অসমৰ জলপথ উন্নয়নৰ বাবে ৪৮০০ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই…ডাঙৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

অসমৰ জলপথ আৰু আনুষংগিক আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৪৮০০ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই। বুধবাৰে এই কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

অসমৰ জলপথ উন্নয়নৰ বাবে ৪৮০০ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই...ডাঙৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Published: 

26 Feb 2025 15:44 PM

আগন্তুক পাঁচ বছৰত অসমৰ জলপথ আৰু আনুষংগিক আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৪৮০০ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই। বুধবাৰে এই কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ এক অধিৱেশনত ভাষণ দি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰীগৰাকীয়ে কয় যে, আগন্তুক পাঁচ বছৰত তেওঁ মন্ত্ৰালয়ে অসমত ৪৮০০ কোটি টকা ব্যয় কৰিব।

তেওঁ উল্লেখ কৰা মতে, এই ধনৰাশি বিভিন্ন কামত ব্যয় কৰা হ’ব, যেনে জাহাজ মেৰামতিৰ সুবিধা নিৰ্মাণ, বন্দৰৰ বাবে বিকল্প পথ নিৰ্মাণ আৰু টাৰ্মিনেল উন্নয়ন। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, ৰাজ্যত সামুদ্ৰিক শিক্ষাৰ ক্ষেত্ৰতো উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰ ফলত বছৰি ৫ হাজাৰ দক্ষ যুৱকে জাহাজ উদ্যোগত নিয়োগৰ সুযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, ৰাজ্যখনৰ পথ, ৰে’ল আৰু নদীৰ আন্তঃগাঁথনি সন্দৰ্ভত এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ আয়োজিত এক অধিৱেশনত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰ্থনৈতিক উন্নয়নত জলপথৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰি কয় যে, ২০১৪ চনত বিজেপি নেতৃত্বাধীন চৰকাৰখনে দায়িত্ব লোৱাৰ পিছৰে পৰা এই খণ্ডই বৃহৎ অগ্ৰগতি লাভ কৰিছে। তেওঁ লগতে কয়, “ভাৰতে ২০৩০ চনৰ ভিতৰত আগশাৰীৰ সামুদ্ৰিক ৰাষ্ট্ৰ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু লগতে জাহাজ নিৰ্মাণৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত অন্যতম।”

ইফালে, আজিৰ দিনটো এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনত এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দিয়া ভাষণত শীঘ্ৰে অসমত ৮০ হাজাৰ কোটি টকাৰ পথ প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে । লগতে এডভান্টেজ আছাম ২.০ ব্যৱসায়িক সন্মিলনত দিয়া ভাষণত ৰাজ্যখনৰ পথ, ৰে’ল আৰু নদী কেন্দ্ৰিক আন্তঃগাঁথনিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..