শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২০২৬ ৰ পৰিৱৰ্তে লক্ষ্য ২০৪৭ চনৰ বিধানসভা নিৰ্বাচন ! বাজেট বিতৰ্কৰ মাজতে মুখ্য়মন্ত্ৰীৰ মন্তব্য…

২০২৬ পৰিৱৰ্তে ২০৪৭ চনৰ নিৰ্বাচনহে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে মুখ্য়মন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে কয় যে, মুখ্য়মন্ত্ৰী দায়িত্ব লোৱাৰ পাছত আজি আমি ২০২১ ৰ নিৰ্বাচনত জয়ী হৈ ২০২৬ ৰ নিৰ্বাচন কেনেকৈ জিকিব লাগে তাৰ পৰিকল্পনা কৰা নাই । আৰু কি ক'লে মুখ্য়মন্ত্ৰীয়ে ?

২০২৬ ৰ পৰিৱৰ্তে লক্ষ্য ২০৪৭ চনৰ বিধানসভা নিৰ্বাচন ! বাজেট বিতৰ্কৰ মাজতে মুখ্য়মন্ত্ৰীৰ মন্তব্য…
হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 11 Mar 2025 16:22 PM

সোমবাৰে বিধানসভাত দাখিল কৰা হ’ল বিজেপি মিত্ৰ জোঁটৰ চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট । ২০২৫-২৬ বৰ্ষৰ বাবে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্ত নেওগে দাখিল কৰা এই বাজেটক এক প্ৰকাৰে নিৰ্বাচন কেন্দ্ৰিক বুলি অভিহিত কৰিছে বিৰোধীয়ে । বিৰোধীয়ে দাবী কৰিছে যে, আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বৰ্ষৰ বাজেট প্ৰস্তুত কৰিছে বিজেপি চৰকাৰে । কিন্তু আজি বিধানসভাত চলি থকা বাজেট বিতৰ্কৰ মাজতে বিৰোধীৰ এই দাবীক সম্পূৰ্ণৰূপে নাকচ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ।

মঙলবাৰে বিধানসভাত একে প্ৰকাৰে ২০২৬ পৰিৱৰ্তে ২০৪৭ চনৰ নিৰ্বাচনহে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে মুখ্য়মন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে কয় যে, মুখ্য়মন্ত্ৰী দায়িত্ব লোৱাৰ পাছত আজি আমি ২০২১ ৰ নিৰ্বাচনত জয়ী হৈ ২০২৬ ৰ নিৰ্বাচন কেনেকৈ জিকিব লাগে তাৰ পৰিকল্পনা কৰা নাই । ২০৪৭ চনৰ নিৰ্বাচন কেনেকৈ জিকিম সেই কথাহে কল্পনা কৰিছোঁ । তেওঁ দাবী কৰে যে, ২০২৬ ৰ নিৰ্বাচনৰ বাবে চিন্তা কৰাৰ কোনো প্ৰয়োজনে নাই।

হিতাধিকাৰীৰ আঁচনিক লৈ চলি থকা এক বিতৰ্কৰ মাজতে তেওঁ কয়, “আগতে নিৰ্বাচনৰ সময়ত মানুহৰ পৰা লৈছিল । কিন্তু আমি লোৱাৰ পৰিৱৰ্তে দি আছোঁ । নিৰ্বাচনৰ সময়ত ব্য়ৱসায়ীৰ লগতে অন্যান্যৰ পৰা কলেকচন কৰা হৈছিল । এতিয়া আমি মানুহৰ দিয়াৰ হে ব্যৱস্থা কৰিছোঁ।”

উল্লেখ্য যে, ২০২৫-২৬ বৰ্ষৰ অসম বাজেটক এক প্ৰকাৰে হিতাধিকাৰীৰ বাজেট বুলি অভিহিত কৰিছে বিৰোধীয়ে । বিৰোধীয়ে এইটো দাবী কৰিছে যে, ২০২৬ নিৰ্বাচনত বিজেপিয়ে কেনেদৰে জয়ী হ’ব পাৰে তাৰ ওপৰত গুৰুত্ব দি এইবাৰৰ বাজেট প্ৰস্তুত কৰা হৈছে । লগতে পূৰ্বৰ বহু প্ৰতিশ্ৰুতি আৰু মানুহৰ আশা পূৰণত চৰকাৰ ব্যৰ্থ হোৱা বুলিও অভিযোগ কৰিছে বিৰোধীয়ে ।

মনকৰিবলগীয়া যে, আজিৰ বিধানসভাত হিতাধিকাৰী আঁচনিক লৈ মুখ্য়মন্ত্ৰী আৰু বিৰোধী বিশেষকৈ অখিল গগৈ, দেৱব্ৰত শইকীয়াৰ মাজত তীব্ৰ বিতৰ্ক হৈছিল । এই বিতৰ্কৰ মাজতে অখিল গগৈয়ে কয় যে, “অৰুণোদয় আঁচনিৰ নামত ব্লেক মেইল নকৰিব । সকলোকে দিয়ক এই আঁচনিৰ সুবিধা । কেইজনমানক দি ভোটৰ বাবে ব্লেক মেইল নকৰিব ।” ইয়াৰ লগতে অসমৰ প্ৰতিগৰাকী মহিলাক অৰুণোদয় প্ৰদান কৰাৰ লগতে ১২৫০ টকা পৰিৱৰ্তে প্ৰতিশ্ৰুতি অনুসৰি ৩০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই অখিল গগৈয়ে । ইফালে এই বিতৰ্কৰ মাজতে বাজেটখন এপ্ৰিলৰ পৰা হে আৰম্ভ হয়, কিন্তু বহু ঘোষণা অক্টোবৰ মাহৰ পৰা হৈছে বুলি কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।