অসম চৰকাৰৰ ডাঙৰ ঘোষণা, সন্তান চোৱা-চিতাৰ বাবে পিতৃয়েও পাব দুবছৰৰ ছুটী!
অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ঘোষণা কৰিছে এক ভাল খবৰ । এতিয়া প্ৰয়োজনত দুবছৰ পৰ্যন্ত ছুটী ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে । পূৰ্বে এই সুবিধা আছিল মহিলাৰ বাবে । কিন্তু এতিয়া পুৰুষ কৰ্মচাৰীয়েও পাব এই সুবিধা । কিন্তু সকলো কৰ্মচাৰীৰ বাবে অৱশ্যে এই সুবিধা নহয় । কোনে পাব তেন্তে? পঢ়ক সবিশেষ-

কেবিনেট বৈঠক
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম কেবিনেটে শিশু যত্ন ছুটীৰ নিয়মৰ সংশোধনীত অনুমোদন জনাইছে, য’ত ৰাজ্য চৰকাৰৰ সেইসকল পুৰুষ কৰ্মচাৰীয়ে দুবছৰলৈকে ছুটী ল’ব পাৰিব, যাৰ পত্নীৰ বিয়োগ বা বিবাহ বিচ্ছেদ হৈছে ।
কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে এই নিয়মসমূহ আৰোপ কৰি শিশুৰ যত্নৰ উন্নতিৰ বাবে সংশোধন কৰা হ’ব, যাৰ ফলত দুটা সন্তানলৈকে (১৮ বছৰ বয়সলৈকে) বা যিকোনো বয়সৰ বিকলাংগ সন্তানৰ তত্ত্বাৱধানৰ দায়িত্ব থকা মহিলা আৰু একক পুৰুষ চৰকাৰী কৰ্মচাৰী দুবছৰলৈকে ছুটী ল’ব পাৰিব ।
মন্ত্ৰীসভাই ধানৰ বাবে প্ৰতি কুইণ্টলত ২৫০ টকা আৰু সৰিয়হৰ বাবে প্ৰতি কুইণ্টলত ৫০০ টকাৰ অতিৰিক্ত সহায়ক মূল্য কাৰ্যকৰী কৰাত অনুমোদন জনাইছে বুলিও তেওঁ কয় ।
ইয়াৰ উপৰিও দৰঙত ৫৭২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ’বলগীয়া নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ কথাও বৈঠকত উল্লেখ কৰা হয়, য’ত ৪৩০খন বিচনা থাকিব আৰু বাৰ্ষিক ১০০ গৰাকী এমবিবিএছ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব । তাৰোপৰি কেবিনেটে মেডিকেল কলেজ প্ৰকল্পৰ লগতে বি এছ চি নাৰ্চিং স্কুল আৰু জি এন এম স্কুলত অনুমোদন জনায় বুলিও মুখ্যমন্ত্ৰীয়ে লগতে কয় ।
কেবিনেটে ‘বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ’ক ‘বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ’ আৰু ‘পৰিৱেশ আৰু বন বিভাগ’ক ‘পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ’ নামেৰে নামকৰণ কৰি জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কাম-কাজৰ বাবে ন’ডেল বিভাগ হিচাপে ঘোষণাত সন্মতি প্ৰকাশ কৰে বুলিও তেওঁ কয় ।
কেঁচা চাহপাতৰ ওপৰত চেছ আদায় দিয়াৰ পৰা চাহ উদ্যোগক দিয়া কৰ ৰেহাইৰ সময়সীমা ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা আৰু দুবছৰ বৃদ্ধিৰ বাবে মন্ত্রীসভাই অনুমোদন জনাইছে বুলিও শর্মাই সদৰী কৰে ৷
মন্ত্ৰী পৰিষদে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ১৫ হাজাৰ টকা দৰমহা পৰ্যন্ত পেছাদাৰী কৰ পৰিশোধৰ বাবে ৰেহাই দিয়াৰ খচৰা অধিসূচনাতো অনুমোদন জনাইছে বুলিও তেওঁ লগতে কয় ।
ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সময়সীমা বৃদ্ধিৰ বাবে অনুমোদন জনোৱা হৈছে, ২০২৬ চনৰ ৩০ জুনলৈকে বৃদ্ধি কৰা হৈছে এই সময়সীমা ।
সম-জিলা আৰু বিধানসভা সমষ্টিৰ সৈতে সংগতি ৰাখি স্বাস্থ্য ব্লকসমূহৰ পুনঃগঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত কেবিনেটে নীতিগতভাৱে অনুমোদন জনাইছে বুলিও তেওঁ কয় । বজাৰ, জলাশয়, পুখুৰী আদিৰ বসতি সম্পৰ্কীয় অসম পঞ্চায়ত (বিত্তীয়) নিয়ম, ২০০২ৰ সংশোধনীত কেবিনেটে অনুমোদন জনায় বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয় ।