Advantage Assam 2.O: পেট্ৰ’লত ইথানল মিশ্ৰণৰ পৰিমাণ ২০ শতাংশলৈ বৃদ্ধিৰ পৰিকল্পনা

গুৱাহাটীত এডভান্টেজ অসম ২.০ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে বৰ্তমানলৈকে দেশত ১৯.৬ শতাংশ ইথানল মিশ্ৰণ সম্ভৱ হৈছে । ইয়াক ২০ শতাংশলৈ বৃদ্ধি কৰা হ'ব ।

Advantage Assam 2.O: পেট্ৰলত ইথানল মিশ্ৰণৰ পৰিমাণ ২০ শতাংশলৈ বৃদ্ধিৰ পৰিকল্পনা

এডভান্টেজ অসম ২.০ সন্মিলনত হৰদ্বীপ সিং পুৰী

Published: 

26 Feb 2025 15:54 PM

ভাৰতে পেট্ৰ’লৰ সৈতে ইথানল মিহলি পৰিমাণ ২০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে । নিটি আয়োগৰ অধীনত ইয়াৰ বাবে এখন সমিতিও গঠন কৰা হৈছে । কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে বুধবাৰে এইকথা ঘোষণা কৰে । গুৱাহাটীত এডভান্টেজ অসম ২.০ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানলৈকে ১৯.৬ শতাংশ ইথানল মিশ্ৰণ সম্ভৱ হৈছে ।
“আমি জৈৱ ইন্ধনত ২০ শতাংশতকৈ অধিক ইথানল মিশ্ৰণৰ ওপৰত চকু ৰাখিম । ইতিমধ্যে এটা নিটি আয়োগৰ দ্বাৰা এটা গোট গঠন কৰা হৈছে আৰু তেওঁলোকে ইয়াৰ ওপৰত চকু ৰাখিছে ।” মন্ত্ৰীগৰাকীয়ে কয় ।

তেওঁ লগতে কয়, “আমি ২০২৬ চনৰ ভিতৰত ২০ শতাংশ ইথানল মিশ্ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ, কিন্তু ইতিমধ্যে ১৯.৬ শতাংশ মিশ্ৰণ সম্ভৱ হৈছে । মই নিশ্চিত যে অহা মাহত আমি ২০ শতাংশ স্পৰ্শ কৰিম ।”

কেন্দ্ৰীয় মন্ত্ৰী পুৰীয়ে আৰু কয় যে ১৭০০ কোটি লিটাৰ তেল মিশ্ৰণৰ ক্ষমতা আছে দেশৰ । বৰ্তমানলৈকে ১৫০০ কোটি লিটাৰ তেল ব্যৱহাৰ হৈছে । ভাৰতে বিভিন্ন ধৰণৰ ইন্ধন আমদানিৰ বাবে ১৫০ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰা সন্দৰ্ভত তেওঁ কয় যে এনে এটা ক্ষেত্ৰ আছে য’ত মনোযোগৰ অভাৱ হৈছে, সেয়া হ’ল সেউজ হাইড্ৰ’জেন ।

“বৰ্তমান সেউজ হাইড্ৰ’জেনৰ মূল্য ৪.৫ মাৰ্কিন ডলাৰ । যদি আপুনি ইয়াক USD 2.5 ৰ ওচৰলৈ আনিব পাৰে তেন্তে বিপ্লৱ হ’ব । পৰম্পৰাগত ইন্ধনৰ পৰা সেউজ হাইড্ৰ’জেনলৈ ব্যাপক পৰিৱৰ্তন আমি দেখিম” বুলি মন্ত্ৰীগৰাকীয়ে হাইড্ৰ’কাৰ্বন সম্পৰ্কীয় অধিবেশনত উপস্থিত পিএছইউ আৰু ব্যক্তিগত শক্তি প্ৰতিষ্ঠানৰ মুৰব্বীসকলক কয় ।

