5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰিব লৈছে : পীযূষ হাজৰিকা

মিনি দিছপুৰত পৰিণত নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয় । কেবিনেট বৈঠকৰ বাবে উপস্থিত প্ৰতিজন মন্ত্ৰী-বিধায়ক।

অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰিব লৈছে : পীযূষ হাজৰিকা
অসমৰ খিলঞ্জীয়া লোকলৈ চিন্তা মন্ত্ৰী পীযূষ হাজৰিকাৰ
Follow Us
barasha-misra
Barasha Misra | Published: 27 Jun 2024 14:52 PM

আজি নলবাৰীত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হৈছে। মিনি দিছপুৰত পৰিণত নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয় । নলবাৰীত অনুষ্ঠিত এই বৈঠকখন হৈছে ১৪ সংখ্যক কেবিনেট বৈঠক। এই বৈঠকৰ বাবে নলবাৰীত উপস্থিত প্ৰতিজন মন্ত্ৰী-বিধায়ক। আনফালে আজি অনুষ্ঠিত কেবিনেট বৈঠকত বিধে বিধে আছে সুস্বাদু খাদ্য সম্ভাৰ।

বৈঠকৰ বাবে নলবাৰীত উপস্থিত হৈ মন্ত্ৰী পীযূষ হাজৰিকাই ক’লে, ধাৰাবাহিকভাবে অসমীয়াৰ ওপৰত এটি বিশেষ সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰিছে বা অসমৰ খিলঞ্জীয়া লোকক লক্ষ্য কৰি লৈছে। এয়া আমাৰ বাবে অশনি সংকেট। ৰাজ্য চৰকাৰে এই আগ্ৰাসন কঠোৰ হাতেৰে দমন কৰাৰ চেষ্টা কৰিছে। কেতিয়াবা তেওঁলোকে আইনৰ সুৰুঙাৰে ওলাই যাবলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰে এই আগ্ৰাসন আৰু আক্ৰমণ সহ্য নকৰে, এতিয়া আমাৰ চৰকাৰ আৰু কঠোৰ হ’ব। কিন্তু এই ক্ষেত্ৰত ৰাইজেও কিছু ভাবিব লাগে তাৰ বাবে মই আহ্বান জনাইছোঁ।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কয়, এতিয়া বেয়া পৰিৱেশ হৈছে! যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী নহ’লে আৰু বেছি বেয়া পৰিৱেশ কৰিলে হয়। কিন্তু ইয়াতকৈ বেয়া হ’বলৈ নিদিও, চৰকাৰে কঠোৰতম ব্যৱস্থা ল’ব। এই ক্ষেত্ৰত অসমৰ মানুহে অলপ বুজিব লাগে, কংগ্ৰেছৰ নেতা কৰ্মীসকলে বিশেষ সম্প্ৰদায়ৰ লোকসকলক সহায় কৰে। এই মানুহখিনিক কংগ্ৰেছে উদগনি জনায়।

Latest News