ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি: জানক কোনে লাভ কৰে এই আঁচনিৰ অধীনত ধন…

indira Miri Universal Widow Pension Scheme :চৰকাৰে ৰূপায়ন কৰা বিভিন্ন আঁচনিৰ ভিতৰত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি অন্যতম। ইয়াৰ অধীনত স্বামীৰ মৃত্যুৰ পাছত মহিলাসকলে আৰ্থিক সাহাৰ্য লাভ কৰে।

ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি: জানক কোনে লাভ কৰে এই আঁচনিৰ অধীনত ধন...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

05 Mar 2025 16:52 PM

চৰকাৰে জনতা তথা সমাজৰ কল্যানৰ হকে বিভিন্ন সময়ত বহু আঁচনি ৰূপায়ন কৰে। তেনে এক আঁচনি হ’ল ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি (indira Miri Universal Widow Pension Scheme)। অসম চৰকাৰৰ এই আঁচনিৰ অধীনৰ ৰাজ্যৰ ১৮ বছৰ বয়সৰ পৰা ৬০ বছৰ বয়সৰ বিধৱা মহিলাক পেঞ্চন যোগান ধৰা হয়। এই আঁচনীৰ অধীনত বিধৱা মহিলালৈ ২৫,০০০ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে মহিলা গৰাকীৰ ৬০ বছৰ বয়সলৈকে মাহিলী ৩০০ টকাকৈ পেঞ্চন আগবঢ়োৱা হয়।

২০১৯-২০২০ বৰ্ষৰ বাজেটত এই আঁচনিখন অসমৰ বিত্ত মন্ত্ৰীয়ে আৰম্ভ কৰিছিল। বিধৱা মহিলাসকলক আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে এই আঁচনি ৰূপায়ন কৰা হৈছিল। কোৰোনা মহামাৰী ফলত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিত সমগ্ৰ ৰাজ্য খনত ১,৪৩,৩১৮ গৰাকী বিধৱাক একেলগে চাৰিমাহৰ পেন্সন প্ৰদানেৰে এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল।

উদ্দেশ্য

  • মহিলাসকলৰ উন্নত জীৱিকা প্ৰদান
  • মহিলাক সৱল কৰা
  • বৃদ্ধ বয়সৰ মহিলাসকলক সামাজিক আৰু বিত্তীয় সুৰক্ষা প্ৰদান কৰা।
  • জীৱন নিৰ্বাহত সহায়।
  • আৰ্থিক দিশত স্বতন্ত্ৰভাৱে জীয়াই থাকিবলৈ প্ৰস্তুত কৰা।

অধিক জানিবলৈ – ক্লিক কৰক

যোগ্যতা

  • হিতাধিকাৰী অসমৰ বাসিন্দা হ’ব লাগিব।
  • ১৮ ৰ পৰা ৬০ বছৰ বয়ৰ ভিতৰত হ’ব লাগিব।
  • আবেদনকাৰীৰ নাম এপিএল বা বিপিএল তালিকাত পঞ্জীয়ন কৰিব লাগিব।

কি কি নথি-পত্ৰ লাগিব

  • বাসস্থানৰ প্ৰমাণ পত্ৰ।
  • পঞ্চায়তৰ পৰা প্ৰাপ্ত আবেদনকাৰীৰ উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি।
  • মৃত স্বামীৰ মৃত্যুৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি।
  • হিতাধিকাৰীৰ পাচপোৰ্ট ফটো।
  • ওপৰৰ দৰিদ্ৰতা ৰেখা আৰু দৰিদ্ৰতা ৰেখাৰ তলৰ ৰেচন কাৰ্ডৰ প্ৰতিলিপি।
  • আধাৰ কাৰ্ডৰ প্ৰতিলিপি।
  • আবেদনকাৰী বেংকৰ একাউণ্টৰ বিৱৰণ যেনে একাউণ্ট নম্বৰ, আইএফএছচি, শাখাৰ নাম আদিৰ প্ৰতিলিপি
  • পৰৱৰ্তী সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৱেবচাইট বা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা আবেদনপত্ৰ সংগ্ৰহ কৰি আবেদন কৰিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ অসম আৰোগ্য নিধিঃ কোনে, কেনেকৈ লাভ কৰে এই আঁচনিৰ সুবিধা, জানক…

সপোনত কেতিয়াবা শ্মশান দেখিছে নেকি? তেন্তে জানক ইয়াৰ অৰ্থ...
একেৰাহে এমাহ গাখীৰৰ সৈতে জালুক মিহলাই খালে কি হয় জানেনে?
অনন্ত আম্বানীৰ বনতাৰাত কি কি আৰু কিমান জীৱ-জন্তু আছে?
মাহেকীয়াৰ সময়ত মন্দিৰলৈ যোৱাটো পাপ নেকি? জয়া কিশোৰীয়ে দিলে ইয়াৰ উত্তৰ