তেওঁ কয় যে প্ৰতিখন দেশেই স্বচ্ছ শক্তিৰ দিশত আগবাঢ়িছে, কিন্তু অৰ্থনীতিৰ প্ৰত্যাহ্বান আৰু দাবীৰ পৰা বাচি থাকি এই কাম কৰিব লাগিব । “৬-৭ শতাংশ বৃদ্ধি পোৱা ভাৰতৰ দৰে অৰ্থনীতিৰ বাবে ইন্ধনৰ প্ৰয়োজন । আমি স্বচ্ছ ভৱিষ্যতৰ বাবে বৰ্তমানক জীয়াই থকাটো প্ৰয়োজন ।” তেওঁ লগতে কয় ।

পুৰীয়ে কয় যে ভাৰতত উন্নয়নমূলক প্ৰত্যাহ্বান আছে যদিও ২০৪৫ চনৰ ভিতৰত সকলো জীৱাশ্ম ইন্ধন উৎপাদন কোম্পানীয়ে নেট জিৰ’ লাভ কৰিব ।

তেওঁ কয় যে বিশ্বৰ মঞ্চত থকা এখন দেশে যি শক্তিৰ ব্যৱহাৰ কৰে তাৰ দ্বাৰা মূল্যায়ন কৰা হ’ব । যদি শক্তিৰ ব্যৱহাৰ লেহেমীয়া হৈছে তেন্তে ইয়াৰ অৰ্থ হ’ল অৰ্থনীতিয়ে ৰঙা পতাকা দেখুৱাবলৈ আৰম্ভ কৰিছে ।

তেওঁ আৰু কয়, “আমি প্ৰতিদিনে ৫৫ লাখ বেৰেল খাৰুৱা তেল ব্যৱহাৰ কৰিছো, যিটো ৫ মিলিয়ন বেৰেলৰ তুলনাত বৃদ্ধি পাইছে । মই পূৰ্বানুমান কৰিছো যে ভাৰতে হ্ৰস্বৰ পৰা মধ্যমকালীনভাৱে ৬.৫-৭ মিলিয়ন বেৰেল তেল ব্যৱহাৰ কৰিব ।”

হাইড্ৰ’কাৰ্বনৰ অন্বেষণ আৰু উৎপাদন (ই এণ্ড পি) সন্দৰ্ভত পুৰীয়ে কয় যে ২০৩০ চনৰ ভিতৰত ইয়াৰ উৎপাদন ৫০ লাখ টন হোৱাৰ সম্ভাৱনা আছে । “যদি তেনেকুৱা হয়, তেন্তে ভাৰত বৰ্তমান প্ৰায় ৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৭-১০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি হ’ব । আমি শ্বেল, ব্ৰিটিছ পেট্ৰ’লিয়াম, চেভ্ৰন আদিৰ সৈতে কথা পাতি আহিছো, আৰু সকলোৱে ভাৰতলৈ আহিবলৈ আগ্ৰহী ।”

পুৰীয়ে কয় যে দেশৰ মুঠ প্ৰায় ৩৫ লাখ বৰ্গ কিলোমিটাৰ পলস অৱবাহিকাৰ ভিতৰত মুক্ত অনুজ্ঞাপত্ৰ কাৰ্যসূচীৰ অধীনত ১০ লাখ বৰ্গ কিলোমিটাৰ ভূমি মুকলি কৰা হ’ব । ইতিমধ্যে অ’এএলপিৰ অধীনত ২,০০,০০০ বৰ্গ কিলোমিটাৰ ভূমি মুকলি কৰা হৈছে, যিটো ব্যৱস্থাৰ জৰিয়তে বিনিয়োগকাৰীয়ে ই এণ্ড পিৰ তথ্যৰ ভিত্তিত নিজৰ পছন্দৰ ব্লকৰ বাবে নিবিদা দিব পাৰে ।

তেওঁ কয়, “অ’এএলপি ৰাউণ্ড ৯ত এই অঞ্চলৰ বাবে ৩৮ শতাংশ নিবিদা আহিছিল । মই আশা কৰিছো যে অ’এএলপি ১০ৰ সময়ত এই অঞ্চলৰ বাবে অধিক নিবিদা আহিব ।”

ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..