স্থিতি শূন্য সহনশীলতা ! দুৰ্নীতিৰ বিৰুদ্ধে কিমান সফল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ?
বিধানসভাত এক আলোচনাৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, তেওঁৰ চৰকাৰে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ পন্থা গ্ৰহণ কৰিছে। তেওঁ কয়, ২০২১ চনৰ পৰা ২৪ জন প্ৰথম শ্ৰেণীৰ বিষয়া, ৩৪৯ জন দ্বিতীয় শ্ৰেণীৰ বিষয়া আৰু ৩৪৯ জন তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক দুৰ্নীতি সম্পৰ্কীয় অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

দুৰ্নীতিৰ অভিযোগত ২০২১ চনৰ পৰা অসমত ৪৫০ জনতকৈ অধিক চৰকাৰী কৰ্মচাৰীক আটক কৰা হৈছে । সোমবাৰে এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, ২০২১ চনৰ পৰা ৪৫০ জনতকৈ অধিক চৰকাৰী কৰ্মচাৰীক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকৰ পৰা প্ৰায় ১২ কোটি টকা নগদ ধন জব্দ কৰা হৈছে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে ।
বিধানসভাত এক আলোচনাৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, তেওঁৰ চৰকাৰে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ পন্থা গ্ৰহণ কৰিছে। তেওঁ কয়, “২০২১ চনৰ পৰা ২৪ জন প্ৰথম শ্ৰেণীৰ বিষয়া, ৩৪৯ জন দ্বিতীয় শ্ৰেণীৰ বিষয়া আৰু ৩৪৯ জন তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক দুৰ্নীতি সম্পৰ্কীয় অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ পৰা ২২৪.৭৪ গ্ৰাম সোণ উদ্ধাৰৰ লগতে ১২ কোটি টকা নগদ ধন জব্দ কৰা হৈছে। ইয়াৰে ৩১ জনক এতিয়ালৈকে দোষী সাব্যস্ত কৰা হৈছে।”
ইফালে, মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, ২০২১ চনৰ পৰা বৰ্তমানলৈকে অসমত ২৬০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে । ইয়াৰ লগতে ১৯ হাজাৰ সৰবৰাহকাৰীক আটক কৰা হৈছে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে।
ইফালে, দ্বিতীয়বাৰৰ বাবে দায়িত্ব লোৱাৰ পৰা বিজেপি চৰকাৰে চুপাৰী ছিণ্ডিকেটক বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি ২০২১ চনৰ পৰা ৭০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে । “আমি ৬ হাজাৰ টন অবৈধ ‘চুপাৰী’ জব্দ কৰিছো আৰু এই পৰ্যন্ত ৭২৪ টা গোচৰ পঞ্জীয়ন হৈছে। শেহতীয়া এডভান্টেজ আছাম সন্মিলনৰ সময়ত আমি অসমত দুটা ‘চুপাৰী’ ইউনিট স্থাপনৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলো। এতিয়া, চুপাৰী ৰাজ্যৰ বাহিৰলৈ চোৰাংভাৱে নিয়াৰ প্ৰয়োজন নাথাকিব।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে ।
একেদৰে অবৈধ সুৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, যোৱা চাৰি বছৰত তিনি লাখ লিটাৰ অবৈধ সুৰা জব্দ কৰা হৈছে। একে সময়তে তেওঁ কয়, “গৰু সৰবৰাহৰ ক্ষেত্ৰত বিগত সময়ত ৪৩০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়া গাখীৰ দিয়া গৰুৰ বাহিৰে পশ্চিম বংগৰ পৰা এটাও গৰু অসমলৈ অহা নাই।”
অবৈধ কয়লা খননৰ সন্দৰ্ভত তেওঁ শৰ্মাই কয় যে, ২০২১ চনৰ পৰা ২২৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৩৩ লাখ টন অবৈধ কয়লা জব্দ কৰা হৈছে । ন্যায় প্ৰদানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, পূৰ্বৰ প্ৰায় ছয় শতাংশৰ তুলনাত কোনো অপৰাধত দোষী সাব্যস্ত হোৱাৰ হাৰ ২৫ শতাংশলৈ বৃদ্ধি পাইছে। লগতে তেওঁ কয় যে, অপৰাধৰ হাৰো যথেষ্ট হ্ৰাস পাইছে। ২০১৬ চনত ১২ লাখ এফআইআৰ পঞ্জীয়ন হৈছিল। এতিয়া মাত্ৰা ৪০ হাজাৰ ফআইআৰ পঞ্জীয়ন হৈছে বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।