হাস্পতালৰ পৰা উভতাৰ সময়ত জুবিনে ক'লে বহু কথা... | Zubeen Garg return back to home from hospital Assam news - Assam Tv9

‘মই এতিয়া ঠিক আছোঁ, প্ৰব্লেম নাই’! হাস্পতালৰ পৰা উভতাৰ সময়ত জুবিনে ক’লে বহু কথা…

জুবিনে কয়, ‘‘মই এতিয়া ঠিক আছোঁ, প্ৰব্লেম নাই। কালিয়ে যোৱাৰ কথা আছিল। ৰাতি কিবা এটা টেষ্ট কৰা হৈছে। আজি ওলাই যাম। মাধৱদেৱ প্ৰেক্ষাগৃহত নাটক আছে তালৈ যাম। এবাৰ ষ্টুডিঅ'লৈ যাম, বহুদিন যোৱা নাই। কাইলৈৰ পৰা ভালকৈ কাম কৰিম। "

মই এতিয়া ঠিক আছোঁ, প্ৰব্লেম নাই!  হাস্পতালৰ পৰা উভতাৰ সময়ত জুবিনে কলে বহু কথা...

সুস্থ হৈ উঠিছে জুবিন গাৰ্গ

Updated On: 

31 Jul 2024 16:29 PM

ছিজাৰ এটেক অহাৰ পাছতে দেওবাৰে পুৱা প্ৰায় ৯ বাজি ১০ মিনিটত মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিন গাৰ্গক। শিল্পীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱাৰ খবৰ লাভ কৰাৰ পাছতেই চিন্তিত হৈ পৰিছিল তেওঁৰ অনুৰাগীসকল। অৱশেষত সুস্থ হৈ উঠিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। অপেক্ষাৰ অন্ত পেলাই আজি নেমকেয়াৰ হাস্পতালৰ পৰা আজি ঘৰলৈ যাব জুবিন।

দেওবাৰে পুৱা প্ৰায় ৯:১০ বজাত জোনালীস্থিত মিউজিক ষ্টুডিঅ’ত ব্যস্ত থকাৰ মাজতে হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন। লগে লগে জুবিনক ভৰ্তি কৰোৱা হৈছিল ভঙাগড়স্থিত নেমকেয়াৰ চুপাৰস্পিচিয়েলিটি হাস্পতালত। হৈ চৈ লাগিছিল প্ৰতিগৰাকী জুবিন অনুৰাগীৰ মাজত। স্বাস্থ্য পৰীক্ষাত পুনৰ ধৰা পৰিছিল জুবিনৰ ছিজাৰ এটেকৰ কথা। ইয়াৰ পাছতেই জুবিনক ভৰ্তি কৰোৱা হৈছিল MICUত। চলিছিল জুবিনৰ চিকিৎসা। প্ৰতিটো মুহূৰ্তত চিকিৎসকৰ সূক্ষ্ম নিৰীক্ষণত ৰখা হৈছিল জুবিন গাৰ্গক। আৰু তিনিটা দিনৰ অন্তত অৱশেষত আজি সুস্থ হৈ উঠিল জুবিন গাৰ্গ। সুস্থ হৈ উঠাৰ পিছতেই আজি দুপৰীয়া সংবাদ মাধ্যমক নেমকেয়াৰ হাস্পতালৰ পৰাই সম্বোধন কৰি নিজৰ স্বাস্থ্যৰ কথা সদৰি কৰে জুবিনে।

জুবিনে কয়, ‘‘মই এতিয়া ঠিক আছোঁ, প্ৰব্লেম নাই। কালিয়ে যোৱাৰ কথা আছিল। ৰাতি কিবা এটা টেষ্ট কৰা হৈছে। আজি ওলাই যাম। মাধৱদেৱ প্ৰেক্ষাগৃহত নাটক আছে তালৈ যাম। এবাৰ ষ্টুডিঅ’লৈ যাম, বহুদিন যোৱা নাই। কাইলৈৰ পৰা ভালকৈ কাম কৰিম। মেডিচিন খাওঁ, এতিয়াও বহুত মেডিচিন দিছে। ভাল ভাল দৰৱ দিছে। দৰৱখিনি এইবাৰ শেষ কৰিম। আৰু এইবাৰ অলপ ডিচিপ্লেনত থাকিবলৈ চেষ্টা কৰিম। মই কালিৰে পৰা কামত ধৰিম।
তাৰ মাজে মাজে জিৰণি চলি থাকিব। চিনেমাৰ কাম আছে, গানৰ কাম আছে।’’

তেওঁ পুনৰ কয় ‘তিনি-চাৰিদিন ইয়াত থাকিলো। ২৫ হাজাৰ মান টেবলেট খুৱাই দিলে মোক। সকলোৱে জিৰণি ল’বলৈ কৈ আছে। কিন্তু মই কাম এৰি থাকিব নোৱাৰো। আগতে গোটেই ৰাতি কাম কৰিছিলোঁ, এতিয়া কমাই দিলো। তথাপিও ১-২টা বাজে। সময় লৈ কাম কৰিব চেষ্টা কৰিম। চিনেমাবোৰ মুক্তি পোৱাৰ সময় হৈছে। মুক্তিৰ আগত কামবোৰ শেষ কৰিব লাগিব।”

তাৰোপৰি, সময়মতে ঔষধ সেৱন কৰা, চিকিৎসকৰ পৰামৰ্শ মানি চলাক লৈ কৰা সাংবাদিকৰ প্ৰশ্নত খুহুতীয়া ভাষাৰে জুবিনে কয় কেতিয়াবা নিজেই চিকিৎসক হোৱাৰ কথা। জুবিন গাৰ্গে ক’লে – ‘‘কেতিয়াবা নিজেই চিকিৎসক হৈ যাওঁ।
চেলাইন লওঁ, কেতিয়াবা নিজেই খুলি দিওঁ। ইয়াত সকলোৰে দৌৰাদৌৰি লাগি যায়। এইবোৰ পাগলামী আছে মোৰ।’’ হাস্পতালত থকা দিনকেইটাত সহযোগ কৰাৰ বাবে সকলোকে ধন্যবাদ জনালে কণ্ঠশিল্পীগৰাকীয়ে। সকলোলৈ মৰম আছে আৰু সদায় থাকিব বুলি সংবাদমেলত উল্লেখ কৰিলে জুবিনে।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?