শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ধিং কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুলৰ মৃত্যুৰ তদন্ত ঘোষণা, বৰ্তমানেও পলাতক আন দুই অভিযুক্ত

ধিং কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ মৃত্যুক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিতে এতিয়া এই ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে।

ধিং কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুলৰ মৃত্যুৰ তদন্ত ঘোষণা, বৰ্তমানেও পলাতক আন দুই অভিযুক্ত
ধিং কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যুৰ তদন্ত ঘোষণা
trishna-kalita
Trishna Kalita | Published: 28 Aug 2024 15:35 PM

ধিং কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ মৃত্যুৰ তদন্ত ঘোষণা। হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক দিয়া হৈছে তদন্তৰ দায়িত্ব। আৰক্ষীয়ে তদন্তৰ বাবে লৈ যোৱা অৱস্থাতে সংঘটিত হৈছিল এই ঘটনা।
পানীত জঁপিয়াই পলায়নৰ চেষ্টা কৰোঁতেই মৃত্যু হৈছিল তাফাজ্জুলৰ। বৰ্তমানেও পলাতক দুই অভিযুক্ত গোলাপ উদ্দিন, ফৰিদুল ইছলাম।

খবৰ অনুসৰি, আৰক্ষীয়ে অভিযুক্ত তফাজ্জুলক ২৪ আগষ্টৰ পুৱা প্ৰায় চাৰি বজাত এই জঘন্য ধৰ্ষণকাণ্ড সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ গৈছিল আৰু সেই সময়তে আৰক্ষীৰ পৰা পলায়নৰ চেষ্টা কৰি তফজ্জুলে ঘটনাস্থলীৰ সমীপৰ এটা পুখুৰীত জাঁপ দিয়ে। ইয়াৰ ফলত অভিযুক্ত তফজ্জুল ইছলামৰ মৃত্যু হোৱা বুলি সদৰী কৰে আৰক্ষীয়ে। প্ৰায় দুই ঘণ্টাজোৰা অভিযানৰ অন্তত অভিযুক্তৰ মৃতদেহ উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। এই ঘটনাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিতে এতিয়া এই ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে।

উল্লেখ্য যে, যোৱা ২২ আগষ্টত সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথতে দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক তিনি যুৱকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। নগাঁও জিলাত ধিঙত সংঘটিত হৈছিল এই নাৰকীয় কাণ্ড। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছতে কিশোৰীগৰাকীক মুমূৰ্ষু অৱস্থাত পথৰ কাষত পেলাই থৈ গৈছিল তিনি অভিযুক্তই। পথচাৰীয়ে উলংগ অৱস্থাত পৰি থকা নাবালিকাগৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষী উপস্থিত হৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰে আৰু ধিং চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।

এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদৰ। ঘটনা সংঘটিত হোৱা ধিং অঞ্চলৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো দোষীৰ কঠোৰ শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ। ইফালে এই ঘটনাৰ পিছতেই ধিং বন্ধ ঘোষণা কৰিছিল আছুৱে। আজিও ৰাজ্যৰ ঠায়ে ঠায়ে অব্যাহত আছে প্ৰতিবাদ। ঘটনাত জড়িত আন দুই অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে। পলাতক দুই অভিযুক্ত গোলাপ উদ্দিন, ফৰিদুল ইছলাম। পলাতক এই দুই অভিযুক্তৰ সন্ধানত অনুসন্ধান অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ইফালে ঘটনাক লৈ তফজ্জুলৰ মৃত্যু পাছতে তিনিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ধিঙৰ বৰভেটিৰ ৰাইজে । কেৱল জানাজাত অংশগ্ৰহণ নকৰাই নহয় কোনো ৰাজহুৱা কবৰস্থানত তফজ্জুলৰ কবৰ দিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে গাঁৱৰ ৰাইজে । ইয়াৰ সমান্তৰালভাৱে অপৰাধীৰ পৰিয়ালটোক সমাজৰ পৰা এঘৰীয়া কৰাৰো সিদ্ধান্ত গ্ৰহণ বৰভেটিৰ ৰাইজৰ ।

ঘটনাৰ পাছতে দোষীৰ বিৰুদ্ধে দ্ৰুত কঠোৰ ব্যৱস্থাৰ নিৰ্দেশনা দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘটনাৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকাই ধিং ভ্ৰমণ কৰি ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।

Latest News