Illegal Cattle Smuggling : চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ গুৱাহাটী আৰক্ষীৰ, ৭ সৰবৰাহকাৰীক আটক…

এক বিশেষ অভিযানত এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে। এই অভিযানত এখন ১০ চকীয়া ট্ৰাক জব্দ কৰা লগতে চোৰাং সৰবৰাহৰ বাবে লৈ অহা ৩০ টাকৈ গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে ।

Illegal Cattle Smuggling : চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ গুৱাহাটী আৰক্ষীৰ, ৭ সৰবৰাহকাৰীক আটক...

চোৰাং গৰুসহ ৭ সৰবৰাহকাৰীক আটক গুৱাহাটী আৰক্ষীৰ

Updated On: 

05 Nov 2024 17:50 PM

ৰাজ্য়ত অব্যাহত আছে চোৰাং গৰু সৰবৰাহ ! শেহতীয়াকৈ চলোৱা এক বিশেষ অভিযানত এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে। সূত্ৰ খবৰ অনুসৰি, এক গোপন সূত্ৰৰ পৰা চোৰাং গৰু সৰবৰাহৰ তথ্য় লাভ কৰিছিল গড়চুক আৰক্ষীয়ে । ইয়াৰ পাছে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে । সহকাৰী আৰক্ষী আয়ুক্ত নীলোৎপল শইকীয়াৰ নিৰ্দেশত চলোৱা হৈছে এই অভিযান ।

সূত্ৰই জানিবলৈ দিয়া মতে, এই অভিযানত এখন ১০ চকীয়া ট্ৰাক জব্দ কৰা লগতে চোৰাং সৰবৰাহৰ বাবে লৈ অহা ৩০ টাকৈ গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে । চোৰাং গৰু সৰবৰাহৰ সৈতে জড়িত থকা অপৰাধত ৭ জনকৈ লোকক আটক কৰা কথাও জানিবলৈ পৰা গৈছে । সূত্ৰই জানিবলৈ দিয়া মতে, ৩০ টাকৈ গৰু কঢ়িয়াই অনা ১০ চকীয়া ট্ৰাকখন জব্দ কৰাৰ লগতে এখন চাৰি চকীয়া বাহনও জব্দ কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য য়ে, সূত্ৰই সদৰী কৰা মতে ট্ৰাকখনৰ নম্বৰ হৈছে AS26AC1949 আৰু চাৰি চকীয়া বাহনখনৰ নম্বৰ হৈছে AS23K0755 । ইফালে আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহৰ সৈতে জড়িত থকা অপৰাধত আটক কৰা লোক কেইজনৰ নাম হৈছে মইছান খান, নাজিৰ হুছেইন, ফজৰুল ৰহমান, অমৰজিত কলিতা, হাইদাৰ আলী, আব্দুল কুদ্দুছ আৰু আফছাৰ আলী।

জানিব পৰা মতে, চোৰাংচোৱা তথ্য় ভিত্তিত ভৰলু দলঙৰ সমীপৰ কাটাহবাৰীত নাকা তালাচী চলাইছিল আৰক্ষীয়ে । এই তালাচীৰ সময়তে চোৰাং সৰবৰাহৰ বাবে ৩০ টাকৈ গৰু লৈ যোৱা ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে । আৰক্ষী সূত্ৰই সদৰী কৰা মতে, ৩০টাকৈ  গৰু মেঘালয়ত সৰবৰাহৰ বাবে লৈ যোৱাৰ চেষ্টা কৰিছিল ।

এই চোৰাং গৰু সৰবৰাহৰ সৈতে কোনো ডাঙৰ নেটৱৰ্ক জড়িত আছে নেকি সেই কথা এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে জনোৱা মতে, ট্ৰাক আৰু আটক কৰা লোক কেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু চোৰাং গৰু সৰবৰাহৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে ।

কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?
খাদ্য গ্ৰহণৰ পাছত কৰক এই কাম, কেতিয়াও নাবাঢ়ে ওজন!