বাংলাদেশৰ ট্ৰেন্সশ্বিপমেন্টৰ সুবিধা বাতিল কেন্দ্ৰৰ, প্ৰধানমন্ত্ৰীক প্ৰশংসা হিমন্ত বিশ্ব শৰ্মাৰ

ভাৰতৰ আঞ্চলিক স্থিতিশীলতা আৰু দীৰ্ঘম্যাদী সাৰ্বভৌমত্বৰ প্ৰেক্ষাপটত সীমা অতিক্ৰম কৰি লজিষ্টিক আৰু আন্তঃগাঁথনি চুক্তিৰ পুনৰ মূল্যায়নৰ বহল প্ৰচেষ্টাৰ মাজত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে ।

বাংলাদেশৰ ট্ৰেন্সশ্বিপমেন্টৰ সুবিধা বাতিল কেন্দ্ৰৰ, প্ৰধানমন্ত্ৰীক প্ৰশংসা হিমন্ত বিশ্ব শৰ্মাৰ

হিমন্ত বিশ্ব শৰ্মা

Published: 

10 Apr 2025 15:32 PM

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত চৰকাৰে বাংলাদেশৰ বাবে ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধা বাতিল কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে, বিশেষকৈ উত্তৰ-পূবৰ স্পৰ্শকাতৰ অঞ্চলত ৰাষ্ট্ৰখনৰ কৌশলগত আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে ইয়াক এক সাহসী আৰু প্ৰয়োজনীয় পদক্ষেপ বুলি অভিহিত কৰিছে ডঃ শৰ্মাই ।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এক বিবৃতিত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘বাংলাদেশৰ বাবে ট্ৰেন্সশ্বিপমেণ্ট সুবিধা বাতিল কৰাৰ ভাৰতৰ সিদ্ধান্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু উত্তৰ-পূব অঞ্চলৰ নিৰাপত্তা ৰক্ষাৰ অদম্য দায়বদ্ধতাক ৰেখাংকিত কৰিছে । এই নিৰ্ণায়ক কাৰ্যই ভাৰতৰ কৌশলগত আৰু অৰ্থনৈতিক অগ্ৰাধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় স্থিতি প্ৰতিফলিত কৰিছে ।”

ভাৰতৰ আঞ্চলিক স্থিতিশীলতা আৰু দীৰ্ঘম্যাদী সাৰ্বভৌমত্বৰ প্ৰেক্ষাপটত সীমা অতিক্ৰম কৰি লজিষ্টিক আৰু আন্তঃগাঁথনি চুক্তিৰ পুনৰ মূল্যায়নৰ বহল প্ৰচেষ্টাৰ মাজতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে ।

দ্বিপাক্ষিক সম্পৰ্কত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ভাৰতে নিজৰ বন্দৰ আৰু বিমানবন্দৰৰ জৰিয়তে মধ্যপ্ৰাচ্য, ইউৰোপ আৰু বিভিন্ন দেশলৈ ৰপ্তানিৰ বাবে বাংলাদেশলৈ সম্প্ৰসাৰিত কৰা ট্ৰেন্সশ্বিপমেণ্ট সুবিধা প্ৰত্যাহাৰ কৰিছে ।

ঢাকাৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে চীনত বিতৰ্কিত বক্তব্য দিয়াৰ কিছুদিন পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে । ইউনুছে মন্তব্য কৰিছিল যে যে বাংলাদেশৰ সৈতে প্ৰায় ১৬০০ কিলোমিটাৰ সীমাৰেখা ভাগ-বাটোৱাৰা কৰা ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ “লেণ্ড লক অঞ্চল” আৰু সাগৰলৈ যোৱাৰ বাবে তেওঁৰ দেশৰ মাজেৰে যোৱাৰ বাদে হোৱাৰ কোনো উপায় নাই ।

ভাৰতে নেপাল আৰু ভূটানলৈ বাংলাদেশৰ ৰপ্তানি ৰেহাই দিছে কিয়নো বিশ্ব বাণিজ্য সংস্থাৰ বিধানৰ পৰিকাঠামোৰ অধীনত ভূ-অৱচ্ছিন্ন দেশসমূহৰ বাবে এনে বাণিজ্যিক সুবিধা বাধ্যতামূলক ।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক