অবৈধ কয়লাখননঃ অহা ৭ দিনৰ ভিতৰত বন্ধ হ’ব ৰেট হল মাইনিং, জিপি সিঙৰ ঘোষণা…

অহা ৭ দিনৰ ভিতৰত অসমত বন্ধ হ'ব অবৈধ কয়লাখনন- এই মন্তব্য প্ৰদান কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে প্ৰশাসন তৎপৰ হৈ পৰিছে অবৈধ কয়লাখনিৰ বিৰুদ্ধে।

অবৈধ কয়লাখননঃ অহা ৭ দিনৰ ভিতৰত বন্ধ হব ৰেট হল মাইনিং, জিপি সিঙৰ ঘোষণা...

জি পি সিং

Published: 

19 Jan 2025 21:37 PM

বন্ধ হ’ব উমৰাংছ’, লিডু, মাৰ্ঘেৰিটাৰ ৰেট হল মাইনিং- এই মন্তব্য প্ৰদান কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে আৰক্ষীয়ে অবৈধ কয়লাখনিৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান। উল্লেখ্য যে, উমৰাংছ’ৰ কয়লাখনিত ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ পাছতেই ৰাজ্যত চলি থকা অবৈধ কয়লাখনিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল। এই ঘটনাৰ পাছতেই অবৈধ কয়লা খননৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই সন্দৰ্ভত জি পি সিঙে কয় যে,  মুখ্যমন্ত্ৰীৰ দৃষ্টিত পৰিছে মাৰ্ঘেৰিটা, লিডু, লেখাপানীত চলি থকা অবৈধ কয়লা খননা। এই বিষয় সন্দৰ্ভত ইতিমধ্যে আলোচনা কৰা হৈছে। প্ৰশাসনিক বিষয়া, বন বিভাগ, ক’ল ইণ্ডিয়াৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ নিৰ্দেশ দিয়া হৈছে যে এনে ৰেট হল মাইনিং ৭ দিনৰ ভিতৰত বন্ধ কৰিব লাগে। ইতিমধ্যে কালিৰ পৰা অভিযান আৰম্ভ হৈছে আৰু দুটা খনন চিনাক্ত কৰি বন্ধ কৰাও হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়া অহা ৭ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব।

গতিকে বন্ধ হ’ব লাগিব লিডু, মাৰ্ঘেৰিটা, লেখাপানীকে ধৰি ডিমা হাচাওৰ বিভিন্ন স্থানত বছৰ বছৰ ধৰি চলি থকা অবৈধ কয়লাখনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই নিদ্ৰা ভংগ হৈছে জিলা প্ৰশাসনৰ। সমগ্ৰ উত্তৰ-পূৱৰ কয়লাক্ষেত্ৰ বুলি চিহ্নিত মাৰ্ঘেৰিয়াৰ বহু অবৈধ কয়লাখনিত চলিছে প্ৰশাসনৰ অভিযান। ইতিমধ্যে বহু শ্ৰমিক আটক হোৱাৰ লগতে প্ৰশাসনে ছীল কৰিছে ১৩ টাকৈ অবৈধ ৰেট হল মাইনিং।

ইয়াৰ বিপৰীতে দীৰ্ঘদিন ধৰি মৌন হৈ থকা ডিমা হাচওৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছে যে উমৰাংছ’ৰ আসাম কুৱেৰীৰ কয়লা খনিত চলিব অভিযান। ৰেট-হ’ল মাইনিং সমূহ পুঁতি পেলোৱাৰ লগতে জব্দ কৰা হ’ব সকলো মেচিন। অৱশ্যে এই অবৈধ কয়লাখনি বন্ধ হ’ব নে নাই সেয়া সময়ে ক’ব।

মন কৰিবলগীয়া যে,লিডু, মাৰ্ঘেৰিটা, লেখাপানী, উমৰাংছুত প্ৰায় শতাধিক ৰেট হোল মাইনিং চলি থকাৰ পাছতো বিগত সময় চোৱাত অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ লগতে সেউজ প্ৰাধিকৰণ নিৰ্দেশকো আওকান কৰি একাংশই ৰাজ্যত অবৈধ কয়লা খনন চলাই আছিল। একাংশ ক্ষমতাশালী লোকৰ তত্বাৱধানত অসমত অবৈধ কয়লাৰ খননৰ লগতে পৰিবহনৰ ছিণ্ডিকেট বছৰ বছৰ ধৰি চলি আছে।

উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিন পূৰ্বে উমৰাংছ’ৰ কয়লাখনিত আৱদ্ধ হৈ পৰিছিল কেইবাজনো শ্ৰমিক। শ্বাসৰুদ্ধ অভিযানৰ অন্তত কেইবাজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও আজিও কেইবাজন শ্ৰমকি কয়লাখনিৰ সেই গাঁতৰ ভিতৰতে আৱদ্ধ হৈ আছে। ঘটনাৰ প্ৰায় ১৫ দিন পাছতো শ্ৰমিকসকলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল উদ্ধাৰাকাৰী দল। এই ঘটনাই সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু স্পষ্ট কৰি দিছিল অসমত অবৈধ কয়লা খননৰ কথা। আনকি এই বিষয়টোৰ ওপৰত দিল্লীৰ দৃষ্টিও পৰিছিল। এই সকলোবোৰৰ মাজতেই অসম চৰকাৰ কঠোৰ হৈ পৰিছে এনে অবৈধ কয়লাখনিৰ বিৰুদ্ধে।

প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া