মেট্ৰিকৰ ৰিজাল্ট ঘোষণা নহয় বৃহস্পতিবাৰে, ভ্ৰমণৰ মাজতে মুখ্যমন্ত্ৰীৰ পোষ্ট, কেতিয়া প্ৰকাশ পাব ফলাফল ?

ঘোষণা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল । ইতিমধ্যে এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১০ এপ্ৰিল বৃহস্পতিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব পাৰে বুলি খবৰ প্ৰকাশ পাইছিল যদিও সেই কথা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল ।

মেট্ৰিকৰ ৰিজাল্ট ঘোষণা নহয় বৃহস্পতিবাৰে, ভ্ৰমণৰ মাজতে মুখ্যমন্ত্ৰীৰ পোষ্ট, কেতিয়া প্ৰকাশ পাব ফলাফল ?
Published: 

09 Apr 2025 22:11 PM

১০ এপ্ৰিলত ঘোষণা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল । ইতিমধ্যে এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১০ এপ্ৰিল বৃহস্পতিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব পাৰে বুলি খবৰ প্ৰকাশ পাইছিল যদিও সেই কথা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল । কাইলৈ মেট্ৰিকৰ ফলাফল ঘোষণা হোৱা-নোহোৱাকলৈ চৰ্চা অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা । পিছে কেতিয়া প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল ?

ASSEB সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত খবৰ অনুসৰি, ফলাফল ঘোষণাৰ বাবে সম্পূৰ্ণৰূপে ASSEB সাজু বুলি খবৰ প্ৰকাশ পাইছিল । কিন্তু ফলাফল প্ৰকাশ কৰাৰ ক্ষেত্ৰত আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল । সন্ধিয়ালৈ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব পাৰে বুলি খবৰ প্ৰকাশ পাইছিল ।

সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে, কাইলৈ, বৃহস্পতিবাৰে ঘোষণা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । তেওঁ কয়, “সমূহ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক জনাব বিচাৰিছো যে,কাইলৈ ​​HSLC পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা নহয় । ফলাফল সাজু হ’লে ব’ৰ্ডে তৎকালীনভাৱে ঘোষণা কৰিব। অনুগ্ৰহ কৰি ধৈৰ্য ধৰিব।”

চলিত শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰায় ৪.৩০ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। উল্লেখ্য যে, এইবাৰ মেট্ৰিকত নাথাকে শীৰ্ষ স্থানৰ ব্যৱস্থা। যোৱা বৰ্ষৰ পৰা শীৰ্ষস্থান বিলুপ্ত কৰা হৈছে।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক