শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীত বিস্ফোৰণ ! খবৰ নাই মুখ্যমন্ত্ৰীৰ হাতত…

গুৱাহাটীৰ কেইবা ঠাইত বোমা বিস্ফোৰণৰ সন্দেহক লৈ চৰ্চা চলি থকাৰ মাজতে অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এক প্ৰকাৰে কোনো ধৰণৰ খবৰ লাভ কৰা নাই বুলিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীত বিস্ফোৰণ ! খবৰ নাই মুখ্যমন্ত্ৰীৰ হাতত…
গুৱাহাটীৰ বিস্ফোৰণকলৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
manas-borah
Manas Borah | Updated On: 27 Jan 2025 19:16 PM

৭৬ সংখ্য়ক গণৰাজ্য দিৱসৰ দিনা গুৱাহাটীৰ কেইবা ঠাইত আই ই ডি বিস্ফোৰণৰ সন্দেহক লৈ চৰ্চা চলি থকাৰ মাজতে অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এক প্ৰকাৰে কোনো ধৰণৰ খবৰ লাভ কৰা নাই বুলিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে, আলফা স্বাধীনৰ বিস্ফোৰণ সংঘটিত কৰিছে বুলি এই ধৰণৰ বাতৰি লাভ কৰা নাই ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘প্ৰথম কথা আলফাই যে বোমা বিস্ফোৰণ কৰিছে, এই ধৰণৰ বাতৰি মোৰ ওচৰত নাই ।’ ইয়াৰ লগতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তিৰ প্ৰহৰী হ’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘যদিহে সঁচাই তেনেকুৱা কিবা বোমা বিস্ফোৰণ হৈছে, মই পৰেশ বৰুৱাক অনুৰোধ কৰিম যে, অসমবাসীয়ে শান্তি বিচাৰে আৰু পৰেশ বৰুৱা ডাঙৰীয়া শান্তিৰ অন্যতম প্ৰহৰী হ’ব লাগে ।’

পৰেশ বৰুৱাৰ কি কথাই অসমক গৌৰৱ অনুভৱ কৰায় ?

ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে কয়, যদি পৰেশ বৰুৱাই খবৰ দিয়ে যে, “এইবাৰ মই বোমা বিস্ফোৰণ কৰা নাই, তেন্তে তেনেকুৱা বাতৰিয়ে অসমক গৌৰৱ প্ৰদান কৰিব । যদি কয় মই বোমা বিস্ফোৰণ কৰিছো, তেন্তে তেনেকুৱা বাতৰিয়ে নৱ প্ৰজন্মক আশাহত কৰিব ।” গতিকে গণৰাজ্য দিৱস হওক, স্বাধীনতা দিৱস হওক বা উৎসৱ হওক, সেই সময়ত পৰেশ বৰুৱাই নিজে ‘আমি বোমা বিস্ফোৰণ কৰা নাই’ বুলি কোৱাৰ বাতৰিৰ বাবে নৱ প্ৰজন্মই অপেক্ষা কৰি থাকে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

পৰেশ বৰুৱাৰ সৈতে প্ৰায়ে টেলিফোনত কথা-বতৰা হয় মুখ্যমন্ত্ৰীৰ

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, আলোচনাৰ বাবে পথ খোলা ৰখা হৈছে । ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘সময়ে সময়ে তেখেতৰ লগত মই আলোচনা কৰিয়েই থাকো । তেখেতৰ লগত টেলিফোনৰ জৰিয়তে কথা-বতৰা হৈয়ে থাকে ।’ কিন্তু তেখেতৰ দাবীৰ বিষয়ে সকলোৱে জানে আৰু সেই দাবী পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ অসুবিধাৰ বিষয়েও সকলোৱে জানে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

গণৰাজ্য দিৱসৰ দিনটোত কি হৈছিল গুৱাহাটীত ?

উল্লেখ্য যে, গণৰাজ্য দিৱস উদযাপনৰ মাজতে দেওবাৰে পুৱা গুৱাহাটীৰ কেইবাটাও ঠাইত বোমা বিস্ফোৰণৰ দৰে বিকত শব্দ শুনা গৈছিল । ইয়াৰ পাছতে ৰাইজৰ মাজত আতংক বিয়পি পৰিছিল । এটা শব্দ বেহাৰবাৰী অঞ্চলৰ ট্ৰাক পাৰ্কিঙত শুনা যায় । একেদৰে বেতকুছিৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল (আই এছ বি টি)ৰ সমীপত এটা বেগক লৈ আতংকৰ সৃষ্টি হয়।

দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ

ইয়াৰ পাছতে আলফা স্বাধীনে গুৱাহাটীৰ দুটা স্থানত সংঘটিত হোৱা “বিস্ফোৰণ”ৰ দায়িত্ব স্বীকাৰ কৰি ই-মেইল প্ৰেৰণ কৰাৰ খবৰ প্ৰকাশ পায় । এই ই-মেইল বাৰ্তাত কোৱা হৈছিল যে, যিহেতু গুৱাহাটী অসমৰ প্ৰাণকেন্দ্ৰ, গতিকে অনাগত দিনত যাতে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে তাৰ বাবে কোনো ক্ষতি নোহোৱাকৈ ৰাইজলৈ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে। লগতে লালমাটি আৰু বেহাৰবাৰীকে ধৰি বহু ঠাইত আই ই ডি বিস্ফোৰণ সংঘটিত কৰা বুলি স্বীকাৰ কৰিছিল আলফা স্বাধীনে ।

নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন

যোৱা বছৰ স্বাধীনতা দিৱসত অসমৰ ২৪ টা স্থানত বোমা স্থাপন কৰা বুলি আলফা স্বাধীনে দাবী কৰিছিল । পিছত আৰক্ষীয়ে তদন্তৰ সময়ত গুৱাহাটীৰ চাৰিটা স্থানকে ধৰি কমেও ১০টা স্থানৰ পৰা “বোমা সদৃশ সামগ্ৰী” উদ্ধাৰ কৰিছিল। এইলৈ অসম আৰক্ষীয়ে এইবাৰ গণৰাজ্য দিৱসৰ দিনা এই ধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে নিৰাপত্তা কটকটীয়া কৰিছিল । কিন্তু ইয়াৰ পাছতো বেহাৰবাৰী দৰে স্থানত আই ই ডি বিস্ফোৰণ আৰু আলফাৰ স্বাধীনৰ স্বীকাৰোক্তিয়ে নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।