চলিত বছৰতে সাজু হৈ উঠিব বৰঝাৰ বিমানবন্দৰৰ সংহত টাৰ্মিনেল! আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিয়ে যে ২০২৫ চনৰ শেষৰ ফালে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বহু প্ৰত্যাশিত সংহত টাৰ্মিনেল সাজু হ’ব। তেওঁ লগতে উল্লেখ কৰে যে, নতুন টাৰ্মিনেলটো ব্যৱসায়ৰ বাবে সাজু হ’লেই ৰাজ্যত ফ্লাইয়াৰৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিব পাৰিব।

চলিত বছৰতে সাজু হৈ উঠিব বৰঝাৰ বিমানবন্দৰৰ সংহত টাৰ্মিনেল!
২০২৫ চনৰ ভিতৰত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।এই উন্নয়নৰ লক্ষ্য হ’ল আঞ্চলিক সংযোগ বৃদ্ধি আৰু বিমানবন্দৰৰ সেৱা উন্নত কৰা। তেওঁ লগতে উল্লেখ কৰে যে, নতুন টাৰ্মিনেলটো ব্যৱসায়ৰ বাবে সাজু হ’লেই ৰাজ্যত ফ্লাইয়াৰৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিব পাৰিব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিয়ে যে ২০২৫ চনৰ শেষৰ ফালে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বহু প্ৰত্যাশিত সংহত টাৰ্মিনেল সাজু হ’ব। সংযোগ বৃদ্ধিৰ বাবে ডিজাইন কৰা হৈছে এই নতুন টাৰ্মিনেলটো। এই সন্দৰ্ভত অসম চৰকাৰে এপ্ৰ’চ ৰোড সম্প্ৰসাৰণৰ বাবে অতিৰিক্ত ১১৬.২০ কোটি টকাৰ অনুমোদন দিছিল।মুখ্যমন্ত্ৰীয়ে কয় যে, এডভান্টেজ আছাম ২.০ প্ৰদৰ্শনীৰ সময়ত তেওঁ ইন্টিগ্ৰেটেড টাৰ্মিনেলৰ স্কেলেড মডেল পৰ্যালোচনা কৰিছিল। এই সময়তে টাৰ্মিনেলৰ ডিজাইন আৰু গঠনৰ সমান্তৰালভাৱে বিমানবন্দৰৰ সেৱা বৃদ্ধিৰ বাবে অন্তৰ্ভুক্ত কৰা হ’বলগীয়া সুবিধাসমূহো পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীয়ে ।
দেওবাৰে সামজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “লোকপ্রিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্রীয় বিমানবন্দৰৰ সংহত টাৰ্মিনেল এই বছৰৰ ভিতৰতে কাৰ্যকৰীভাৱে সাজু হৈ উঠিব আৰু অসমৰ যাতায়াত ব্যৱস্থাত নতুন মাত্রা প্রদানেৰে সেৱা আগবঢ়াব। ‘এডভাণ্টেজ আছাম-২.০’ৰ প্রদর্শনীত প্রকল্পটিৰ নব্য ৰূপৰ স্কেলড আর্হি আৰু নতুন টার্মিনেলটিত উপলব্ধ হ’বলগীয়া সুবিধাসমূহৰ পর্যালোচনা কৰিছিলোঁ।”
The Integrated Terminal of the LGBI Airport will be ready by this year and cater to the ever growing demand of Assam’s flyers.
In #AdvantageAssam2 exhibition, I reviewed its scaled model and the facilities which will come up at the new airport. pic.twitter.com/AxPePdW0ad
— Himanta Biswa Sarma (@himantabiswa) March 2, 2025
অতি শীঘ্ৰে কাৰ্যক্ষম হ’বলগীয়া এই সংহত টাৰ্মিনেলটোৱে বিমানবন্দৰৰ বাৰ্ষিক যাত্ৰী পৰিচালনা ক্ষমতা ১ কোটি ৩০ লাখতকৈ অধিকলৈ বৃদ্ধি কৰিব। যাত্ৰীৰ আগমনৰ বাবে নিৰৱচ্ছিন্ন পথ সংযোগৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি চৰকাৰে ভিআইপি জংচনৰ পৰা ধাৰাপুৰলৈকে আন্তঃগাঁথনি উন্নীতকৰণৰ কাম আৰম্ভ কৰিছিল।
উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিনিয়োগ সন্মিলন ‘এডভান্টেজ আছাম ২.০’ৰ সময়ত গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক (এলজিবিআই) বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেল বিল্ডিং (এনআইটিবি)ৰ ডিজাইন উন্মোচন কৰে।
এই সন্দৰ্ভত এলজিবিআই বিমানবন্দৰৰ এগৰাকী মুখপাত্ৰই কয়, “অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ পৰা অনুপ্ৰাণিত হৈ নতুন টাৰ্মিনেলটোত জৈৱ বৈচিত্ৰ্য, শক্তি, আৰু বহনক্ষমতাৰ প্ৰতীক হিচাপে এক অনন্য বাঁহ অৰ্কিড থিমৰ বৈশিষ্ট্য আছে। টাৰ্মিনেলৰ ডিজাইন লেণ্ডস্কেপৰ সৈতে নিৰৱচ্ছিন্নভাৱে মিলি গৈছে, যিয়ে অঞ্চলটোৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিছে।’
বৰ্তমান নিৰ্মাণৰত NITB বছৰি ১ কোটি ৩১ লাখ যাত্ৰী (এম পি পি এ) পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। যাৰ ফলত ই হৈ পৰিছে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ এই ধৰণৰ প্ৰথম বিমানবন্দৰ টাৰ্মিনেল।