Rongali Bihu: নাচনীৰ খোপা শুৱনি কৰা গগনাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল? ইয়াক কেনেদৰে প্ৰস্তুত কৰে জানেনে?
গগনাক ওঁঠেৰে চেপি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি। মিচিং ভাষাত গগনাক ‘গুংগাং’ বোলা হয়। নাচনীৰ খোপা শুৱনি কৰা গগনাৰ কেনেদৰে প্ৰচলন হৈছিল জানেনে?

নাচনীৰ খোপা শুৱনি কৰা গগনাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলোৱে ব্যস্ত হৈ পৰিছে হেঁপাহৰ ব’হাগ বিহুক আদৰিবৰ বাবে। ৰঙালী বিহুৰ সময়ত বিহু নাচত বিশেষকৈ ব্যৱহাৰ কৰা হয় গগনা। গগনা অসমীয়া মানুহৰ এবিধ বাদ্যযন্ত্ৰ। অসমৰ বিহুগীত আৰু বিহুনৃত্যত গগনা বজোৱা হয়৷ ই এক বাঁহেৰে নিৰ্মিত জৱ’চ হাৰ্প। অসমৰ লোক-সংস্কৃতিত গগনাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। গগনাক ওঁঠেৰে চেপি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি। মিচিং ভাষাত গগনাক ‘গুংগাং’ বোলা হয়। নাচনীৰ খোপা শুৱনি কৰা গগনাৰ কেনেদৰে প্ৰচলন হৈছিল জানেনে?
প্ৰাচীন চিত্ৰণ হিচাপে খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ চীনা ছবি আৰু চীনৰ ছানছিৰ শ্বিমাও দুৰ্গত আৱিষ্কাৰ হোৱা বক্ৰাকৃতিৰ হাড়বোৰেই জ হাৰ্পৰ অস্তিত্বৰ আটাইতকৈ প্ৰাচীন প্ৰমাণ বুলি বিশ্বাস কৰা হয়। সেই দিশেৰে গগনাৰ আদিম স্বৰূপটো ১৮০০ খ্ৰীষ্টপূৰ্বৰো আগৰ।
জৱ’চ হাৰ্প হৈছে এক লেমেলোফোন বাদ্য। এই বাদ্যবিধ এটা ফ্ৰেমত সংলগ্ন নমনীয় ধাতু বা বাঁহৰ জিভা বা নলৰে গঠিত। গগনাও একপ্ৰকাৰৰ বাঁহেৰে নিৰ্মিত জ হাৰ্প। কথিত নামৰ বিপৰীতে এই বাদ্যৰ উৎপত্তি সম্ভৱতঃ চাইবেৰিয়াত, বিশেষকৈ আলটাই পৰ্বতমালাত বা ইয়াৰ আশে-পাশে আৰু ইহুদী জনসাধাৰণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
জৱ’চ হাৰ্প
গগনাৰ প্ৰকাৰ
অসমত বিভিন্ন প্ৰকাৰৰ গগনাৰ অস্তিত্ব পোৱা যায়। যেনেঃ বৰ গগনা, চুঙা গগনা, লাহৰী বা ৰূপহী গগনা, ৰামধন গগনা, শালিকী ঠুঁটিয়া গগনা আদি। অৱশ্যে বৰ্তমান বহুল ব্যৱহৃত গগনা দুই প্ৰকাৰৰ- গাভৰুৱে বজোৱা গগনা বিধক কোৱা হয় লাহৰী বা ৰূপহী গগনা আৰু ডেকাই বজোৱা বিধক কোৱা হয় ৰামধন গগনা।
ৰামধন গগনা
ৰামধন গগনা সাধাৰণতে পুৰুষে বজাই। সাধাৰণ মানুহৰ হাতত সঠিকভাৱে সোমাব পৰাকৈ ই লাহৰী গগনাতকৈ চুটি, বহল আৰু অলপ গধুৰ। এই বাদ্যযন্ত্ৰটো প্ৰায়ে পৰিবেশকৰ কঁকালত বান্ধি থোৱা টঙালিত বা বাঁহী, সুতুলি আদি আন বাদ্যযন্ত্ৰৰ দৰে মূৰত বান্ধি থোৱা গামোচাত গুজি লোৱা হয়।
লাহৰী গগনা
মহিলাৰ হাতৰ সৈতে খাপ খোৱাকৈ তৈয়াৰ কৰা হয়, গতিকে ই ৰামধন গগনাতকৈ অলপ চিকন আৰু দীঘল। সাধাৰণতে বিহু নৃত্য পৰিৱেশন কৰাৰ সময়ত ইয়াক নাচনীৰ খোপাত গুজি থোৱা থাকে।
কেনেকৈ নিৰ্মাণ কৰা হয়
গগনা তিনি বা চাৰি বছৰীয়া পকা জাতি বাঁহৰ পৰা চাঁচি উলিওৱা হয় । শব্দৰ ভিন্নতাৰ বাবে ইয়াৰ আকাৰ ডাঙৰ-সৰু কৰা হয়। বাঁহৰ মিহিকৈ চাঁচিলোৱা চেপেটা গগনাৰ মাজ অংশত কঁপিব পৰাকৈ মিহি নল এডাল বনোৱা হয়, ইয়াক জিভা বুলি কোৱা হয় আৰু হাতেৰে কোবোৱা অংশক মেখেলা বোলে।
গগনাৰ ফ্ৰেমটো পৰিবেশকৰ বিভাজিত দাঁত বা ওঁঠৰ ওপৰত সুদৃঢ়ভাৱে ধৰি ৰখা হয়, ইয়াত মুখখনক অনুনাদক হিচাপে ব্যৱহাৰ কৰা হয়, যাৰ ফলত বাদ্যযন্ত্ৰৰ আয়তন বহু পৰিমাণে বৃদ্ধি পায়। দাঁতদুপাৰি যথেষ্ট বহলকৈ বিভাজিত কৰিব লাগে যাতে গগনাৰ নলখনে মুক্তভাৱে কম্পন সৃষ্টি কৰিব পাৰে, আৰু মুখৰ মাঙহাল অংশবোৰ নলৰ সংস্পৰ্শলৈ আহিব নালাগে যাতে কম্পনবোৰত সম্ভাৱ্য বাধাৰ সৃষ্টি কৰিব নোৱাৰে। এইদৰে উৎপন্ন হোৱা সুৰটো পিচত স্থিৰ হয় যদিও মুখৰ আকৃতি, আৰু ইয়াত থকা বায়ুৰ পৰিমাণ সলনি কৰি কৌশলগতভাৱে পৰিবেশকে বিভিন্ন সুৰ সৃষ্টি কৰিব পাৰে। ( অসমীয়া ৱিকিপিডিয়াৰ পৰা সংগ্ৰহ)
লগতে পঢ়ক- বিহুত চেনেহীৰ খোপাত গুজিবলৈ ব্যৱহাৰ কৰা কপৌ ফুলৰ আছে বহু ঔষধি গুণ