কেৱল মধ্য অসমতে ২৬৩ টা ! অবৈধ কয়লা খনিৰ সন্দৰ্ভত বিধানসভাত কি ক’লে মন্ত্ৰী কৌশিক ৰায়ে ?
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৪ চনত অবৈধ কয়লা খননত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও উত্তৰ-পূবত এতিয়াও বিপজ্জনক পদ্ধতিৰে অবৈধ কয়লা খনন চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে । ইয়াৰ মাজতে বুধবাৰে বিধানসভাত অবৈধ কয়লা খনি সন্দৰ্ভত তথ্য দাঙি ধৰে মন্ত্ৰী কৌশিক ৰায়ে ।

মন্ত্ৰী কৌশিক ৰায়
মধ্য অসমৰ দুখন স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ এলেকাত চিনাক্ত কৰা হৈছে কমেও ২৬৩ টা অবৈধ কয়লা খনি । বুধবাৰে বিধানসভাত অবৈধ কয়লা খনি সন্দৰ্ভত উত্থাপন হোৱা এটা লিখিত প্ৰশ্ন উত্তৰত এই তথ্য প্ৰকাশ কৰে অসম চৰকাৰৰ মন্ত্ৰী কৌশিক ৰায়ে । ইয়াৰ লগতে বিগত তিনি বছৰত ২৫,৬৩০ টনৰো অধিক অবৈধ কয়লা জব্দ কৰা বুলি বিধানসভাত অৱগত কৰে কৌশিক ৰায়ে ।
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ লিখিত উত্তৰত খনি আৰু খনিজ মন্ত্ৰী কৌশিক ৰায়ে কয় যে, ডিমা হাছাও জিলাকে ধৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত ২৪৮ টা অবৈধ কয়লা কুঁৱেৰীৰ সন্ধান পোৱা গৈছে । পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰে গঠিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত এনে ধৰণৰ ১৫ টা অবৈধ কয়লা কুঁৱেৰীৰ পোৱা গৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ।
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৪ চনত অবৈধ কয়লা খননত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও উত্তৰ-পূবত এতিয়াও বিপজ্জনক পদ্ধতিৰে অবৈধ কয়লা খনন চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে । লগতে ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাত চলি থকা কয়লা খননৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । কিন্তু সেই অঞ্চলসমূহৰ কয়লা খননৰ সবিশেষ এতিয়া প্ৰকাশ কৰা নাই ।
যোৱা ৬ জানুৱাৰীত উমৰাংছ’ অঞ্চলৰ তিনি কিলো অবৈধ কয়লা কুঁৱেৰীৰ ভিতৰত আবদ্ধ হৈ পৰিছিল কমেও ৯ জন শ্ৰমিক। মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল শ্ৰমিক কেইজনক ।
ইফালে, এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ সুকীয়া প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰায়ে কয় যে, বিগত তিনি বছৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২৫,৬৩১.৯৮ টন অবৈধ কয়লা জব্দ কৰা হৈছে। তেওঁ লগতে কয়, “আইনী ব্যৱস্থাৰ জৰিয়তে কয়লা নিলামৰ প্ৰক্ৰিয়া চলি আছে । লগতে ৰাজ্যত অবৈধ কয়লা খনন ৰোধ কৰাৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিছো। এনে অবৈধ কয়লা খনি নিৰীক্ষণৰ বাবে ডিজিপিৰ নেতৃত্বত এখন সমিতিও গঠন কৰা হৈছিল।” বিধানসভাত এইদৰে কয় মন্ত্ৰী কৌশিক ৰায়ে ।