ৰাজ্যত বিগত বৰ্ষত কিমান কোটি টকাৰ ড্ৰাগছ জব্দ কৰিলে আৰক্ষীয়ে? জনালে মুখ্যমন্ত্ৰীয়ে…
নতুন বৰ্ষৰ আগমনৰ সময়তে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত সংবাদ মাধ্যমৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ বিষয়ৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষত অসম আৰক্ষীয়ে ড্ৰাগছজাতীয় নিষিদ্ধ দ্ৰৱ্যৰ বিৰুদ্ধে চলোৱা অভিযানত লাভ কৰা সফলতাৰ খতিয়ানো দাঙি ধৰে।
২০২৪ বৰ্ষক বিদায় দি বুধবাৰে নতুন বৰ্ষ ২০২৫ক আদৰণি জনালে সমগ্ৰ বিশ্বই। নতুন বৰ্ষটিৰ আগমনৰ আনন্দ উদযাপনেৰে আনন্দত মতলীয়া হ’ল সকলো। ৰাজ্যতো দেখা গ’ল ইয়াৰ সুস্পষ্ট প্ৰভাৱ। নতুন প্ৰত্যাশাৰে সকলোৱে আদৰণি জনালে নতুন বছৰটোক। ইফালে নতুন বৰ্ষৰ আগমনৰ সময়তে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত সংবাদ মাধ্যমৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ বিষয়ৰ ওপৰত আলোকপাত কৰে।
এই অনুষ্ঠানৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষত অসম আৰক্ষীয়ে ড্ৰাগছজাতীয় নিষিদ্ধ দ্ৰৱ্যৰ বিৰুদ্ধে চলোৱা অভিযানত লাভ কৰা সফলতাৰ খতিয়ানো দাঙি ধৰে। বিগত কেইটামান বৰ্ষত ৰাজ্যত মাৰাত্মক ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ বাবে অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। এই তৎপৰতাৰে অসম আৰক্ষীয়ে বিগত বৰ্ষতো ড্ৰাগছ বিৰোধী অভিযানত ব্যাপক সঁহাৰি লাভ কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে যোৱা বৰ্ষত অসম আৰক্ষীয়ে ৬৮২.৪৪ কোটি টকা মূল্যৰ হেৰ’ইনৰ লগতে অন্যান্য নিচাজাতীয় সামগ্ৰী জব্দ কৰিছিল। জব্দকৃত এই নিচাজাতীয় সামগ্ৰীসমূহৰ ভিতৰত ১৮৩ কিলোগ্ৰাম হেৰ’ইন, ১৪ কিলোগ্ৰাম মৰ্ফিন, ১১৪ কিলোগ্ৰাম আফিং, ২২,৭৭৬ কিলোগ্ৰাম গাঞ্জা, ৩৩.০৭ লাখ চাইকোট্ৰপিক পদাৰ্থৰ টেবলেট আৰু ২.৩০ লাখ কাহৰ চিৰাপৰ বটল আছিল বুলি তেওঁ জানিবলৈ দিয়ে।
তেওঁ লগতে নিজ তথ্যত অসম আৰক্ষীয়ে বিগত বৰ্ষকেইটাৰ অসম আৰক্ষীয়ে ড্ৰাগছৰ বিপক্ষে লাভ কৰা সফলতাৰ খতিয়ানো দাঙি ধৰে। সেই অনুসৰি ২০২১ চনত আৰক্ষীয়ে ৪২০.১৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ বিপৰীতে ২০২২ চনত ৭৮৪.৫৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল। আনহাতে ২০২৩ চনত এই পৰিমাণ মুঠ ৭৪২.০৯ কোটি টকাৰ আছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।
ইফালে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে আাৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰখাৰ তথ্যও দাঙি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি অসম আৰক্ষীয়ে ২০২১ চনৰ পৰা ২০২৪ চনলৈকে সমগ্ৰ ৰাজ্যতে বাল্য বিবাহৰ গোচৰত ৫,৯৭৮ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে ৬,৩৬১ টা গোচৰ পঞ্জীয়ন কৰে। এই সময়ছোৱাত আৰক্ষীয়ে ৫,৫৭৭টা গোচৰৰ অভিযোগনামা দাখিল কৰা বুলিও তেওঁ প্ৰকাশ কৰে।
আনহাতে ২০২৪ চনত ৰাজ্যত অপৰাধ হ্ৰাস পোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে। ২০২১ চনত মুঠ ১,৩৩,২৩৯ টা অপৰাধৰ গোচৰ পঞ্জীয়ন হৈছিল যদিও ২০২৪ চনত গোচৰৰ সংখ্যা ৪৯,৯৬৬ লৈ হ্ৰাস পাইছে বুলি তেওঁ তথ্য প্ৰকাশ কৰে। একেদৰে, মহিলাৰ বিৰুদ্ধে অপৰাধ, অনুসূচীত জাতি-জনজাতিৰ বিৰুদ্ধে অপৰাধো হ্ৰাস পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰে।