সীমান্তত অসম আৰক্ষীৰ গুলীত আহত অনুপ্ৰৱেশৰ সৈতে জড়িত দালাল…!

পাথাৰকান্দিৰ ভাৰত-বাংলাদেশ সীমান্তত তদন্তৰ সময়ত আৰক্ষীৰ সৈতে হোৱা হতাহতিত অভিযুক্ত দিলৱাৰ হুছেইন আহত হয় বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে । অভিযোগ অনুসৰি, এই গৰাকী অভিযুক্তই দীৰ্ঘদিন ধৰি বাংলাদেশীৰ অনুপ্ৰৱেশত দালালী কৰি আহিছিল ।

সীমান্তত অসম আৰক্ষীৰ গুলীত আহত অনুপ্ৰৱেশৰ সৈতে জড়িত দালাল...!

ভাৰত বাংলাদেশ সীমান্ত

Updated On: 

11 Jan 2025 17:58 PM

ভাৰত-বাংলাদেশ সীমান্তত অসম আৰক্ষীৰ গুলীত আহত হৈছে দিলৱাৰ হুছেইন নাম এগৰাকী লোক । এই ব্যক্তি গৰাকী বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ সৈতে জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি, এই গৰাকী অভিযুক্তই দীৰ্ঘদিন ধৰি বাংলাদেশীৰ অনুপ্ৰৱেশত দালালী কৰি আহিছিল । পাথাৰকান্দিৰ ভাৰত-বাংলাদেশ সীমান্তত তদন্তৰ সময়ত আৰক্ষীৰ সৈতে হোৱা হতাহতিত অভিযুক্ত দিলৱাৰ হুছেইন আহত হয় বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, স্থানীয় আৰক্ষীৰ সহযোগত চলোৱা এক অভিযানত এই গৰাকী অভিযুক্তক আটক কৰা হৈছিল ।

জানিব পৰা মতে, এই ব্যক্তি গৰাকীয়ে বাংলাদেশী নাগৰিকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত সহায় কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈছে । আৰক্ষীৰ খবৰ অনুসৰি, হুছেইনক অনুপ্ৰৱেশত দালালী কৰাৰ সন্দেহত শ্ৰীভূমি ৰে’ল ষ্টেচনত আটক কৰা হৈছিল । আটক কৰাৰ পাছত আৰক্ষীৰ জেৰাৰ অন্তত যোৱা ছমাহত অঞ্চলটোৰ একাধিক সীমান্ত পইণ্টৰ মাজেৰে বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰৱেশত সুবিধা প্ৰদানৰ ক্ষেত্ৰত এই ব্যক্তি গৰাকী জড়িত থকা তথ্য পোহৰলৈ আহে।

জানিব পৰা মতে,আৰক্ষী অধীক্ষক পার্থ প্রতীম দাসৰ নির্দেশনাত অধিক তদন্তৰ বাবে আটকাধীন অভিযুক্তক পাথাৰকান্দি সমষ্টিৰ ফুলকান্দি অঞ্চললৈ লৈ যোৱা হৈছিল ৷ অভিযোগ অনুসৰি, অঞ্চলটো ভ্ৰমণ কৰাৰ সময়ত অভিযুক্তই আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় । অভিযুক্তই তদন্তকাৰী দলটোৰ বন্দুক কাঢ়ি ল’বলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে । ইয়াৰ সমান্তৰালভাৱে এনে পৰিস্থিতিত আৰক্ষীয়ে গুলীচালনা কৰে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।

জানিব পৰা মতে, অভিযুক্তৰ ভৰিত গুলী লগাৰ বিপৰীতে এই হাতহতিত দুজন আৰক্ষী জোৱানো আহত হয় বুলি জানিব পৰা গৈছে । ইয়াৰ পাছতে আহত অভিযুক্তক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় । জানিব পৰা অভিযুক্তৰ ঘৰ হৈছে ত্ৰিপুৰাত । ইফালে সংবাদ মাধ্যমৰ আগত আৰক্ষী অধীক্ষক পার্থ প্রতীম দাস সদৰী কৰা মতে, এই গৰাকী অভিযুক্তই অসম আৰু ত্ৰিপুৰা সীমান্তৰ মাজেৰে প্ৰায় ৭০ জন ব্যক্তিক অবৈধভাৱে ভাৰতত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে । বৰ্তমানেও এই গোচৰৰ তদন্ত অব্যাহত আছে ।

জানিব পৰা মতে, অভিযুক্তৰ বিৰুদ্ধে বিএনএছ আইনৰ একাধিক ধাৰাৰ লগতে ৬১(২), ১৪৩, ১৪৫, ১৫২, ৩৩৬(৩), আৰু ৩৪০(২) ধাৰাত শ্ৰীভূমি আৰক্ষী থানাত ২১/২৫ নম্বৰত ৰুজু কৰা হৈছে গোচৰ।

মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ
শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