পত্নীক প্ৰসূতিকক্ষত এৰি তিনি মহলাৰ পৰা জাঁপ স্বামীৰ! যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাক লৈ চাঞ্চল্য | Husband fall from 3rd floor in jmch wife in maternity ward Assam news - Assam Tv9

পত্নীক প্ৰসূতিকক্ষত এৰি তিনি মহলাৰ পৰা জাঁপ স্বামীৰ! যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাক লৈ চাঞ্চল্য

Published: 

19 Sep 2024 12:07 PM

গুৰুতৰভাৱে আহত লোকজনক চিকিৎসাৰ বাবে নিয়া হয় যদিও মৃত্যু হয়। নিশা টোপনি ক্ষতি কৰি অতি ভাগৰুৱা হৈ থকা লোকজন দুৰ্ঘটনাবশত চাদৰ কাষলৈ আহি ওপৰৰ পৰা পৰি যায় বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে । ভৱেন সন্দিকৈয়ে আত্মহত্যা কৰিব নোৱাৰে বুলি দাবী পৰিয়ালৰ লোকৰ।

পত্নীক প্ৰসূতিকক্ষত এৰি তিনি মহলাৰ পৰা জাঁপ স্বামীৰ! যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাক লৈ চাঞ্চল্য

চিকিৎসালয়ৰ তিনি মহলাৰ পৰা জাঁপ স্বামীৰ!

Follow Us On

যোৰহাট মেডিকেল কলেজত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এফালে পত্নীয়ে জন্ম দিলে সন্তান, আনফালে চিকিৎসালয়ৰ মৰ্গত পৰি আছে স্বামীৰ মৃতদেহ। পত্নীৰ সন্তান জন্ম হোৱাৰ পূৰ্বেই ভৱেন সন্দিকৈ নামৰ লোকজনে কৰিলে ভয়ংকৰ কাণ্ড। চিকিৎসালয়খনত বুধবাৰে সন্ধিয়া সংঘটিত হয় এই অঘটন । চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত থকা মাডাৰ এণ্ড চাইল্ড হাস্পতালৰ ভৱনটোৰ তিনি মহলৰ পৰা তলত পৰি মৃত্যু হয় লোকজনৰ। এয়া চৰম পন্থা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে পৰিয়ালৰ লোকে এই কথা অস্বীকাৰ কৰি এয়া এক দুৰ্ঘটনা বুলিহে জানিবলৈ দিছে। সন্তান জন্মৰ প্ৰায় ১০ মিনিট পূৰ্বেই সংঘটিত হয় এই ঘটনা।

মৃত্যু হোৱা লোকজনৰ নাম ভৱেন সন্দিকৈ। উল্লেখ্য যে, শিৱসাগৰ মাজবাৰীৰ ভৱেন সন্দিকৈ নামৰ লোকজনে পত্নীৰ সন্তান প্ৰসৱৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰিছিল।
পত্নীক তেজৰ প্ৰয়োজন হোৱাত তেজৰ যোগান ধৰি কিছু সময়ৰ বাবে চিকিৎসালয় ভৱনটোৰ চাদৰ ওপৰলৈ গৈছিল ভৱেন সন্দিকৈ। তাৰ পাছত হঠাৎ ভৱনটোৰ ছাদৰ ওপৰৰ পৰা চিকিৎসালয়খনৰ সন্মুখৰ দিশে মুখ্যদ্বাৰৰ কাষতে মাটিত পৰেহি লোকজন। ছাদৰ ওপৰৰ পৰা তললৈ পৰি যোৱা দৃশ্য প্ৰত্যক্ষ কৰে তাত উপস্থিত থকা লোকে।

গুৰুতৰভাৱে আহত লোকজনক চিকিৎসাৰ বাবে নিয়া হয় যদিও মৃত্যু হয়। নিশা টোপনি ক্ষতি কৰি অতি ভাগৰুৱা হৈ থকা লোকজন দুৰ্ঘটনাবশত চাদৰ কাষলৈ আহি ওপৰৰ পৰা পৰি যায় বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে । ভৱেন সন্দিকৈয়ে আত্মহত্যা কৰিব নোৱাৰে বুলি দাবী পৰিয়ালৰ লোকৰ। এই ঘটনাৰ কিছুসময় পিছতে ভৱেন সন্দিকৈৰ পত্নীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। দুটাকৈ সন্তানৰ পিতৃ ভৱেন সন্দিকৈৰ এয়া তৃতীয়টো সন্তান।  কিন্তু তৃতীয়টো সন্তানক কোলাত লোৱা সোভাগ্য নহ’ল ভৱেন সন্দিকৈৰ।

সাধাৰণতে কোনো লোক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি আৰু শিশু স্বাস্থ্য ভৱনৰ তৃতীয়  মহলালৈ নাযায়। কিন্তু ভৱেন সন্দিকৈ নামৰ লোকজন কিয় তালৈ গৈছিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।  তদন্তৰ পাছতহে লোকজনৰ মৃত্যুৰ অন্তৰালৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব। বৰ্তমানেও চিকিৎসালয়ত ভৰ্তি হৈ আছে ভৱেন সন্দিকৈৰ পত্নী।

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version