মেট্ৰিকৰ পৰীক্ষাৰ্থীয়ে সমাজ অধ্যয়ন বিষয়ত লাভ কৰিব অতিৰিক্ত নম্বৰ! মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় । উল্লেখ্য যে, আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ইয়াৰ ভিতৰত এই ঘোষণা হৈছে মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলে সমাজ বিজ্ঞান বিভাগত লাভ কৰিব অতিৰিক্ত নম্বৰ !

মেট্ৰিকৰ পৰীক্ষাৰ্থীয়ে সমাজ অধ্যয়ন বিষয়ত লাভ কৰিব অতিৰিক্ত নম্বৰ! মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

17 Mar 2025 19:19 PM

আজি সামাজিক মাধ্যমযোগে মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় । উল্লেখ্য যে, আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ইয়াৰ ভিতৰত এই ঘোষণা হৈছে মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলে সমাজ বিজ্ঞান বিভাগত লাভ কৰিব অতিৰিক্ত নম্বৰ ! আজিৰ ফেচবুক লাইভৰ জৰিয়তে এই ভাল খবৰটো দিয়ে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে কয় যে, “বৰপেটালৈ যোৱাৰ সময়ত এজন ভাগিনে মোক কৈছিল, এইবাৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন টান আহিছিল । ইফালে নগাঁৱলৈ যাওঁতেও একে কথাকে কৈছিল আন এগৰাকী ভাগিনে । বৰদোৱাতো এগৰাকী ভাগিনে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত টান আহিছিল বুলি কৈছিল । ” ইয়াৰ পাছতে ছেবাৰ অধ্যক্ষকো এই বিষয়ত জানিবলৈ বিচৰা বুলি কয় মুখ্য়মন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ছেবাৰ অধ্যক্ষক সোধা হৈছিল যে এইবাৰৰ সমাজ অধ্যন বিষয়ৰ প্ৰশ্ন কাকতখন টান হৈছিল নেকি? ছেবাৰ অধ্যক্ষই এই বিষয়ত কৈছিল যে, এইবাৰ এই বিষয়ত প্ৰশ্ন কাকতৰ পেটাৰ্ণ সলনি কৰা হৈছিল। যোৱা বছৰো পেটাৰ্ণ সলনি কৰা হৈছিল বুলি অৱগত কৰে ছেবাৰ অধ্যক্ষয়।

ইফালে, ছেবাৰ এই সিদ্ধান্তক আদৰণী জনায় মুখ্য়মন্ত্ৰীয়ে । মুখ্য়মন্ত্ৰীয়ে কয় যে, সমাজ বিজ্ঞান বিষয়ত যাতে কোনো পৰীক্ষাৰ্থীৰ ফলাফল বেয়া নহয় তাৰ বাবে অতিৰিক্ত নম্বৰ দিবলৈ ছেবা অধ্য়ক্ষক অনুৰোধ কৰা হৈছে । তেওঁ কয় যে, আন আন বিষয়ত যদি পৰীক্ষাৰ্থীসকলে ভাল নম্বৰ লাভ কৰে বা ফলাফল ভাল হয়, ইয়াৰ বিপৰীতে যদি সমাজ অধ্যয়নত বেয়া হয়, তেন্তে সমাজ অধ্যয়নত সকলোকে অতিৰিক্তকৈ নম্বৰ দিয়াৰ ব্যৱস্থা কৰি পৰীক্ষাৰ্থীসকলক মেট্ৰিক পাছ কৰোৱাৰ ব্যৱস্থা কৰাব লাগিব বুলি উল্লেখ কৰে মুখ্য়মন্ত্ৰীয়ে ।

তদুপৰি ছেবাৰ অধ্যক্ষই মুখ্যমন্ত্ৰীৰ অনুৰোধক বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । লগতে সমাজ অধ্যয়নৰ বাবে পৰীক্ষাৰ্থীসকলক চিন্তা নকৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ।

Related Stories
আকৌ মৃত্যুৰ কিৰিলি, নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাত অবৈধ চুলাই সেৱন কৰি মৃত্যু দুজনৰ !
১৯ মার্চত লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তি, থলুৱা শিপিনীসকলৰ বাবে গুৰুত্ব সিদ্ধান্ত ৰাজ্য চৰকাৰৰ
কেতিয়া ঘোষণা হ’ব ফলাফল ? শিক্ষক নিযুক্তি পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…
কাজিৰঙাৰ সুৰক্ষা সম্পৰ্কে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
পুনৰ মুকলি শিক্ষক বদলিকৰণ প’ৰ্টেল, আবেদনৰ অন্তিম তাৰিখ কেতিয়া ? চাওক
অসম আৰক্ষী কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষা স্থগিত, জানক নতুন তাৰিখ আৰু কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ড
৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...