বাঘৰ আক্ৰমণৰ পৰা কিদৰে নিজক ৰক্ষা কৰিব? কাৰ ক্ষেত্ৰত নিষিদ্ধ হ’ব লাগে মোবাইল? ক’লে বিধায়ক অতুল বৰাই…

অতুল বৰাই কয়, " বাঘৰ উপদ্ৰৱ বৃদ্ধি হৈছে। বিভিন্ন ঠাইতে বাঘে মানুহক আক্ৰমণ কৰিছে। কিন্তু বাঘে কেতিয়াও মানুহক সন্মুখৰ পৰা আক্ৰমণ নকৰে। সদায় পাছফালৰ পৰাই আক্ৰমণ কৰে। বাঘ মানুহৰ ঘৰত সোমোৱা নাই,  বাঘৰ ঘৰতহে মানুহ সোমাইছে।"

বাঘৰ আক্ৰমণৰ পৰা কিদৰে নিজক ৰক্ষা কৰিব? কাৰ ক্ষেত্ৰত নিষিদ্ধ হব লাগে মোবাইল? কলে বিধায়ক অতুল বৰাই...

বিধায়ক অতুল বৰা

Updated On: 

28 Dec 2024 18:54 PM

শনিবাৰে সংবাদমেল সম্বোধন কৰে দিছপুৰৰ বিধায়ক অতুল বৰাই। সংবাদমেলৰ বিষয়বস্তু হ’ল প্ৰকৃতি আৰু জীৱকূলৰ সুৰক্ষা। সংবাদমেলত কেইবাটাও প্ৰসংগৰ কথা উল্লেখ কৰে বিধায়ক অতুল বৰাই। ১৬ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত মোবাইল তথা সামাজিক মাধ্যমৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও কয় বিধায়কগৰাকীয়ে। লগতে বাঘৰ আক্ৰমণৰ পৰা ৰক্ষাৰ পোৱা কৌশলো দেখুৱালে অতুল বৰাই।

সংবাদমেলত ৰাজ্যত হোৱা বাঘৰ  আক্ৰমণৰ সন্দৰ্ভত বিধায়ক অতুল বৰাই কয়, ” বাঘৰ উপদ্ৰৱ বৃদ্ধি হৈছে। বিভিন্ন ঠাইতে বাঘে মানুহক আক্ৰমণ কৰিছে। কিন্তু বাঘে কেতিয়াও মানুহক সন্মুখৰ পৰা আক্ৰমণ নকৰে। সদায় পাছফালৰ পৰাই আক্ৰমণ কৰে।” ইয়াৰ পৰা ৰক্ষা পাবলৈ পাছফালে মুখা লগোৱাৰ কথা ক’লে অতুল বৰাই। তেওঁ কয়, ” বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সুন্দৰবনত মাছমৰীয়াসকলে পাছফালে এখন মুখা লগাই লয়। এই দৃশ্য় আমি চিনেমাত দেখিছোঁ। মুখা পিন্ধিলে বাঘে আক্ৰমণ নকৰে। ” সেয়েহে বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ মুখা লগাবলৈ উপদেশ দিয়ে বিধায়কগৰাকীয়ে।

লগতে তেওঁ কয়,  “বাঘ মানুহৰ ঘৰত সোমোৱা নাই,  বাঘৰ ঘৰতহে মানুহ সোমাইছে। পাহাৰ কাটি মানুহ বাঘৰ ঘৰত সোমোৱাৰ বাবেই গুৱাহাটীত বাঘ ওলাইছে। গছ-গছন সকলো কাটিছে । কোনেও বাধা নিদিয়ে।” ইফালে ভূ-মাফিয়াক লৈ সৰৱ হ’ল অতুল বৰা। তেওঁ কয়, ভূ-মাফিয়াই টিকট পোৱাটো অতুল বৰাই নিবিচাৰে। ভূ-মাফিয়াক কোনো দলে টিকট দিব নালেগে। তেওঁ কয়, এতিয়া বনদস্যু ইমানে বাঢ়িছে যে জংঘলৰ পৰা হাতী-বাঘবোৰ ওলাই আহিছে। তেওঁ কয়, “ছিণ্ডিকেটৰ বিৰুদ্ধে চৰকাৰে যদি কাৰোবাক গুলীয়ায়, তেন্তে আটাইতকৈ সুখী মই হ’ম”।

১৬ বছৰৰ তলৰ ল’ৰা-ছোৱালীয়ে মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে কয়,  “ভাৰত চৰকাৰে অষ্ট্ৰেলিয়াৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। যাতে ১৬ বছৰৰ তলৰ ল’ৰা-ছোৱালীয়ে যাতে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জনাই অতুল বৰাই। প্ৰধানমন্ত্ৰীৰ উদ্দেশ্যি তেওঁ কয়, আপুনি ইয়াৰ নেতৃত্ব লওক। এতিয়া ল’ৰা-ছোৱালীয়ে খেলা-ধূলা নকৰে। মোবাইলতে খেলিব, হাঁহিব, কান্দিব। তেওঁলোকৰ বাবে মোবাইলে সকলো। অসম ইয়াৰ বাবে বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে।”

চৰকাৰৰ এক কোটি গছ ৰোপন কাৰ্যসূচীক সমালোচনা কৰি তেওঁ কয়, ” এক কোটি গছ ৰোপনৰ ঠাই এক কোটি বাঁহ গছ, কল গছ, আঁহত গছ, কুঁহিয়াৰ আদি ৰোপন কৰিলে বনৰীয়া হাতীৰ উপদ্ৰৱ ৩০ শতাংশ হ্ৰাস হ’লহেঁতেন।বস্তাই বস্তাই যদি কোনো আচুতীয়া ঠাইত নিমখ ৰখা হয় তেনে ঠাইলৈ হাতী নিশ্চয় আহিব। সেই ঠাইত কল গছ, কুঁহিয়াৰ আদি খাদ্য ৰাখিলে ধান খেতি নষ্ট কৰা কাৰ্য যথেষ্ট হ্ৰাস পাব।”

চুবুৰীয়া ৰাষ্ট্ৰ চীনে নিৰ্মাণ কৰিব ওলোৱা নদীবান্ধ সন্দৰ্ভত অতুল বৰাই সংবাদমেলত কয়,  চীনৰ বান্ধৰ বাবে অসম ক্ষতিগ্ৰস্ত হ’ব। সেয়ে অসম চৰকাৰে ইয়াৰ বিৰুদ্ধে যুজিব লাগিব। অসম চৰকাৰে অকলে এই কাম কৰিব নোৱাৰে।  সেয়ে ভাৰত চৰকাৰক ইয়াৰ বিৰুদ্ধে যুজিবলৈ বাধ্য কৰাব লাগিব বুলি কয় অতুল বৰাই ।

নতুন বছৰৰ প্ৰথম দিনটোত কৰক এই মন্ত্ৰৰ জপ, ধনেৰে ভৰিব আপোনাৰ ঘৰ!
মেলবৰ্ণ টেষ্টৰ পিছতে অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিলে যশপ্ৰীত বুমৰাহে, স্থান নহ’ল ৰোহিতৰ
দীঘল, ধুনীয়া চুলি বিচাৰে নেকি? তেন্তে এনেদৰে ব্যৱহাৰ কৰক নিম পাত...
বেটাৰৰ বাবে সন্ত্ৰাস বুমৰাহৰ প্ৰতিভা প্ৰথমে কাৰ চকুত ধৰা পৰিছিল!