মহানগৰীত চাঞ্চল্য! স্বামীয়ে মৰিয়াই হত্যা কৰিলে পত্নীক, জানক ভয়ংকৰ কাণ্ডৰ আঁৰৰ সকলো…
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিলে স্বামীয়ে। ৪ বছৰ পূৰ্বে হৈছিল প্ৰেম বিবাহ।

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। বিশেষকৈ গুৱাহাটী মহানগৰীখন যেন অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে। বিভিন্ন সময়ত মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা অপৰাধমূলক ঘটনাৰ খবৰ পোহৰলৈ আহে। আপোনাজনৰ পৰা অচিনাকীজনলৈ, কাকো যে এতিয়া বিশ্বাস কৰিব নোৱাৰি। ইয়াৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। পত্নীক হত্যা কৰি পল্টনবজাৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰিছে অভিযুক্ত স্বামীয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মহানগৰীৰ উলুবাৰীত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। দেওবাৰে ঘাতক স্বামীয়ে লোৰ ৰডেৰে মৰিয়াই প্ৰাণ ল’লে পত্নীৰ । পৰৱৰ্তী সময়ত পল্টন বজাৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে অভিযুক্তই। অভিযুক্ত স্বামীৰ নাম ৰুবুল শৰ্মা আৰু পত্নীৰ নাম শ্ৰেয়া ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে। দুয়োৰে আছে এটি দুবছৰীয়া কন্যা সন্তান।
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ লগতে ফৰেনচিক দলেও ঘটনাস্থলীৰ পৰা যাৱতীয় তথ্যসমূহ সংগ্ৰহ কৰে। আনহাতে আৰক্ষীয়ে অভিযুক্তক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীৰ আগত অপৰাধ স্বীকাৰ কৰিছে অভিযুক্তই।
জানিব পৰা মতে, ৰুবুল শৰ্মাৰ প্ৰকৃত ঘৰ নলবাৰীত আৰু শ্ৰেয়াৰ ঘৰ ডাউকীত। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত আজিৰ পৰা প্ৰায় ৪ বছৰ পূৰ্বে দুয়োৰে মাজত বিয়া হৈছিল। তথ্য অনুসৰি দুয়োৰে মাজত সম্পন্ন হৈছিল বাল্য বিবাহ। পৰৱৰ্তী সময়ত দুয়ো কৰ্মসূত্ৰে গুৱাহাটী মহানগৰীত বাস কৰিবলৈ লৈছিল। আজিৰ পৰা দুই বছৰ আগতে দুয়োৰে মাজত আহিছিল তেওঁলোকৰ প্ৰথম সন্তান। কিন্তু আজি নিমিষতে সুখৰ সংসাৰ ভাঙি থানবান কৰিলে ৰুবুল শৰ্মাই।
তথ্য অনুসৰি ৰুবুল শৰ্মা গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাছচালক, আনহাতে শ্ৰেয়া আছিল আৰ্য মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাষিকৰ যাত্ৰী। যোৱা দুবছৰ ধৰি দুয়োয়ে ফেমিলী ক’ৰ্টৰ পথত থকা ১৮ নং বাসগৃহত ভাড়াতীয়া হিচাপে আছিল।
তথ্য অনুসৰি, শ্ৰেয়াৰ আছিল অন্যলোকৰ সৈতে সম্পৰ্ক। অৰ্থাৎ স্বামী থকাৰ পাছতো শ্ৰেয়াই আন এজনলোকৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিছিল। এই কথা গ’ম পাইছিল স্বামী ৰুবুলে আৰু তাকে লৈ দুয়োৰে মাজত প্ৰায় কাজিয়াৰ সৃষ্টি হৈছিল। এই সংঘাতেই আজি চূড়ান্ত ৰূপ লয় আৰু ৰুবুলে হত্যা কৰে পত্নীক ।
জানিব পৰা মতে, এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত কাষৰ কোঠাতে আছিল শ্ৰেয়াৰ পিতৃ-মাতৃ আৰু ভগ্নী। ইতিমধ্যে আৰক্ষীয়ে শ্ৰেয়াৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে জানিব পৰা যাব কেনেকৈ মৃত্যু হ’ল শ্ৰেয়াৰ। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।