শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মানৱ সৰবৰাহৰ সৈতে জড়িত ৯ জনক আটক তিনিচুকীয়া আৰক্ষীৰ, দুটি শিশু উদ্ধাৰ…

মানৱ সৰবৰাহৰ সৈতে জড়িত ৯ জন লোকক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে । ইয়াৰ লগতে দুটি শিশুকো উদ্ধৰ কৰিছে আৰক্ষীয়ে । জানিব পৰা মতে, চুবুৰীয়া অৰুণাচল প্ৰদেশৰ নাহৰলাগুনৰ পৰা শিশু দুটিক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

মানৱ সৰবৰাহৰ সৈতে জড়িত ৯ জনক আটক তিনিচুকীয়া আৰক্ষীৰ, দুটি শিশু উদ্ধাৰ…
প্ৰতিনিধিত্বমূলক ফটো
manas-borah
Manas Borah | Updated On: 07 Jan 2025 20:25 PM

উজনি অসমৰ তিনিচুকীয়াৰ পৰা মানৱ সৰবৰাহৰ সৈতে জড়িত ৯ জন লোকক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে । ইয়াৰ লগতে দুটি শিশুকো উদ্ধৰ কৰিছে আৰক্ষীয়ে । জানিব পৰা মতে, চুবুৰীয়া অৰুণাচল প্ৰদেশৰ নাহৰলাগুনৰ পৰা শিশু দুটিক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । সূত্ৰৰ খবৰ অনুসৰি, শিশু দুটিক সেই অঞ্চলতে সৰবৰাহকাৰীয়ে বিক্ৰী কৰিছিল বুলি জানিব পৰা গৈছে ।

গোপন সূত্ৰ খবৰ ভিত্তিত বিশেষ অভিযান চলাইছিল তিনিচুকীয়া আৰক্ষীয়ে । তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক নিশিতা জগতাপ আৰু উপ-পৰিদৰ্শক ৰিয়াজ আলীয়ে এই অভিযানৰ নেতৃত্ব দিয়ে। অভিযোগ অনুসৰি, চাহ বাগিচা অঞ্চলত থকা দৰিদ্ৰ দম্পতীক টকাৰে প্ৰলোভিত কৰি লৈ যোৱা সন্তানক বিক্ৰীৰ প্ৰচেষ্টা কৰি আহিছিল এই সৰবৰাহকাৰী চক্ৰটোৱে ।

জানিব পৰা মতে, উদ্ধাৰ কৰা শিশু দুটিক ২ লাখ টকাত বিক্ৰী কৰিছিল সৰবৰাহকাৰী চক্ৰটোৱে । আৰক্ষীয়ে সন্দেহ কৰিছে যে, এই সৰবৰাহকাৰী চক্ৰটো এনেধৰণৰ আৰু অধিক গোচৰত জড়িত হৈ আছে আৰু অভিযুক্তক জেৰা কৰিলে আৰু অধিক তথ্য লাভ কৰিব পৰা যাব পাৰে । সূত্ৰৰ পৰা জানিব পৰা মতে,অভিযুক্তৰ ভিতৰত আছে সুৰজ ভূমিজ, বিশাল বৰ্মন, চিতা বৰ্মন, নিশিতা ভূমিজ, ফুলুমণি গোৱালা, বীৰেন টাইদ, পংকজ দলে আৰু ৰাজু টাইদ আৰু উদীপ শৰ্মা।

ডিএছপি নিশিতা জগতাপে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, “দুগৰাকী নাবালিকা ছোৱালীক তেওঁলোকৰ ঘৰৰ পৰা অপহৰণ কৰা হয় । যাৰ ফলত এটা গোচৰ পঞ্জীয়ন হয় । তদন্তৰ সময়ত কেইবাজনো সন্দেহযুক্ত লোকক চিনাক্ত কৰি আটক কৰা হৈছিল। সোধা-পোছাৰ সময়ত সন্দেহযুক্ত লোকসকলে জড়িত থকাৰ সন্দৰ্ভত মূল্যৱান তথ্য প্ৰদান কৰে । ইয়াৰ ফলত এই গোচৰৰ সৈতে জড়িত ৯ জন লোকক সফলতাৰে আটক কৰা হৈছে ।”

আৰক্ষীৰ তদন্তত এই তথ্যও প্ৰকাশ পাইছে যে, সৰবৰাহৰ চক্ৰটোৱে উজনি অসমৰ চাহ বাগিচা অঞ্চলত এই ধৰণৰ কাৰ্যকলাপ অব্য়াহত ৰাখিছিল । ইয়াৰ লগতে আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

Latest News