গুৱাহাটীবাসীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক ২৪ ঘণ্টাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। সোণাপুৰ আৰু দিশপুৰ অঞ্চলৰ বাবে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
গুৱাহাটীত ৭ৰ পৰা ১১ ছেণ্টিমিটাৰ পৰ্যন্ত হ'ব বৰষুণ! সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো ধাৰাসাৰ বৰষুণৰ আশংকা।
গুৱাহাটীত জাৰি কৰা হৈছে ইয়েল্ল' এলাৰ্ট। সোণাপুৰ আৰু দিশপুৰ অঞ্চলত কৃত্ৰিম বানৰ সম্ভাৱনা। অত্যাধিক বৰষুণৰ বাবে বাহন চলাই যাওতে সন্মুখীন হ'ব পাৰে অসুবিধাৰ।
এই সময়ত কৃত্ৰিম বানৰ ফলত হ'ব পাৰে তীব্ৰ যান-জঁট। যাব বাবে অধিক পানী জমা হোৱা ঠাইলৈ নাযাবলৈ দিয়া হৈছে পৰামৰ্শ।
ভূমিস্খলন প্ৰৱণ এলেকাত নাথাকিবলৈও আহ্বান জনাইছে বতৰ বিজ্ঞান বিভাগে। ইয়াৰ উপৰিও সমগ্ৰ উত্তৰ-পূবত ৪ ছেপ্তেম্বৰলৈ জাৰি কৰা হৈছে ইয়েল্ল' এলাৰ্ট।