপি জিপি সিং, অন্যান্য উচ্চপদস্থ বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়া উপস্থিতিত ৰাজ্য়জুৰি গণৰাজ্য দিৱস উদযাপনৰ  ব্যৱস্থা, বিশেষকৈ গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয় কাৰ্যসূচী চোৱাচিতা কৰা সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হয় । এই বৈঠক নিৰাপত্তা প্ৰট’কল ব্যৱস্থা পৰ্যালোচনা কৰাৰ বাবে আয়োজন কৰা হৈছিল ।

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় কাৰ্যসূচী সন্দৰ্ভত কোটাই কয় যে, এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শোভা বঢ়াব আৰু সাংস্কৃতিক প্ৰদৰ্শন আৰু আনুষ্ঠানিক পেৰেড অনুষ্ঠিত কৰিব। তেওঁ লগতে কয় যে, চিচিটিভি চোৱাচিতা, পৰ্যাপ্ত পোহৰ, চেনিটাইজেচন, কঠোৰ ফ্ৰিস্কিং প্ৰট’কলকে ধৰি বৰ্ধিত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

কোটাই লগতে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰিব । উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ ৰাজধানীৰ বাহিৰত ডিব্ৰুগড় চহৰত প্ৰথমটো মুখ্যমন্ত্ৰী সচিবালয় মুকলি কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয় যে, এই কাৰ্যসূচীৰ বাবে ডিব্ৰুগড় উপায়ুক্তক এনচিচিৰ কেডেটৰ সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে প্ৰৱেশ আৰু প্ৰস্থান ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক বিস্তৃত অনুষ্ঠান আৰু নিৰাপত্তা পৰিকল্পনাৰ বাবে প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিয়া হৈছে।

লগতে তেওঁ কয় যে, অসম আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু সেনাবাহিনীৰ সৈতে ৰাজ্যজুৰি নিৰাপত্তা পৰীক্ষা তীব্ৰতৰ কৰি নিৰৱচ্ছিন্ন সমন্বয় নিশ্চিত কৰা হ’ব। তেওঁ লগতে কয় যে এছ পি আৰু বলবৎকাৰী সংস্থাসমূহক এক শক্তিশালী সুৰক্ষা ব্যৱস্থা ৰূপায়ণৰ দায়িত্ব দিয়া হৈছে। লগতে ৰাজ্যজুৰি সকলো স্থান সুৰক্ষিত কৰিবলৈ মুখ্য সচিবগৰাকীয়ে চিচিটিভি কেমেৰা স্থাপন আৰু পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা আৰু চিকিৎসা দল নিয়োগ, কঠোৰ ফ্ৰিস্কিং প্ৰট’কল আৰু চাৰিওফালৰ অঞ্চলত চেনিটাইজেচন আৰু পৰিদৰ্শন আদি সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে।

সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!