5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সৌৰশক্তি ব্যৱহাৰ ফলত জনতা ভৱনৰ বিদ্যুতৰ বিল ৮০ লাখ টকা ৰাহি…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে, জনতা ভৱনে সৌৰশক্তি ব্যৱহাৰ কৰাৰ ফলত ৮০ লাখ টকা বিদ্যুতৰ বিল ৰাহি কৰিবলৈ সক্ষম হৈছে । মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি, জনতা ভৱনে সৌৰশক্তি ব্যৱহাৰ কৰাৰ  ফলত জুলাইৰ পৰা নৱেম্বৰ মাহলৈকে বিদ্যুতৰ বিল ৮০ লাখ টকা হ্ৰাস পাইছে।

সৌৰশক্তি ব্যৱহাৰ ফলত জনতা ভৱনৰ বিদ্যুতৰ বিল ৮০ লাখ টকা ৰাহি…
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 14 Dec 2024 15:42 PM

দেশৰ প্ৰথমটো সেউজ সচিবালয় জনতা ভৱনে গতানুগতিক বিদ্যুতৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে, জনতা ভৱনে সৌৰশক্তি ব্যৱহাৰ কৰাৰ ফলত ৮০ লাখ টকা বিদ্যুতৰ বিল ৰাহি কৰিবলৈ সক্ষম হৈছে । মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি, জনতা ভৱনত সৌৰশক্তি ব্যৱহাৰ কৰাৰ  ফলত জুলাইৰ পৰা নৱেম্বৰ মাহলৈকে বিদ্যুতৰ বিল ৮০ লাখ টকা হ্ৰাস পাইছে।

সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰিছে যে, ২০২৩ চনৰ জুলাইৰ পৰা নৱেম্বৰলৈকে সময়ছোৱাত জনতা ভৱনে এপিডিচিএলৰ পৰা ১৮,১৮,৪২০ ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰিছিল । সেই সময়ত সৌৰশক্তি ব্যৱহাৰ কৰা হোৱা নাছিল । ইয়াৰ ফলত বিদ্যুতৰ বিলৰ পৰিমাণ আছিল ২,২৩,৮৫,৫৬৫ টকা। ২০২৪ চনৰ একে সময়ছোৱাত সচিবালয়ে এপিডিচিএলৰ পৰা ৯,৪৫,৭০৬ ইউনিট আৰু সৌৰশক্তিৰ পৰা ৯,৪৫,১৯৯ ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰিছে ।

এই সময়ছোৱাত মুঠ ১৮,৯০,৯০৫ ইউনিট বিদ্যুৎ ব্যৱহাৰ হৈছিল জনতা ভৱনত । এই বিলৰ ধনৰাশি পৰিমাণ হৈছে ১,৪৩,০৭,৩৯২ টকা। মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰিছে যে, এপিডিচিএলৰ পৰা ব্যৱহাৰ কৰা বিদ্যুতৰ পৰিমাণ ৮,৭২,৭১৪ ইউনিট হ্ৰাস পাইছে । ইয়াৰ ফলস্বৰূপে বিদ্যুতৰ বিল ৮০,৭৮,১৭৩ টকা হ্ৰাস পাইছে । এয়া জনতা ভৱনৰ সৌৰশক্তি পদক্ষেপৰ উল্লেখ্যযোগ্য সফলতা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

উল্লেখ্য যে, জনতা ভৱনৰ সৌৰশক্তি ব্যৱহাৰৰ পদক্ষেপে নবীকৰণযোগ্য শক্তি ব্য়ৱহাৰৰ পৰিবৰ্তনক প্ৰতিফলিত কৰিছে । মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘প্ৰভাৱশালী নীতিৰ পদক্ষেপ লোৱা ফলত জনতা ভৱনত ৮০ লাখ বিদ্যুতৰ বিল ৰাহি হৈছে । জনতা ভৱন ভাৰতৰ প্ৰথম সেউজ সচিবালয় হোৱাৰ পিছৰে পৰা জুলাই পৰা নৱেম্বৰলৈকে গতানুগতিক বিদ্যুতৰ ব্যৱহাৰ প্ৰায় আধালৈ হ্ৰাস পাইছে।’

Latest News