শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২১ মাৰ্চত ল’ব সিদ্ধান্ত ! উচ্চ পৰ্যায়ত বিবেচনাধীন বিদেশী বিতাড়নৰ বিষয়, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

অসমত ঘোষিত বিদেশীক বিতাড়নৰ বিষয়টো “উচ্চ পৰ্যায়ত” বিবেচনাধীন হৈ আছে বুলি মঙলবাৰে উচ্চতম ন্যায়ালয়ক জানিবলৈ দিয়ে কেন্দ্ৰয় । সিদ্ধান্তক লৈ কি ক'লে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ?

২১ মাৰ্চত ল’ব সিদ্ধান্ত ! উচ্চ পৰ্যায়ত বিবেচনাধীন বিদেশী বিতাড়নৰ বিষয়, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
উচ্চতম ন্যায়ালয়
manas-borah
Manas Borah | Updated On: 25 Feb 2025 22:19 PM

“অসমত ঘোষিত বিদেশীক বিতাড়নৰ বিষয়টো “উচ্চ পৰ্যায়ত” বিবেচনাধীন হৈ আছে ।” মঙলবাৰে এই কথা উচ্চতম ন্যায়ালয়ক জানিবলৈ দিয়ে কেন্দ্ৰয় । ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ সন্মুখত হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, চিনাক্ত বিদেশীক বিতাড়নৰ সন্দৰ্ভত ২১ মাৰ্চৰ ভিতৰত সিদ্ধান্ত লোৱা সম্ভাৱনা আছে ।

সেয়েহে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই অতিৰিক্ত সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন জনায় । এই আবেদনৰ সহাঁৰি জনাই কেন্দ্ৰৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰি বিষয়টো পৰৱৰ্তী শুনানি ২১ মাৰ্চলৈ পিছুৱাই দিয়ে । যোৱা ৪ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে ঘোষিত বিদেশীক অনিৰ্দিষ্টকাললৈ ডিটেনচন চেণ্টাৰত ৰখাৰ লগতে বিতাড়ন নকৰাৰ বাবে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে।

লগতে আদালতে কয় যে, আটকাধীন লোকসকলক বিদেশী বুলি চিনাক্ত কৰাৰ পিছত তেওঁলোকক তৎকালীনভাৱে বিতাড়ন কৰা উচিত। যোৱা ২২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে মাটিয়া ট্ৰেনজিট কেম্পত থকা ২৭০জন বিদেশীক আটক কৰাৰ কাৰণ উল্লেখ নকৰাৰ বাবে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল । বিদেশী ঘোষিত ব্যক্তিক বিতাড়ন আৰু অসমৰ ট্ৰেনজিট কেম্পত থকা সা-সুবিধা সন্দৰ্ভত এক আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়তে এই প্ৰশ্ন কৰিছিল উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ।

২০২৪ চনৰ ১৬ মে’ত এই গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে মাটিয়া ট্ৰেনজিট কেম্পত থকা ১৭ জন বিদেশীক বিতাড়নৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰি দুবছৰতকৈ অধিক সময় শিবিৰত থকাসকলক বিতাড়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ কৈছিল উচ্চতম ন্যায়ালয়ে ।