5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অনুপ্ৰৱেশ ! শিশু সহ ১৭ বাংলাদেশীক উভতাই পঠালে অসম আৰক্ষীয়ে…

শুকুৰবাৰে নিশা বৃহৎ সংখ্যক বাংলাদেশী নাগৰিকে অবৈধভাৱে সীমান্ত পাৰ হৈ অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে । ইতিমধ্যে এই বাংলাদেশ নাগৰিক সকলক আটক কৰি পুনৰ বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ এই বাংলাদেশী নাগৰিক সকলক আটক কৰি বিতাৰিত কৰাৰ খবৰ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

অনুপ্ৰৱেশ ! শিশু সহ ১৭ বাংলাদেশীক উভতাই পঠালে অসম আৰক্ষীয়ে…
ভাৰত-বাংলাদেশ সীমান্ত
Follow Us
manas-borah
Manas Borah | Updated On: 28 Sep 2024 13:19 PM

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা বাংলাদেশী নাগৰিকে সীমান্ত পাৰ হৈ অহৰহ অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে । যোৱা এমাহত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা প্ৰায় ১০০ জনতকৈ অধিক বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । এতিয়ালৈকে বিতাৰিত হোৱা এই বাংলাদেশী নাগৰিক সকলে প্ৰায়ে কৰিমগঞ্জ ছেক্টৰে অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ।

শুকুৰবাৰে নিশা বৃহৎ সংখ্যক বাংলাদেশী নাগৰিকে অবৈধভাৱে সীমান্ত পাৰ হৈ অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে । ইতিমধ্যে এই বাংলাদেশ নাগৰিক সকলক আটক কৰি পুনৰ বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ এই বাংলাদেশী নাগৰিক সকলক আটক কৰি বিতাৰিত কৰাৰ খবৰ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা নিশা অসম আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত শিশুসহ সোতৰজন বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে। তেওঁলোকৰ নাম হৈছে-হাৰুল লামিন, উমাই খুনছুম, মোঃ ইছমাইল, চান্সিদা বেগম, ৰুফিয়া বেগম, ফাতিমা খাতুন, মোজুৰ ৰহমান, হাবি উল্লাহ আৰু সোবিকা বেগম।

এই খবৰ প্ৰকাশ কৰাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে, অনুপ্ৰৱেশৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে । পুৱতি নিশা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা শিশু সহ ১৭ জন বাংলাদেশীক পুনৰ উভতাই পঠাইছে অসম আৰক্ষীয়ে । এই লোকসকলৰ ভিতৰত ৮ টা শিশু আছিল ।

উল্লেখ্য যে, অসমৰ কৰিমগঞ্জ, কাছাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাই বাংলাদেশৰ সৈতে ২৬৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ-বতৰা কৰিছে । উত্তৰ-পূবত মুঠ তিনিটা আইচিপি(Integrated Check Post) আছে । এটা চেক পোষ্ট কৰিমগঞ্জৰ সুতাৰকান্দিত থকাৰ বিপৰীতে বাকী দুটা মেঘালয়ৰ ডাউকী আৰু ত্ৰিপুৰাৰ আখৌৰাত আছে।

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পাছত সমীন্তৰে যাতে কোনো বাংলাদেশী নাগৰিকে অসম তথা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিছে অসম আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে । বিশেষভাৱে কৰিমগঞ্জ ছেক্টৰত বিএছএফৰ লগতে অসম আৰক্ষীয়ে অনুপ্ৰৱেশৰ বিৰুদ্ধে অধিক সতৰ্কতা অৱলম্বন কৰিছে ।

Latest News