5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভাৰত-বাংলাদেশৰ সীমান্তত ড্ৰাগছ বিৰোধী অভিযান, জব্দ ১০ হাজাৰ YABA টেবলেট…

কাছাৰ আৰক্ষীয়ে পুনৰ ভাৰত-বাংলাদেশ সীমান্তত ১০ হাজাৰ য়াবা(YABA) টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে । সূত্ৰ খবৰ অনুসৰি, সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত চলোৱা এক অভিযানত কাছাৰ আৰক্ষীয়ে এই অবৈধ নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰিবলৈ সক্ষম হয় ।

ভাৰত-বাংলাদেশৰ সীমান্তত ড্ৰাগছ বিৰোধী অভিযান, জব্দ ১০ হাজাৰ YABA টেবলেট…
বিএছএফৰ সহযোগত ড্ৰাগছ জব্দ কাছাৰ আৰক্ষীৰ
Follow Us
manas-borah
Manas Borah | Updated On: 23 Sep 2024 15:20 PM

অবৈধ ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে আন এক ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কাছাৰ আৰক্ষীয়ে । দুদিন পূৰ্বে ১৫.৫ কোটি টকা নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ পাছতে কাছাৰ আৰক্ষীয়ে পুনৰ ভাৰত-বাংলাদেশ সীমান্তত ১০ হাজাৰ য়াবা(YABA) টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে । সূত্ৰ খবৰ অনুসৰি, সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত চলোৱা এক অভিযানত কাছাৰ আৰক্ষীয়ে এই অবৈধ নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰিবলৈ সক্ষম হয় ।

সূত্ৰৰ খবৰ অনুসৰি, কাছাৰ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে চোৰংচোৱা তথ্য ভিত্তিত কাটিগড়া আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত এক যৌথ অভিযান চলাইছিল । অভিযান কালতে ৫০টা নীলা পেকেটত থকা য়াবা টেবলেটখিনি জব্দ কৰে । এই নিচাযুক্ত টেবলেটখিনি সীমান্তৰে চোৰাংভাৱে সৰবৰাহৰ বাবে লৈ অহা হৈছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তত থকা কাটিগড়া অঞ্চলটো চোৰাং ব্যৱসায়ৰ বাবে পৰিচিত । সীমান্ত পাৰ হৈ এই অঞ্চলটোৰ জৰিয়তে ড্ৰাগছকে ধৰি বিভিন্ন সামগ্ৰী অবৈধ সৰবৰাহ হয় বুলি এক বিশেষ সূত্ৰই জানিবলৈ দিছে । মনকৰিবলগীয়া যে, য়াবা টেবলেট সাধাৰণতে ম্যানমাৰত প্ৰস্তুত কৰা হয় আৰু বাংলাদেশৰ মাজেৰে সীমান্ত পাৰ হৈ এই নিচাযুক্ত দ্ৰব্যবোৰ ভাৰতলৈ সৰবৰাহ কৰা হয় বুলি জানিবলৈ দিছে এই বিশেষ সূত্ৰটোৱে ।

এই অভিযানৰ দুদিন পূৰ্বে কাছাৰ আৰক্ষীয়ে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কাছাৰ জিলাত আন এক ড্ৰাগছ বিৰোধী অভিযান চলাইছিল । এই অভিযান কালত ড্ৰাগছ সহ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অভিযোগত দুজন লোকক আটক কৰিছিল আৰক্ষীয়ে । কাছাৰ আৰক্ষীয়ে চলোৱা এই অভিযান কালত প্ৰথমে এখন সন্দেহজনক ট্ৰাক আটক কৰে আৰক্ষীয়ে । ইয়াৰ পাছতে ট্ৰাকখনত পুংখানুপুংখভাৱে তালাচী চলোৱা হয় ।

এই অভিযানত আৰক্ষীয়ে প্ৰায় ১৫.৫ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, আটক কৰা ট্ৰাকখনৰ পৰা ১৮ হাজাৰ য়াবা(YABA) টেবলেট আৰু ২ কেজি ক্রিষ্টলাইন মেথামফেটামাইন জব্দ কৰে আৰক্ষীয়ে ৷

Latest News