কাজিৰঙাত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠকঃ অংশ ল’লে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই
কাজিৰঙাত আজি অনুষ্ঠিত হয় আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় বৈঠক। দেশৰ ১৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধি আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ এই বৈঠকত উপস্থিত থাকে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই বৈঠকত অংশ লয়।
কাজিৰঙাত আজি অনুষ্ঠিত হয় আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় বৈঠক। দেশৰ ১৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধি আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ এই বৈঠকত উপস্থিত থাকে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই বৈঠকত অংশ লয়। আজিৰ বৈঠকতে‘নেশ্যনেল ৰিভাৰ ট্ৰেফিক এণ্ড নেভিগেশ্যন চিষ্টেম’ৰ নীতি-নিৰ্দেশনা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই বৈঠকখনত ১৪০০ কৌটি টকাৰ বিভিন্ন প্রকল্পও আজি শুভাৰম্ভ কৰা হয়।
এইসমূহৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত আভ্যন্তৰীণ জল পৰিবহণ খণ্ডত প্রশিক্ষিত মানৱ সম্পদ সৃষ্টিৰ লগতে এই খণ্ডটোত উদ্ভাৱনীমূলক কাম-কাজক উৎসাহিত কৰাৰ অৰ্থে এক পৰিৱেশ গঢ় দিয়াৰ লক্ষ্যৰে ডিব্ৰুগড়ত উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন, বিশ্বনাথথাট, নিমাতীঘাট, শিলঘাট আৰু গুইজানত টুৰিষ্ট জেটী নিৰ্মাণ, ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ নৱীকৰণ, পাণ্ডুত জাহাজ মেৰামতি কাৰখানাৰ পৰা পাণ্ডু বন্দৰলৈ সংযোগী পথৰ উন্নীতকৰণ, বৰাকৰ ১৬ নং ৰাষ্ট্ৰীয় জলপথত ব্যৱহাৰৰ বাবে এখন জৰীপ জাহাজৰ লগতে ১২ খন বিভিন্ন ধৰণৰ জাহাজ আৰু দুখন ‘কুইক পণ্টুন’ৰ সেৱা মুকলি অন্যতম।
এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৈঠক কাজিৰঙাত অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক ধন্যবাদ জ্ঞাপন কৰি কয় যে জলবায়ু পৰিৱৰ্তন ৰোধৰ অৰ্থে বায়ুমণ্ডলত কাৰ্বন নিৰ্গমণৰ পৰিমাণ শূন্যলৈ হাস কৰা বাবে ভাৰতবৰ্ষই যি সংকল্প গ্ৰহণ কৰিছে, সেয়া বাস্তৱায়িত কৰিবলৈ হ’লে আভ্যন্তৰীণ জল পৰিবহণ ব্যৱহাৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে সমগ্ৰ দেশৰ মুঠ পৰিবহণৰ কমেও ৩০ শতাংশ যদি জল পৰিবহণৰ জৰিয়তে কৰিব পৰা যায় তেন্তে জলবায়ু পৰিবৰ্তনক লৈ সৃষ্ট আশংকা বহু পৰিমাণে হাস পাব।
দেশৰ স্থল আৰু ৰে’ল পৰিবহণৰ কিমান শতাংশ জল পৰিবহণলৈ পৰিৱৰ্তন কৰিব পৰা যায় সেয়া সকলোৰে বাবে এক মাপকাঠী হ’ব লাগে বুলিও মন্তব্য কৰি তেওঁ এই দিশত গুৰুত্ব আৰোপ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনায়। হিমন্ত বিশ্ব শৰ্মাই লগতে স্থল আৰু ৰে’ল পৰিবহণৰ পৰিৱৰ্তে আভ্যন্তৰীণ জল পৰিবহণক অধিক গুৰুত্ব আৰোপ কৰা কাৰ্যই জলবায়ু পৰিৱৰ্তন ৰোধৰ দিশত ভাৰতবৰ্ষ কিমান দায়বদ্ধ সেয়াও প্ৰতিফলিত কৰিব বুলিও মন্তব্য কৰে।
সভ্যতাৰ আৰম্ভণি নৈৰ পৰাই হৈছিল বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰিবহণৰ ক্ষেত্ৰত নৈৰ ব্যৱহাৰ অতি পুৰণি আৰু সভ্যতাৰ অগ্ৰগতিৰ লগে লগে পৰৱৰ্তী সময়তহে পৰিবহণৰ মাধ্যম হিচাপে স্থলপথ, ৰে’লপথ আৰু আকাশীপথৰ সংযোগ ঘটিছে। আভ্যন্তৰীণ জল পৰিবহণ সভ্যতাৰ সৈতে নিবিড়ভাৱে সংপৃক্ত হৈ আছে বুলি মন্তব্য কৰি তেওঁ জল পৰিবহণ ব্যৱস্থাটোক বৰ্তমান সময়ৰ প্রয়োজনীয়তা অনুসৰি গঢ় দিয়াত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে সুদীৰ্ঘ সময়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ জল পৰিবহণ খণ্ডটোৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে এই খণ্ডটোৰ বিকাশৰ বাবে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
২০৪৭চনৰ বিকশিত ভাৰতৰ সপোনক সাকাৰ কৰাৰ দিশত আভ্যন্তৰীণ জল পৰিবহণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰি এই পৰিবহণ খণ্ডটোৰ বিকাশৰ দিশত গ্ৰহণ কৰা পদক্ষেপলানিৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে মন্তব্য কৰে যে আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ এই বৈঠকৰ লগতে এই বৈঠকৰ ফলাফল তথা নতুন প্রকল্পসমূহে অসমৰ জল পৰিবহণ ব্যৱস্থাটোক উজ্জ্বীৱিত কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অৰ্থনীতি বিকাশত প্ৰভূত অৰিহনা যোগাব। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্তুণালয়ৰ তৰফৰ পৰা অসমৰ বাবে কমেও ৩০ খন ড্ৰেজাৰ ক্ৰয়ত সহায়ক হোৱাকৈ এখন আঁচনি গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক অনুৰোধ জনাই কয় যে এই ড্ৰেজাৰসমূহ ক্ৰয়ত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও পুঁজি আগবঢ়াব। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ড্ৰেজাৰসমূহ লাভ কৰিলে ৰাজ্যখনৰ বাবে জল যাতায়াতৰ লগতে বানপানীৰ প্রকোপ হাসৰ দিশত যথেষ্ট সহায়ক হ’ব।
আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠকত উপস্থিত প্রতিনিধিবৰ্গক মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৈশিষ্ট্য উল্লেখ কৰি কয় যে দেশৰ সকলোবোৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কাজিৰঙাতে বাঘৰ ঘনত্ব সৰ্বাধিক৷ এই ৰাষ্ট্ৰীয় উদ্যানখনে বন্যপ্ৰাণীৰ সংৰক্ষণৰ দিশত অসামান্য সফলতা অৰ্জন কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে ২০১৪ চনৰ আগলৈকে কাজিৰঙাত প্রতি বছৰে যথেষ্ট সংখ্যক গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল।
কিন্তু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছতে এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ ৰোধৰ অৰ্থে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু ইয়াৰ ফলত সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকালত গঁড় হত্যা বছৰি ৪-৫ টালৈ হাস পাইছিল বুলি তেওঁ মন্তব্য কৰে। সম্প্ৰতি কাজিৰঙাত গঁড় হত্যাৰ পৰিমাণ প্রায় শূন্যলৈ নামি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় উদ্যানসমূহৰ পৰিসৰ হাস পোৱাৰ বিপৰীতে বিগত দশকটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ যথেষ্ট বৃদ্ধি পাইছে আৰু অসমৰ জনসাধাৰণৰ সহযোগত এয়া সম্ভৱ হৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে গঁড়ৰ খৰ্গটো ওষধী ণ্ডণবিশিষ্ট বুলি থকা ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ অৰ্থে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে তিনি বছৰ পূৰ্বে স্বাভাৱিক কাৰণত আৰু চোৰাং চিকাৰীৰ হাতত মৃত্যু হোৱা গঁড়ৰ খৰ্গসমূহ একত্ৰিতভাৱে দাহনৰ ব্যৱস্থা কৰিছিল। ৰাজ্য চৰকাৰৰ এই পদক্ষেপে গঁড়ৰ খৰ্গক লৈ থকা ভ্ৰান্ত ধাৰণা দূৰ কৰাত যথেষ্ট সহায় কৰিছিল বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য চৰকাৰৰ এই পদক্ষেপক যথেষ্ট প্রশংসা কৰিছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে বিগত বৰ্ষত কাজিৰঙা ভ্ৰমণৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত এনিশা কটাই যোৱাৰ কথাও ভাষণত উল্লেখ কৰি তেওঁ কয় যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ভ্ৰমণৰ আলোকচিত্ৰখন ২০২৪ বৰ্ষত সামাজিক মাধ্যমৰ অন্যতম ‘ভাইৰেল’ আলোকচিত্ৰ আছিল। ৰাষ্টপতি আৰু ভূটানৰ ৰজাৰ কাজিৰঙা ভ্ৰমণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাজিৰঙাৰ বন্যপ্ৰাণী সংৰক্ষণৰ দিশত আন এক গুৰুত্বপূৰ্ণ সংযোজন ঘটাই উদ্যানখনক চুই যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোত এলিভেটেড ক’ৰিডৰ নিৰ্মাণৰ পদক্ষেপ গ্রহণ কৰা হৈছে।
আজিৰ এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ উপৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্তুণালয়ৰ ৰাজ্যিৰ মন্ত্ৰী শান্তনু ঠাকুৰৰ লগতে কেইবাখনো ৰাজ্যৰ মন্ত্ৰী তথা উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আনহাতে মুখ্যমন্ত্ৰীয়ে আজি কাজিৰঙাৰ কঁহৰাত গোলাঘাট জিলা আৰু বোকাখাত সমজিলা প্ৰশাসনে আয়োজন কৰা পুষ্প উৎসৱতো অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি কাজিৰঙাৰ পৰা গুৱাহাটীলৈ অহাৰ পথত মুখ্যমন্ত্ৰীয়ে আজি ৰহাৰ আমনিখালী গাঁৱত ভগৱান সেনাপতি নামৰ ব্যক্তিগৰাকীয়ে বীণাৰ আৰ্হিত নিৰ্মাণ কৰা ভেলাঘৰটোও পৰিদৰ্শন কৰে।
উল্লেখ্য যে, ২০১৪ চনৰ পৰাই ভগৱান সেনাপতিয়ে মাঘ বিহুৰ সময়ছোৱাত বিভিন্ন আহিত ভেলাঘৰ নিৰ্মাণ কৰি দৃষ্টি আকৰ্ষণ কৰি আহিছে। এনে ভেলাঘৰসমূহ তেওঁ বিহুৰ পিছত এমাহ পৰ্যন্ত সৰ্বসাধাৰণৰ দৰ্শনৰ বাবে সংৰক্ষণ কৰি ৰাখে। এই পৰিদৰ্শনকালতে স্থানীয় গাঁওবাসীয়ে মুখ্যমন্ত্ৰীক মাছ আৰু স্থানীয় বিভিন্ন শাক-পাচলি উপহাৰস্বৰূপে আগবঢ়াই ভোগালী বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰে। এই উপলক্ষ্যত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসো উপস্থিত থাকে।