শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এয়া “পৰাজয়ৰ ভয়” ! ব্ৰিটিছ পত্নীৰ বিতৰ্কক লৈ পুনৰ মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ গৌৰৱ গগৈৰ

সামাজিক মাধ্য়মৰ জৰিয়তে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে সাংসদ গৌৰৱ গগৈয়ে । সাংসদগৰাকীৰ ব্ৰিটিছ পত্নীৰ আই এছ আইৰ সৈতে সম্পৰ্ক থকা বুলি উত্থাপিত কথিত অভিযোগৰ বিষয়টো এক প্ৰকাৰে ৰাজনৈতিক বুলি ক'ব খুজিছে গৌৰৱ গগৈয়ে ।

এয়া “পৰাজয়ৰ ভয়” ! ব্ৰিটিছ পত্নীৰ বিতৰ্কক লৈ পুনৰ মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ গৌৰৱ গগৈৰ
হিমন্তক কটাক্ষ গৌৰৱ গগৈৰ
manas-borah
Manas Borah | Updated On: 18 Feb 2025 17:09 PM

ব্ৰিটিছ পত্নীৰ আই এছ আইৰ সৈতে সম্পৰ্ক থকা বুলি কথিত বিতৰ্কৰ মাজতে সামাজিক মাধ্য়মৰ জৰিয়তে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে সাংসদ গৌৰৱ গগৈয়ে । সাংসদগৰাকীৰ ব্ৰিটিছ পত্নীৰ আই এছ আইৰ সৈতে সম্পৰ্ক থকা বুলি উত্থাপিত কথিত অভিযোগৰ বিষয়টো এক প্ৰকাৰে ৰাজনৈতিক বুলি ক’ব খুজিছে গৌৰৱ গগৈয়ে । মঙলবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে দাবী কৰে যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ “পৰাজয়ৰ ভয়” হৈছে শেহতীয়া পৰিস্থিতিৰ আঁৰৰ মূল কাৰণ।

উল্লেখ্য যে, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সাংসদগৰাকীৰ ব্ৰিটিছ পত্নী এলিজাবেথ ক’লবাৰ্নৰ সম্পৰ্ক থকাৰ অভিযোগক লৈ সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে আক্ৰমণ চলাই আহিছে। এইলৈ পুনৰ সামাজিক মাধ্য়মত মুখ্যমন্ত্ৰী শৰ্মাক উদ্দেশ্যি গৌৰৱ গগৈয়ে কয়, “অসমৰ বিজেপি চৰকাৰে এই অভিযোগৰ তদন্ত কৰিব পাৰে। শেহতীয়া পৰিস্থিতিৰ আঁৰৰ প্ৰকৃত কাৰণ প্ৰতিজন অসমীয়াই জানে।”

তেওঁ মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰি কয়, “হিমন্ত বিশ্ব শৰ্মাই আশংকা কৰিছে যে তেওঁ নিজৰ চকী হেৰুৱাব আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ ৰাইজৰ ন্যায়ৰ সন্মুখীন হ’ব লাগিব।”

উল্লেখ্য যে, পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ তদন্তৰ বাবে সোমবাৰে অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল গঠন কৰে। ইয়াৰ পূৰ্বে অসম কেবিনেটে দেওবাৰে সাংসদগৰাকী বা তেওঁৰ ব্ৰিটিছ পত্নীৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু নকৰাৰ সিদ্ধান্ত লয় যদিও পাকিস্তানী নাগৰিকজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিবলৈ ডিজিপিক নিৰ্দেশ দিছিল। ব্ৰিটিছ নাগৰিক হোৱাৰ পিছতো পূৰ্বৰ কলিয়াবৰ সমষ্টিত লোকসভা নিৰ্বাচনী প্ৰচাৰত কলবাৰ্নে অংশগ্ৰহণৰ তদন্তৰ বাবে কেন্দ্ৰলৈ পত্ৰ লিখিব বুলিও ৰাজ্য চৰকাৰে ঘোষণা কৰে।

ইফালে, পাকিস্তান পৰিকল্পনা আয়োগৰ উপদেষ্টা তথা ক’লবাৰ্নৰ প্ৰাক্তন সহকৰ্মী শ্বেখৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছিল অসম আৰক্ষীয়ে ।

এই গোচৰ ৰুজু কৰাৰ পাছতে সোমবাৰে এক সংবাদমেলত সম্বোধন কৰি লোকসভাৰ সাংসদগৰাকীয়ে দাবী কৰিছিল যে, মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিদিনে নিজৰ স্থিতি সলনি কৰি আহিছে। “পূৰ্বতে মুখ্যমন্ত্ৰীয়ে মোক আক্ৰমণ কৰিছিল আৰু মই খলনায়ক আছিলোঁ। কিন্তু কালিৰ পৰা তেওঁ মোক ভুক্তভোগী কৰি তুলিছে।” সংবাদমেলত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সাংসদ গৌৰৱ গগৈয়ে ।

ইফালে, গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, বিৰোধী নেতাগৰাকী বৃহত্তৰ “ভাৰত বিৰোধী” ষড়যন্ত্ৰৰ বলি হ’ব পাৰে আৰু তেওঁৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । একে সময়তে গোচৰৰ তদন্তত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।